--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাফেল নাডাল। ৩৫ বছৰ বয়সতো এক দুৰন্ত তৰুণ। মূৰত বেণ্ড পৰিধান কৰি বাওঁহাতৰ ৰেকেটেৰে প্ৰতিপক্ষক থৰকাচুটি হেৰুৱাব পৰাকৈ এতিয়াও সক্ষম নাডাল। তাতে প্ৰিয় ক্লে’ কোৰ্টৰ ফ্ৰেঞ্চ অপেন! প্ৰতিযোগিতাখনৰ ইতিহাসত ইতিমধ্যেই অবিসম্বাদী সম্ৰাট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে স্পেনিচ তাৰকাগৰাকীয়ে। সেয়ে টেনিছ বিশ্বত তেওঁ জনাজাত “ক্লে’ ক’ৰ্টৰ বাদশ্বাহ” অভিধাৰে। এই অভিধা অক্ষুণ্ণ ৰাখি আকৌ এবাৰ চলিত ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে নাডালে। 

কোৱাৰ্টাৰ ফাইনেলত নাডালে আকৌ পৰাস্ত কৰিছে তেওঁৰ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দী তথা বিশ্বৰ শীৰ্ষ স্থানৰ ন’ভাক জক’ভিচক। স্বাভাৱিকতেই নাডাল-জক’ভিচ যুঁজ মানে তীব্ৰ উত্তেজনাপূৰ্ণ মেচ। এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকে আজিৰ মেচতো। অভিলেখ সংখ্যক ১৩ বাৰৰ ফেঞ্চ অপেন চেম্পিয়ন নাডালে সুদীৰ্ঘ ৪ ঘণ্টা ১২ মিনিটৰ যুঁজখনত চাৰিটা ছেটৰ অন্তত জক’ভিচক পৰাস্ত কৰি কেৰিয়াৰৰ ১৫ সংখ্যক ফ্ৰেঞ্চ অপেনৰ ছেমি ফাইনেলত উপনীত হয় নাডাল। স্পেনিছ তাৰকাজনে ৬-২, ৪-৬, ৬-২, ৭-৬ (৭/৪)ব্যৱধানত পৰাস্ত কৰে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ জক’ভিচক। 

উল্লেখ্য যে জক’ভিচৰ বিৰুদ্ধে ফ্ৰেঞ্চ অপেনত দহবাৰৰ মুখামুখিত আজিৰ সৈতে ১০ খন মেচৰ  অষ্টম বিজয় সাব্যস্ত কৰে নাডালে। তদুপৰি যোৱা বছৰৰ ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত জক’ভিচৰ বিৰুদ্ধেই পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছিল নাডালে। আজিৰ জয়েৰে তেওঁ এই পৰাজয়ৰো পোতক তোলে। 

আনহাতে কেৰিয়াৰত দুয়োগৰাকী কিংবদন্তী তাৰকা আজি ৫৯ সংখ্যক বাৰৰ বাবে মুখামুখি হৈছিল। আজিৰ জয়েৰে নাডালে জক’ভিচৰ বিৰুদ্ধে কেৰিয়াৰ ৰেকৰ্ড ২৯-৩০ লৈ হ্ৰাস কৰে।

কোৱাৰ্টাৰৰ এই ধ্ৰুপদী যুঁজখনত জয়ৰ পাছতে নাডালে কয়, "মই অতি আৱেগিক। মোৰ বাবে ইয়াত খেলাৰ অনুভৱ অবিশ্বাস্য।" 

জক’ভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা সন্দৰ্ভত নাডালে কয়, "জক’ভিচৰ বিৰুদ্ধে খেলাটো সদায়ে এক অবিশ্বাস্য প্ৰত্যাহ্বান। ন’ভাকৰ বিৰুদ্ধে জয়ী হোৱাৰ একমাত্ৰ উপায় হৈছে প্ৰথম পইণ্টৰ পৰা শেষলৈকে আপোনাৰ সৰ্বশ্ৰেষ্ঠ খেলৰ প্ৰদৰ্শন।”

উল্লেখ্য যে ২০০৫ চনত ফ্ৰেঞ্চ অপেনত অভিষেক ঘটোৱাৰ পিছত প্ৰতিযোগিতাখনত তেওঁৰ ১১৩ খন খেলৰ মাত্ৰ তিনিখনতহে পৰাজিত হৈছে নাডাল।

আনহাতে মেচখনত পৰাজয়ৰ পাছতে জক’ভিচে নাডালক অভিনন্দন জনায়। জক’ভিচে কয়, "ৰাফাক অভিনন্দন, গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁ ভাল খেল প্ৰদৰ্শন কৰে। তেওঁ কিয় এজন মহান চেম্পিয়ন, সেয়া তেওঁ প্ৰমাণ কৰিছে। তেওঁ ইয়াৰ যোগ্য।"

কেৰিয়াৰৰ ২২ সংখ্যক গ্ৰেণ্ডশ্লেমৰ সন্ধানত থকা নাডাল শুকুৰবাৰে ছেমিফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভৰ সন্মুখীন হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ