--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ ফালপট্টি মাচুৱাৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হৈছে। 

১৪টা মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে কেইবাজনো লোকক জীৱন্তে উদ্ধাৰ কৰিছে।

কলকাতা আৰক্ষীয়ে জনোৱা মতে, হোটেলখনত মুঠ ৬০জন লোক আছিল। মৃতকৰ সংখ্যা ১৪ জন বুলি জানিব পৰা গৈছে, য’ত ১১ জন পুৰুষ, এগৰাকী মহিলা আৰু দুটা শিশু আছে। মুঠ ৮টা মৃতদেহ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে ১৩ জন লোক আহত হৈছে, ইয়াৰে ১২ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে আৰু এজনক ভৰ্তি কৰা হৈছে।

দহখন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিনে জুই নিয়ন্ত্ৰণলৈ আনিছিল যদিও পূব ভাৰতৰ সৰ্ববৃহৎ পাইকাৰী বজাৰ বাৰা বজাৰৰ জনবহুল অঞ্চলত জৰুৰীকালীন সেৱাসমূহে চলাচল কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। অগ্নিকাণ্ডৰ সময়ত হোটেলখনৰ খিৰিকী আৰু বেলকনিৰে জঁপিয়াই বহু লোকে নিজৰ প্ৰাণ বচায়। আৰক্ষী আয়ুক্তগৰাকীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ঘটনাৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰী তথা পশ্চিম বংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰে ৰাজ্য চৰকাৰক শীঘ্ৰে ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় আৰু ভৱিষ্যতে এনে মৰ্মান্তিক ঘটনা ৰোধ কৰিবলৈ অগ্নি সুৰক্ষা ব্যৱস্থাৰ ওপৰত “কঠোৰ নিৰীক্ষণ”ৰ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ