--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আগন্তুক পাঁচ দিনত উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) মঙলবাৰে এই ভবিষ্যতবাণী কৰে৷ আইএমডিয়ে কয় যে বংগোপসাগৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ নিম্ন ট্ৰপ'স্ফিয়াৰ স্তৰত শক্তিশালী দক্ষিণ পশ্চিমীয়া বতাহৰ প্ৰভাৱৰ বাবে, পৰৱৰ্তী পাঁচ দিনত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিচ্ছিন্ন ভাৱে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ মতে, নাগালেণ্ডত, মন, লংলেং, টুয়েনচাং, কোহিমা আৰু পেৰেন জিলাত ৭ আৰু ৮ জুনত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, নাগালেণ্ডৰ জিলা মকোকচুং, কিফিৰে, ফেক, ডিমাপুৰ, জুনহেবোটো আৰু ৱোখা জিলাতো একেদিনাই বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৯ আৰু ১০ জুনত ডিমাপুৰ, ৱোখা, মোকোকচুং, জুনহেবোটো, কিফিৰে আৰু ফেকত যথেষ্ট ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে মন, লংলেং, টুয়েনচাং, কোহিমা আৰু পেৰেন জিলাত ব্যাপক বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত