--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকক (Doctor) ভগৱানৰ দ্বিতীয় ৰূপ বুলি কোৱা হয়। চিকিৎসকে মানুহৰ প্ৰাণ ৰক্ষা কৰে। চিকিৎসকে মানুহক মৃত্যুমুখৰ পৰা ঘূৰাই লৈ আনে। এগৰাকী চিকিৎসকে নিজ জীৱন কালত কেইবাটাও কঠিন অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰি বহু ৰোগীৰ প্ৰাণৰক্ষা কৰিছিল। মানুহৰ মাজত তেওঁ চিকিৎসক হিচাপে যথেষ্ট জনপ্ৰিয় আছিল। জীয়াই থকা অৱস্থাত মানুহৰ বাবে ভগৱান হৈ পৰা চিকিৎসকগৰাকীয়ে মৃত্যুৰ পিছতো কৰি গল এক মানৱ সেৱা। তেওঁ জীৱন দি গ’ল তিনিগৰাকীকৈ ৰোগীক।

 
চিকিৎসকগৰাকী হৈছে কলকাতৰ শল্য চিকিৎসক সংযুক্তা শ্যাম ৰয়। দুদিন পূৰ্বে আকস্মিকভাৱে ‘ব্ৰেইন ডেড’ হৈ মৃত্যুক সাৱটি লয় ৪৩ বছৰীয়া সংযুক্তাই। এপোলো মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সূত্ৰ অনুসৰি সংযুক্তা শ্যাম ৰয় নিউ টাউনত থকা তেওঁৰ ঘৰত হৃদৰোগত আক্ৰান্ত হৈছিল আৰু ৩০ এপ্ৰিলত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। 

আনকি চিকিৎসকে তেওঁক পুনৰুজ্জীৱিত কৰিবলৈ সক্ষম হোৱাৰ পাছতো পৰৱৰ্তী সময়ত তেওঁৰ ‘ব্ৰেইন ডেড’ হৈ পৰিছিল। তাৰপাছতে সংযুক্তাৰ পৰিয়ালে তেওঁৰ শৰীৰৰ অংগ আন ৰোগীক দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।সংযুক্তা শ্যাম ৰয়ৰ যকৃত আৰু বৃক্ক তিনিজন ৰোগীৰ দেহত সংৰোপণ কৰা হয়। বৰ্তমান আটাইকেইজন ৰোগী সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। 


সংযুক্তাৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে ব্যক্তিগত চকু বেংকে। কোনো দৃষ্টিহীনক এই চকুৰ কৰ্ণিয়া দান কৰা হ’ব বুলি জানিবলৈ দিয়ে চকু চিকিৎসক ডা০ সমৰ বাচাকে। চিকিৎসক সংযুক্তা শ্যাম ৰয়ক সমগ্ৰ অঞ্চলজুৰি শ্ৰদ্ধা সহকাৰে স্মৰণ কৰিছে প্ৰতিজন ব্যক্তিয়ে। অতি অমায়িক চিকিৎসক সংযুক্তাৰ অকাল মৃত্যুত সকলোৱে কৰিছে শোক প্ৰকাশ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ