--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত আজিৰে পৰা অনুষ্ঠিত হৈছে বিশ্ব অডিঅ' ভিজুৱেল আৰু এন্টাৰটেইনমেণ্ট সন্মিলন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগীয়া এই সন্মিলনত উত্তৰ-পূব ভাৰতৰ সংস্কৃতিও উজলি উঠিব। অঞ্চলটোৰ চহকী কলাত্মক ঐতিহ্য আৰু পৰম্পৰাৰাজিক আকর্ষণীয়ভাৱে প্ৰদৰ্শন কৰা হ'ব। 'কানেক্টিং ক্রিয়েটছ, কানেক্টিং কানট্রিজ' বিষয়বস্তুৰ অধীনত সজোৱা এই সাংস্কৃতিক কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰে অনুষ্ঠান অন্তর্ভুক্ত হৈছে। 

এই অনুষ্ঠানসমূহত ভাৰতৰ বৈচিত্র্যময় আৰু সাংস্কৃতিক ঐতিহ্য উজলি উঠিব। অসমৰ সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীয়ে পৰিৱেশন কৰিব সত্ৰীয়া নৃত্য আৰু জনজাতীয় গুমৰাগ নৃত্য। মেঘালয়ে সূর্য দেৱতালৈ শ্রদ্ধা নিবেদনমূলক বাংগালা নৃত্য, ছিকিমে সজীৱ তামাং চেলো আৰু ১৮ শতিকাৰ ঐতিহাসিক শিপাৰে মহিমামণ্ডিত সিংহী ছাম পৰিৱেশন কৰিব। ত্ৰিপুৰাৰ বিখ্যাত হোজাগিৰি নৃত্যৰ লগতে মণিপুৰৰ জৱাহৰলাল নেহৰু মণিপুৰী নৃত্য একাডেমিয়ে মণিপুৰী নৃত্য আৰু আবৃত্তিৰ অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ উপৰি নগালেণ্ডৰ- টেটচিঅ' ছিষ্টাৰ্ছেও অনুষ্ঠান পৰিৱেশন কৰিব। বাঁহ নৃত্য নামেৰে পৰিচিত মিজোৰামৰ চেৰাৱেৰ লগতে অৰুণাচল প্রদেশে ঐতিহাসিক কা কিংনাৰা কিংনাৰী নৃত্যও পৰিৱেশন কৰিব। 

ইফালে অসম আৰু মেঘালয়ৰ চাৰিজনীয়া সদস্যৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দল এটা আজি এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ ৰাওনা হয়। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো (পি আই বি)ৰ দ্বাৰা প্ৰেৰণ কৰা এই দলটো প্রিন্ট আৰু ইলেকট্রনিক মিডিয়া উভয় খণ্ডৰ সাংবাদিকৰে গঠিত। প্রতিনিধি দলটোৰ ভিতৰত আছে নৰ্থ-ইষ্ট লাইভ, প্রতিদিন টাইম, দৈনিক জনমভূমি আৰু দ্য শ্বিলং টাইমছৰ প্ৰতিনিধি। দলটোৰ নেতৃত্ব দিছে পি আই বি গুৱাহাটীৰ মিডিয়া এণ্ড কমিউনিকেশ্যন অফিচাৰ বৰ্ণালী মহন্তই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ