--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাফেল নাডাল। ৩৫ বছৰ বয়সতো এক দুৰন্ত তৰুণ। মূৰত বেণ্ড পৰিধান কৰি বাওঁহাতৰ ৰেকেটেৰে প্ৰতিপক্ষক থৰকাচুটি হেৰুৱাব পৰাকৈ এতিয়াও সক্ষম নাডাল। তাতে প্ৰিয় ক্লে’ কোৰ্টৰ ফ্ৰেঞ্চ অপেন! প্ৰতিযোগিতাখনৰ ইতিহাসত ইতিমধ্যেই অবিসম্বাদী সম্ৰাট হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে স্পেনিচ তাৰকাগৰাকীয়ে। সেয়ে টেনিছ বিশ্বত তেওঁ জনাজাত “ক্লে’ ক’ৰ্টৰ বাদশ্বাহ” অভিধাৰে। এই অভিধা অক্ষুণ্ণ ৰাখি আকৌ এবাৰ চলিত ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে নাডালে। 

কোৱাৰ্টাৰ ফাইনেলত নাডালে আকৌ পৰাস্ত কৰিছে তেওঁৰ আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দী তথা বিশ্বৰ শীৰ্ষ স্থানৰ ন’ভাক জক’ভিচক। স্বাভাৱিকতেই নাডাল-জক’ভিচ যুঁজ মানে তীব্ৰ উত্তেজনাপূৰ্ণ মেচ। এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকে আজিৰ মেচতো। অভিলেখ সংখ্যক ১৩ বাৰৰ ফেঞ্চ অপেন চেম্পিয়ন নাডালে সুদীৰ্ঘ ৪ ঘণ্টা ১২ মিনিটৰ যুঁজখনত চাৰিটা ছেটৰ অন্তত জক’ভিচক পৰাস্ত কৰি কেৰিয়াৰৰ ১৫ সংখ্যক ফ্ৰেঞ্চ অপেনৰ ছেমি ফাইনেলত উপনীত হয় নাডাল। স্পেনিছ তাৰকাজনে ৬-২, ৪-৬, ৬-২, ৭-৬ (৭/৪)ব্যৱধানত পৰাস্ত কৰে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ জক’ভিচক। 

উল্লেখ্য যে জক’ভিচৰ বিৰুদ্ধে ফ্ৰেঞ্চ অপেনত দহবাৰৰ মুখামুখিত আজিৰ সৈতে ১০ খন মেচৰ  অষ্টম বিজয় সাব্যস্ত কৰে নাডালে। তদুপৰি যোৱা বছৰৰ ফ্ৰেঞ্চ অপেনৰ ছেমিফাইনেলত জক’ভিচৰ বিৰুদ্ধেই পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছিল নাডালে। আজিৰ জয়েৰে তেওঁ এই পৰাজয়ৰো পোতক তোলে। 

আনহাতে কেৰিয়াৰত দুয়োগৰাকী কিংবদন্তী তাৰকা আজি ৫৯ সংখ্যক বাৰৰ বাবে মুখামুখি হৈছিল। আজিৰ জয়েৰে নাডালে জক’ভিচৰ বিৰুদ্ধে কেৰিয়াৰ ৰেকৰ্ড ২৯-৩০ লৈ হ্ৰাস কৰে।

কোৱাৰ্টাৰৰ এই ধ্ৰুপদী যুঁজখনত জয়ৰ পাছতে নাডালে কয়, "মই অতি আৱেগিক। মোৰ বাবে ইয়াত খেলাৰ অনুভৱ অবিশ্বাস্য।" 

জক’ভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা সন্দৰ্ভত নাডালে কয়, "জক’ভিচৰ বিৰুদ্ধে খেলাটো সদায়ে এক অবিশ্বাস্য প্ৰত্যাহ্বান। ন’ভাকৰ বিৰুদ্ধে জয়ী হোৱাৰ একমাত্ৰ উপায় হৈছে প্ৰথম পইণ্টৰ পৰা শেষলৈকে আপোনাৰ সৰ্বশ্ৰেষ্ঠ খেলৰ প্ৰদৰ্শন।”

উল্লেখ্য যে ২০০৫ চনত ফ্ৰেঞ্চ অপেনত অভিষেক ঘটোৱাৰ পিছত প্ৰতিযোগিতাখনত তেওঁৰ ১১৩ খন খেলৰ মাত্ৰ তিনিখনতহে পৰাজিত হৈছে নাডাল।

আনহাতে মেচখনত পৰাজয়ৰ পাছতে জক’ভিচে নাডালক অভিনন্দন জনায়। জক’ভিচে কয়, "ৰাফাক অভিনন্দন, গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁ ভাল খেল প্ৰদৰ্শন কৰে। তেওঁ কিয় এজন মহান চেম্পিয়ন, সেয়া তেওঁ প্ৰমাণ কৰিছে। তেওঁ ইয়াৰ যোগ্য।"

কেৰিয়াৰৰ ২২ সংখ্যক গ্ৰেণ্ডশ্লেমৰ সন্ধানত থকা নাডাল শুকুৰবাৰে ছেমিফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভৰ সন্মুখীন হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰৰ বাবে মহৌষধ হালধি! আচাৰ্য বালকৃষ্ণই জনালে কেনেদৰে কৰিব লাগে ব্যৱহাৰ
১০ মাহত ৮৯৯ কৃষকৰ আত্মহত্যা মহাৰাষ্ট্ৰত, ৮ জিলাত বৃষ্টিপাত-বানৰ বাবে শস্য নষ্ট
দেশত প্রতি আঠ মিনিটত এটিকে শিশু নিখোঁজ, ৯ ডিচেম্বৰৰ ভিতৰত আৱশ্যকীয় কাৰ্যপন্থা ল'বলৈ কেন্দ্রক নির্দেশ উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত জঘন্য ঘটনা; দুই যুৱকৰ কামনাৰ বলি নাবালিকা
এম জি এনৰেগাৰ ডাটাবেছৰ পৰা প্ৰায় ২৭ লাখ শ্রমিকৰ নাম কৰ্তন
মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান
হাজো আৰক্ষী আৰু দদৰা আৰক্ষীৰ বৃহৎ সফলতা; আৰক্ষীয়ে খেদি খেদি ধৰিলে মহানগৰীৰ পৰা লাখ লাখ টকাৰ বেটাৰী কঢ়িওৱা হাইজেক হোৱা ট্ৰাক
ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন
দিল্লী বিস্ফোৰণৰ আঁৰত পাকিস্তানী ঔৰংজেৱ
বিহাৰ নিৰ্বাচনৰ ফলাফলৰ বিষয়ে জানো আহক
ক্ষুদ্র চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য দিবলৈ দাবী
২০২৬ত বিজেপিৰ লক্ষ্য পশ্চিম বংগ
কনিষ্ঠতম বিধায়িকাৰ স্বীকৃতি পালে মৈথিলী ঠাকুৰে, লোকসংগীতৰ শিল্পীৰ পৰা ৰাজনীতিক হোৱাৰ যাত্ৰা
বালাজান আৰক্ষীৰ সফলতা; বৃহৎপৰিমাণৰ গাঁজাসহ আটক সৰবৰাহকাৰী কুতুবউদ্দিন আলী