--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন উদ্যোগ ল’লে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে। আৰম্ভ কৰিলে ‘হল অব ফেম’ৰ। প্ৰথম বছৰতে এই তালিকাত স্থান লাভ কৰে দুজন প্ৰাক্তন ক্ৰিকেটাৰ এবি ডি ভিলিয়াৰ্ছ আৰু ক্ৰীছ গেইলে। দুয়োজন ক্ৰিকেটাৰৰ নাম ঘোষণা কৰে প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে।

এটা বিশেষ অনুষ্ঠানত আৰচিবিৰ ক্ৰিকেটৰ সঞ্চালক মাইক হেছনে ‘হল অব ফেম’ৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘যিসকলে ফ্ৰেঞ্চাইজীৰ হৈ কমেও ৩ টা ছিজন খেলিছে আৰু খেলপথাৰৰ ভিতৰত আৰু বাহিৰত দলটোলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে তেওঁলোকক এই সন্মান প্ৰদান কৰা হ’ব।’

ডিভিলিয়াৰ্ছ আৰু গেইলৰ নাম ঘোষণা কৰি কোহলীয়ে কয়, ‘আৰচিবিৰ খেলৰ দৰ্শনক বৰ সুন্দৰকৈ আগবঢ়াই লৈ গৈছে ডিভিলিয়াৰ্ছে। তেওঁৰ সৈতে ১১ বছৰ ধৰি খেলি আহিছো। ৭ বছৰে গেইলৰ সৈতে শৌচাগাৰ শ্বেয়াৰ কৰিছো। তেওঁলোকৰ সৈতে মোৰ বহুতো ভাল মুহূৰ্ত কটাইছো। তেওঁলোকৰ পৰা মই বহুত শিকিছো। সেই শিক্ষাই মোক সহায় কৰিছে।’

স্মৰ্তব্য যে, আইপিএলৰ ইতিহাসৰ দুগৰাকী শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে ডিভিলিয়াৰ্ছ আৰু গেইল।  দুয়োৰে বেটিং ষ্টাইল বেলেগ বেলেগ আছিল যদিও প্ৰতিপক্ষই সমানেই ভয় কৰিছিল এই তাৰকাদ্বয়ক। ডিভিলিয়াৰ্ছে আইপিএলত ১৬৪ খন খেলত ৫১৭২ ৰান সংগ্ৰহ কৰিছে। আনহাতে, গেইলে ১৪২ খন খেলত ৪৯৭৫ ৰান সংগ্ৰহ কৰিছে। অৱশ্যে, তেওঁ এতিয়াও আইপিএলৰ পৰা অৱসৰ লোৱা নাই। ডিভিলিয়াৰ্ছে বিগত ছিজনৰ পূৰ্বেই আইপিএলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত