--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপাৰেচন সেন্দূৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই অভিযানৰ বিষয়ে তেওঁ ৰাষ্ট্ৰপতিক অৱগত কৰে। আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ডিজিপি আৰু মুখ্য সচিবসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে অমিত শ্বাহে নিৰাপত্তাৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰেও বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে।

ভাৰতীয় সেনাই মঙলবাৰ আৰু বুধবাৰে নিশা পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হৈছে। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। ইয়াত জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু লাডাখ আৰু জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰসকল অন্তৰ্ভুক্ত আছিল।

অপাৰেচন সেন্দূৰৰ সময়ত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস

পাকিস্তানৰ ইটাক শিলেৰে প্ৰত্যুত্তৰ দিলে ভাৰতে। পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান সেনাই ধ্বংস কৰিছে। ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰে এই অভিযানত বিপুল লোকচানৰ সন্মুখীন হৈছে। তেওঁৰ পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যু হৈছে। অপাৰেচন সেন্দূৰৰ সময়ত সেনাই কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছিল,পাকিস্তানী সেনাক কোনো ধৰণে লক্ষ্য কৰি লোৱা হোৱা নাছিল।


বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰে। ইয়াৰ পূৰ্বে পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে চিচিএছৰ বৈঠক অনুষ্ঠিত কৰিছিল। তেওঁ কেবিনেট বৈঠকতো অংশ লয়। ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও উপস্থিত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ