--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিডে কাল ৰূপ ধাৰণ কৰিছে উত্তৰ কোৰিয়াত। গুৰুতৰ সংক্ৰমণত নাজল-নাথল অৱস্থা উত্তৰ কোৰিয়াৰ। ইতিমধ্যে সেই দেশৰ প্ৰায় ৩৩ লাখ লোক ক’ভিডত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৬৯ জন লোকৰ। সেইবাবে কৰ’না ভাইৰাছ প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা হাতত লৈছে কিম জং উনৰ প্ৰশাসনে। কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে আকাশ-পাতাল সৰ্বত্ৰে পৰীক্ষা কৰিব লাগিব বুলি নিৰ্দেশ দিছে তেওঁৰ চৰকাৰে।

কিম জং উনৰ প্ৰশাসকৰ পৰা এনে নিৰ্দেশনা লাভ কৰি অনুসন্ধানত নামিছে স্বাস্থ্যকৰ্মীসকল। নদ-নদী, হ্ৰদ, জলাশয়তো কৰ’না ভাইৰাছৰ সন্ধান চলিবলৈ লৈছে। নলা-নৰ্দমাতো চলোৱা হৈছে অনুসন্ধান। স্বাস্থ্য বিশেষজ্ঞসকলে এনেবোৰ ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰি কৰ’না ভাইৰাছক বন্দী কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা বুলি খবৰ ওলাইছে।

সমগ্ৰ বিশ্বত যেতিয়া ক’ভিড বিয়পি পৰিছিল, তেতিয়া উত্তৰ কোৰিয়াই দাবী কৰিছিল যে, ক’ভিডক সীমান্ত পাৰ হ’বলৈ অনুমতি দিয়া হোৱা নাই। পিছে সমগ্ৰ বিশ্বজুৰি সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে কিমৰ দেশত অভাৱনীয় হাৰত কৰ’নাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে, প্রশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব লগা হৈছে৷ তথাপি, কিং জং উনে এইবাৰ লৈছে ব্যতিক্ৰমী পদক্ষেপ। তেওঁৰ এনে পদক্ষেপ কিমানদূৰ ফলপ্ৰসূ হয় সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ