--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগামত সিদিনা বন্দুকৰ এটা এটা গুলীয়ে উৰুৱাইছিল ভাৰতীয় নাৰীৰ শিৰৰ সেন্দূৰ ৷যা মোদীক কগৈ বুলি উকা কপালেৰে সন্ত্ৰাসবাদীয়ে উভতাই পঠাইছিল মহিলাক ৷ তাৰেই প্ৰতিশোধৰ নাম 'অপাৰেচন সেন্দূৰ' ৷

প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই দিছিল 'অপাৰেচন সেন্দূৰ'ৰ নাম ৷ পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতৰ ভয়ংকৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত ভাৰতে এই সামৰিক অভিযানৰ নাম ‘অপাৰেচন সেন্দূৰে’ই কিয় থ'লে ? 

অভিযানৰ নামটো বুজিবলৈ আমি উভতি যাব লাগিব ২২ এপ্ৰিলৰ সেই নৰকীয় নিশাটোলৈ।‌ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাইৰেল হোৱা প্ৰথম ছবিলৈ ৷ কাশ্মীৰৰ সুন্দৰ উপত্যকাৰ মাজত বহি আছিল অসহায় এগৰাকী মহিলা। মহিলাগৰাকীৰ কাষতে পৰি আছিল তেওঁৰ স্বামীৰ মৃতদেহ। 

সেই নৰকীয় ঘটনাৰ বলি হোৱা কেইবাজনো পৰ্যটকৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁলোকো মৃত্যুশয্যাতে স্বামীৰ লগত থাকিব বিচাৰে বুলি কৈছিল সন্ত্ৰাসবাদীকেইটাক । কিন্তু উগ্ৰবাদীয়ে হত্যা কৰিব বিচৰা নাছিল মহিলা কেইগৰাকীক ৷ বৰঞ্চ তেওঁলোকক ওলোটাই কৈছিল-'যা মোদীক কগৈ' ৷ চকুৰ আগত স্বামীৰ মৃত্যু হোৱা দেখিছিল কেইবাগৰাকীও মহিলাই। বন্দুকৰ এটা এটা গুলীয়ে উৰুৱাইছিল ভাৰতীয় নাৰীৰ শিৰৰ সেন্দূৰ ।‌

তাৰেই প্ৰতিশোধ হিচাপে ভাৰতে মাজনিশা চলোৱা অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন সেন্দূৰ’। এই অভিযানৰ নাম প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই দিছিল। সন্ত্ৰাসবাদীয়ে বহু মহিলাক বিধৱা কৰি উকা কৰিছিল তেওঁলোকৰ কপাল। এই কাৰণেই প্ৰধানমন্ত্ৰীয়ে এই সামৰিক অভিযানৰ নাম ৰাখিলে ‘ অপাৰেচন সেন্দূৰ’। নাৰীৰ সন্মান আৰু মৰ্যাদা ৰক্ষাৰ্থে দেশে কি পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰেই অন্যতম উদাহৰণ হৈ ৰ'ল অপাৰেচন সেন্দূৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ