--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত মঙলবাৰে নিশা চলোৱা অভিযানৰ পাছতো অব্যাহত আছে অপাৰেশ্যন সিন্দূৰ।  অৰ্থাৎ, অভিযান এতিয়াও শেষ হোৱা নাই।

ইফালে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে বি এছ এফ, চি আৰ পি এফ, আই টি বি টি, এছ এছ বি আৰু চি আই এছ এফকে ধৰি সকলো অর্ধসামৰিক বাহিনীৰ জোৱানৰ ছুটী বাতিল কৰা হৈছে। গৃহ মন্ত্ৰালয়ে দিয়া নির্দেশটোত অর্ধসামৰিক বাহিনীৰ জোৱানসকলক সতর্কতাৰে কৰ্তব্যত উপস্থিত থাকিবলৈ আৰু সীমামূৰীয়া স্থানসমূহত সর্বাধিক উপস্থিতিৰ বিষয়ে কোৱা হৈছে। জম্মু আৰু কাশ্মীৰ, পঞ্জাব, বিমান বন্দৰ, মেট্ৰ' আৰু স্পৰ্শকাতৰ প্ৰতিষ্ঠানসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

ইফালে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি পাকিস্তান আৰু নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-ৰাজ্যপালসকলৰ সৈতে আলোচনা কৰে। বৈঠকত ৰাজ্যসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা যোগান অব্যাহত ৰাখিবলৈ আৰু যিকোনো পৰিস্থিতিৰ সৈতে এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, হ'মগার্ড আৰু এন চি চিৰ দৰে উদ্ধাৰ আৰু সাহায্যকাৰী বাহিনীসমূহক এলার্ট হৈ থকাৰ নিৰ্দেশ দিয়া হয়। ইয়াৰ লগতে সামাজিক মাধ্যমতো ৰাষ্ট্ৰ-বিৰোধী প্ৰচাৰৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিবলৈ কোৱা হৈছে। পাকিস্তানী নেতাসকলে ভাৰতত আক্ৰমণ নকৰাৰ ইংগিত দিলেও দেশত সতর্কতা অব্যাহত আছে।

ইয়াৰ অধীনত বুধবাৰে কেইবাখনো ৰাজ্যৰ প্ৰায় ১৮টা বিমান বন্দৰত বিমানৰ উৰণ বন্ধ ঘোষণা কৰা হয়। ইয়াৰ লগতে বিমানৰ প্রায় ৪৩০টা উৰণ বাতিল কৰা হয়। ইফালে পাকিস্তানত ভাৰতৰ আক্রমণত নিহত হোৱা সন্ত্রাসবাদীৰ জানাজাত দেশখনৰ সেনা বাহিনী তথা আৰক্ষীৰ লোককো উপস্থিত থকা দেখা গৈছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ