--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন উদ্যোগ ল’লে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে। আৰম্ভ কৰিলে ‘হল অব ফেম’ৰ। প্ৰথম বছৰতে এই তালিকাত স্থান লাভ কৰে দুজন প্ৰাক্তন ক্ৰিকেটাৰ এবি ডি ভিলিয়াৰ্ছ আৰু ক্ৰীছ গেইলে। দুয়োজন ক্ৰিকেটাৰৰ নাম ঘোষণা কৰে প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে।

এটা বিশেষ অনুষ্ঠানত আৰচিবিৰ ক্ৰিকেটৰ সঞ্চালক মাইক হেছনে ‘হল অব ফেম’ৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘যিসকলে ফ্ৰেঞ্চাইজীৰ হৈ কমেও ৩ টা ছিজন খেলিছে আৰু খেলপথাৰৰ ভিতৰত আৰু বাহিৰত দলটোলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে তেওঁলোকক এই সন্মান প্ৰদান কৰা হ’ব।’

ডিভিলিয়াৰ্ছ আৰু গেইলৰ নাম ঘোষণা কৰি কোহলীয়ে কয়, ‘আৰচিবিৰ খেলৰ দৰ্শনক বৰ সুন্দৰকৈ আগবঢ়াই লৈ গৈছে ডিভিলিয়াৰ্ছে। তেওঁৰ সৈতে ১১ বছৰ ধৰি খেলি আহিছো। ৭ বছৰে গেইলৰ সৈতে শৌচাগাৰ শ্বেয়াৰ কৰিছো। তেওঁলোকৰ সৈতে মোৰ বহুতো ভাল মুহূৰ্ত কটাইছো। তেওঁলোকৰ পৰা মই বহুত শিকিছো। সেই শিক্ষাই মোক সহায় কৰিছে।’

স্মৰ্তব্য যে, আইপিএলৰ ইতিহাসৰ দুগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ডিভিলিয়াৰ্ছ আৰু গেইল।  দুয়োৰে বেটিং ষ্টাইল বেলেগ বেলেগ আছিল যদিও প্ৰতিপক্ষই সমানেই ভয় কৰিছিল এই তাৰকাদ্বয়ক। ডিভিলিয়াৰ্ছে আইপিএলত ১৬৪ খন খেলত ৫১৭২ ৰান সংগ্ৰহ কৰিছে। আনহাতে, গেইলে ১৪২ খন খেলত ৪৯৭৫ ৰান সংগ্ৰহ কৰিছে। অৱশ্যে, তেওঁ এতিয়াও আইপিএলৰ পৰা অৱসৰ লোৱা নাই। ডিভিলিয়াৰ্ছে বিগত ছিজনৰ পূৰ্বেই আইপিএলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ