--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত প্ৰতিযোগিতাৰ ইতিহাসত আটাইতকৈ বেয়া প্ৰদৰ্শনৰ শিৰোনামত আছে মুম্বাই ইণ্ডিয়ানছ। ৰোহিত শৰ্মাৰ দলে একেৰাহে আঠখন মেচত পৰাস্ত হৈ সৰ্বকালৰ লজ্জাজনক অভিলেখ গঢ়িছে। ইয়াৰ মাজতে মুম্বাইলৈ আহিছে এটা ভাল খবৰ। ২০২২ চনৰ আইপিএলৰ আটাইতকৈ মূল্যৱান দল হিচাপে স্বীকৃতি দিছে ফৰ্বচে। মুম্বাই ইণ্ডিয়ানছ ফ্ৰেঞ্চাইজীৰ ব্ৰেণ্ড মূল্য ১.৩ বিলিয়ন আমেৰিকান ডলাৰ। দ্বিতীয় স্থানত থকা চিএছকেৰ ফ্ৰেঞ্চাইজীৰ ব্ৰেণ্ড মূল্য ১.১৫ বিলিয়ন আমেৰিকান ডলাৰ।

মুম্বাই আৰু চেন্নাইৰ পাছতে তালিকাখনৰ পিছত আছে কেকেআৰ (১.১ বিলিয়ন আমেৰিকান ডলাৰ), লক্ষ্ণৌ ছুপাৰ জায়ান্টছ (১.০৭৫ বিলিয়ন আমেৰিকান ডলাৰ), দিল্লী ৰাজধানী (১.০৩৫ বিলিয়ন আমেৰিকান ডলাৰ), আৰচিবি (১.০২৫ বিলিয়ন আমেৰিকান ডলাৰ), ৰাজস্থান ৰয়েলছ (১ বিলিয়ন আমেৰিকান ডলাৰ), ছানৰাইজাৰ্ছ হায়দৰাবাদ (৯৭০ নিযুত আমেৰিকান ডলাৰ), পাঞ্জাৱ কিংছ (৯২৫ নিযুত আমেৰিকান ডলাৰ) আৰু গুজৰাট টাইটানছ (৮০ নিযুত আমেৰিকান ডলাৰ)।

ফৰ্বছৰ মতে, আইপিএল বিনিয়োগকাৰীসকলৰ বাবে এখন স্বৰ্গ হৈ পৰিছে। ২০০৯ চনত আইপিএলৰ মূল্যাঙ্কন ৰাজহুৱা কৰা হৈছিল। প্ৰতিটো ফ্ৰেঞ্চাইজীৰ মূল্যাঙ্কন আছিল গড়ে ৬৭ মিলিয়ন আমেৰিকান ডলাৰ। বৰ্তমানৰ ১০ টা দলৰ লীগত প্ৰতিটো ফ্ৰেঞ্চাইজীৰ বৰ্তমানৰ মূল্যাঙ্কন হৈছে ১.০৪ বিলিয়ন ডলাৰ। প্ৰতি বছৰে এই মূল্যাঙ্কন ২৪ শতাংশকৈ বৃদ্ধি হৈছে।

ব্ৰেণ্ড ফাইনেন্স ইণ্ডিয়াৰ মেনেজিং ডাইৰেক্টৰ আজিমন ফ্ৰান্সিছে ফৰ্বছৰ এক প্ৰতিবেদনত কয়, ‘পৃষ্ঠপোষকতা আৰু মিডিয়াৰ আগ্ৰহ বৃদ্ধিৰ ক্ষেত্ৰত আইপিএল হৈছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ক্ৰিকেট লীগ। এনবিএ আৰু ইউৰোপীয় ফুটবল লীগৰ পৰা ধাৰণা লোৱা আইপিএলৰ উদ্ভাৱকসকল এই কাৰণে ধন্যবাদৰ যোগ্য। বিচিচিআইয়ে ক’ভিডসৃষ্ট পৰিৱেশৰ সময়তো প্ৰতিযোগিতাখন সফলতাৰে পৰিচালনা কৰি বিনিয়োগকাৰীসকলৰ সন্মুখত নিজৰ স্থিতি আৰু দৃষ্টিভঙ্গী স্পষ্ট কৰি দিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন