--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগামত সিদিনা বন্দুকৰ এটা এটা গুলীয়ে উৰুৱাইছিল ভাৰতীয় নাৰীৰ শিৰৰ সেন্দূৰ ৷যা মোদীক কগৈ বুলি উকা কপালেৰে সন্ত্ৰাসবাদীয়ে উভতাই পঠাইছিল মহিলাক ৷ তাৰেই প্ৰতিশোধৰ নাম 'অপাৰেচন সেন্দূৰ' ৷

প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই দিছিল 'অপাৰেচন সেন্দূৰ'ৰ নাম ৷ পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতৰ ভয়ংকৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত ভাৰতে এই সামৰিক অভিযানৰ নাম ‘অপাৰেচন সেন্দূৰে’ই কিয় থ'লে ? 

অভিযানৰ নামটো বুজিবলৈ আমি উভতি যাব লাগিব ২২ এপ্ৰিলৰ সেই নৰকীয় নিশাটোলৈ।‌ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাইৰেল হোৱা প্ৰথম ছবিলৈ ৷ কাশ্মীৰৰ সুন্দৰ উপত্যকাৰ মাজত বহি আছিল অসহায় এগৰাকী মহিলা। মহিলাগৰাকীৰ কাষতে পৰি আছিল তেওঁৰ স্বামীৰ মৃতদেহ। 

সেই নৰকীয় ঘটনাৰ বলি হোৱা কেইবাজনো পৰ্যটকৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁলোকো মৃত্যুশয্যাতে স্বামীৰ লগত থাকিব বিচাৰে বুলি কৈছিল সন্ত্ৰাসবাদীকেইটাক । কিন্তু উগ্ৰবাদীয়ে হত্যা কৰিব বিচৰা নাছিল মহিলা কেইগৰাকীক ৷ বৰঞ্চ তেওঁলোকক ওলোটাই কৈছিল-'যা মোদীক কগৈ' ৷ চকুৰ আগত স্বামীৰ মৃত্যু হোৱা দেখিছিল কেইবাগৰাকীও মহিলাই। বন্দুকৰ এটা এটা গুলীয়ে উৰুৱাইছিল ভাৰতীয় নাৰীৰ শিৰৰ সেন্দূৰ ।‌

তাৰেই প্ৰতিশোধ হিচাপে ভাৰতে মাজনিশা চলোৱা অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন সেন্দূৰ’। এই অভিযানৰ নাম প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই দিছিল। সন্ত্ৰাসবাদীয়ে বহু মহিলাক বিধৱা কৰি উকা কৰিছিল তেওঁলোকৰ কপাল। এই কাৰণেই প্ৰধানমন্ত্ৰীয়ে এই সামৰিক অভিযানৰ নাম ৰাখিলে ‘ অপাৰেচন সেন্দূৰ’। নাৰীৰ সন্মান আৰু মৰ্যাদা ৰক্ষাৰ্থে দেশে কি পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰেই অন্যতম উদাহৰণ হৈ ৰ'ল অপাৰেচন সেন্দূৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত