--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত প্ৰতিযোগিতাৰ ইতিহাসত আটাইতকৈ বেয়া প্ৰদৰ্শনৰ শিৰোনামত আছে মুম্বাই ইণ্ডিয়ানছ। ৰোহিত শৰ্মাৰ দলে একেৰাহে আঠখন মেচত পৰাস্ত হৈ সৰ্বকালৰ লজ্জাজনক অভিলেখ গঢ়িছে। ইয়াৰ মাজতে মুম্বাইলৈ আহিছে এটা ভাল খবৰ। ২০২২ চনৰ আইপিএলৰ আটাইতকৈ মূল্যৱান দল হিচাপে স্বীকৃতি দিছে ফৰ্বচে। মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজীৰ ব্ৰেণ্ড মূল্য ১.৩ বিলিয়ন আমেৰিকান ডলাৰ। দ্বিতীয় স্থানত থকা চিএছকেৰ ফ্ৰেঞ্চাইজীৰ ব্ৰেণ্ড মূল্য ১.১৫ বিলিয়ন আমেৰিকান ডলাৰ।

মুম্বাই আৰু চেন্নাইৰ পাছতে তালিকাখনৰ পিছত আছে কেকেআৰ (১.১ বিলিয়ন আমেৰিকান ডলাৰ), লক্ষ্ণৌ ছুপাৰ জায়ান্টছ (১.০৭৫ বিলিয়ন আমেৰিকান ডলাৰ), দিল্লী ৰাজধানী (১.০৩৫ বিলিয়ন আমেৰিকান ডলাৰ), আৰচিবি (১.০২৫ বিলিয়ন আমেৰিকান ডলাৰ), ৰাজস্থান ৰয়েলছ (১ বিলিয়ন আমেৰিকান ডলাৰ), ছানৰাইজাৰ্ছ হায়দৰাবাদ (৯৭০ নিযুত আমেৰিকান ডলাৰ), পাঞ্জাৱ কিংছ (৯২৫ নিযুত আমেৰিকান ডলাৰ) আৰু গুজৰাট টাইটানছ (৮০ নিযুত আমেৰিকান ডলাৰ)।

ফৰ্বছৰ মতে, আইপিএল বিনিয়োগকাৰীসকলৰ বাবে এখন স্বৰ্গ হৈ পৰিছে। ২০০৯ চনত আইপিএলৰ মূল্যাঙ্কন ৰাজহুৱা কৰা হৈছিল। প্ৰতিটো ফ্ৰেঞ্চাইজীৰ মূল্যাঙ্কন আছিল গড়ে ৬৭ মিলিয়ন আমেৰিকান ডলাৰ। বৰ্তমানৰ ১০ টা দলৰ লীগত প্ৰতিটো ফ্ৰেঞ্চাইজীৰ বৰ্তমানৰ মূল্যাঙ্কন হৈছে ১.০৪ বিলিয়ন ডলাৰ। প্ৰতি বছৰে এই মূল্যাঙ্কন ২৪ শতাংশকৈ বৃদ্ধি হৈছে।

ব্ৰেণ্ড ফাইনেন্স ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ আজিমন ফ্ৰান্সিছে ফৰ্বছৰ এক প্ৰতিবেদনত কয়, ‘পৃষ্ঠপোষকতা আৰু মিডিয়াৰ আগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰত আইপিএল হৈছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ। এনবিএ আৰু ইউৰোপীয় ফুটবল লীগৰ পৰা ধাৰণা লোৱা আইপিএলৰ উদ্ভাৱকসকল এই কাৰণে ধন্যবাদৰ যোগ্য। বিচিচিআইয়ে ক’ভিডসৃষ্ট পৰিৱেশৰ সময়তো প্ৰতিযোগিতাখন সফলতাৰে পৰিচালনা কৰি বিনিয়োগকাৰীসকলৰ সন্মুখত নিজৰ স্থিতি আৰু দৃষ্টিভঙ্গী স্পষ্ট কৰি দিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ