--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপাৰেচন সেন্দূৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। এই অভিযানৰ বিষয়ে তেওঁ ৰাষ্ট্ৰপতিক অৱগত কৰে। আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ডিজিপি আৰু মুখ্য সচিবসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে অমিত শ্বাহে নিৰাপত্তাৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰেও বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে।

ভাৰতীয় সেনাই মঙলবাৰ আৰু বুধবাৰে নিশা পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে। এই আক্ৰমণত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হৈছে। এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। ইয়াত জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু লাডাখ আৰু জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰসকল অন্তৰ্ভুক্ত আছিল।

অপাৰেচন সেন্দূৰৰ সময়ত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস

পাকিস্তানৰ ইটাক শিলেৰে প্ৰত্যুত্তৰ দিলে ভাৰতে। পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান সেনাই ধ্বংস কৰিছে। ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰে এই অভিযানত বিপুল লোকচানৰ সন্মুখীন হৈছে। তেওঁৰ পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যু হৈছে। অপাৰেচন সেন্দূৰৰ সময়ত সেনাই কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছিল,পাকিস্তানী সেনাক কোনো ধৰণে লক্ষ্য কৰি লোৱা হোৱা নাছিল।


বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰে। ইয়াৰ পূৰ্বে পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে চিচিএছৰ বৈঠক অনুষ্ঠিত কৰিছিল। তেওঁ কেবিনেট বৈঠকতো অংশ লয়। ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংও উপস্থিত আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত