--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লী আৰক্ষীয়ে কৃষকসকলৰ গণতন্ত্ৰ দিৱসৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাৰ বিৰুদ্ধে ২২টা গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে, এই ঘটনাত ৩০০জনৰো অধিক আৰক্ষীৰ লোক আহত হয়৷ ঘটনাসমূহৰ বেছিভাগেই মুকাৰবা চ’ক, গাজিপুৰ, আইটিঅ', সীমাপুৰী, নাংলোই টি-পইণ্ট, টিকৰি সীমান্ত আৰু লালকিল্লাত সংঘটিত হৈছিল।

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান…

গাজীপুৰ, টিকৰি আৰু সিংঘু সীমান্তত আৰক্ষীৰ বেৰিকেড ভাঙি দিয়া হৈছিল। আৰক্ষীয়ে ৰুজু কৰা গোচৰত ভালেকেইজন কৃষক নেতাৰ কথা উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত অপৰাধ শাখা আৰু বিশেষ কোষে তদন্ত কৰাৰ সম্ভাৱনা আছে। দিল্লী আৰক্ষীয়েও এই সন্দৰ্ভত এফআইআৰ দাখিল কৰিব। কালিৰ ঘটনাত আঠখন বাছ আৰু ১৭খন ব্যক্তিগত বাহন ভঙা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

উল্লেখ্য যে, সংযুক্ত কৃষক মৰ্চাই দিল্লী আৰক্ষীৰ সৈতে কেইবাটাও পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল আৰু প্ৰস্তাৱিত পৰিকল্পনা অনুসৰি শান্তিপূৰ্ণ ৰেলী উলিয়াবলৈ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ সমদল আৰম্ভ কৰাৰ পাছত নিৰ্ধাৰিত সময়ৰ আগতে আৰু পূৰ্ব নিৰ্ধাৰিত পথৰপৰা বিচ্যুত হোৱাৰ পাছত হিংসা আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ