--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিডে কাল ৰূপ ধাৰণ কৰিছে উত্তৰ কোৰিয়াত। গুৰুতৰ সংক্ৰমণত নাজল-নাথল অৱস্থা উত্তৰ কোৰিয়াৰ। ইতিমধ্যে সেই দেশৰ প্ৰায় ৩৩ লাখ লোক ক’ভিডত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৬৯ জন লোকৰ। সেইবাবে কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা হাতত লৈছে কিম জং উনৰ প্ৰশাসনে। কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আকাশ-পাতাল সৰ্বত্ৰে পৰীক্ষা কৰিব লাগিব বুলি নিৰ্দেশ দিছে তেওঁৰ চৰকাৰে।

কিম জং উনৰ প্ৰশাসকৰ পৰা এনে নিৰ্দেশনা লাভ কৰি অনুসন্ধানত নামিছে স্বাস্থ্যকৰ্মীসকল। নদ-নদী, হ্ৰদ, জলাশয়তো কৰ’না ভাইৰাছৰ সন্ধান চলিবলৈ লৈছে। নলা-নৰ্দমাতো চলোৱা হৈছে অনুসন্ধান। স্বাস্থ্য বিশেষজ্ঞসকলে এনেবোৰ ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰি কৰ’না ভাইৰাছক বন্দী কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা বুলি খবৰ ওলাইছে।

সমগ্ৰ বিশ্বত যেতিয়া ক’ভিড বিয়পি পৰিছিল, তেতিয়া উত্তৰ কোৰিয়াই দাবী কৰিছিল যে, ক’ভিডক সীমান্ত পাৰ হ’বলৈ অনুমতি দিয়া হোৱা নাই। পিছে সমগ্ৰ বিশ্বজুৰি সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে কিমৰ দেশত অভাৱনীয় হাৰত কৰ’নাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে, প্রশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব লগা হৈছে৷ তথাপি, কিং জং উনে এইবাৰ লৈছে ব্যতিক্ৰমী পদক্ষেপ। তেওঁৰ এনে পদক্ষেপ কিমানদূৰ ফলপ্ৰসূ হয় সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত