--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষকৰ বিদ্ৰোহত অগ্নিগৰ্ভা দেশৰ ৰাজধানী দিল্লী৷ গণতন্ত্ৰ দিৱসৰ দিনটোতে লালকিল্লাত কৃষকৰ প্ৰতিবাদে ল’লে ভয়ংকৰ ৰূপ৷ আৰক্ষীৰ বাধা নেওচি অগ্ৰসৰ হোৱা কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ প্ৰতিবাদকাৰীয়ে ভাঙিলে প্ৰায় ৩০০টা বেৰিকেড৷ আৰক্ষী-সেনাৰ ওপৰত চলোৱা হিংসাত্মক আক্ৰমণক লৈ উত্থাপিত হৈছে বহুকেইটা অভিযোগ৷ এই হিংসাত্মক পাঞ্জাবী গায়ক-অভিনেতা দ্বীপ সিদ্ধুৱে উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক লৈ কি আহ্বান কমলা হেৰিছৰ?

দিল্লীৰ লালকিল্লাত নিচান চাহিবৰ পতাকা উৰুওৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছ মুহূৰ্তৰ পৰাই পলাতক অৱস্থাত আছে দীপ সিদ্ধু। ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই দীপ সিদ্ধুক বিচাৰি চমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : কৃষকৰ হিংসাত্মক প্ৰতিবাদত ৩শতাধিক আৰক্ষীৰ জোৱান আহত, গোচৰ ৰুজু

অৱশ্যে, ফেচবুকযোগে দীপ সিদ্ধুৱে এটা পোষ্ট কৰি কয়, ‘আমি প্ৰতিবাদৰ সময়ত সম্পূৰ্ণ গণতান্ত্ৰিক অধিকাৰৰ অধীনত নিচান চাহিবৰ পতাকা লালকিল্লাত উত্তোলন কৰিছোঁ কিন্তু ভাৰতীয় পতাকা আঁতৰোৱা নাছিলোঁ।’ সিদ্ধুৱে এই প্ৰতিবাদত হিংসাত্মক কাৰ্যত অৰিহণা যোগোৱা বুলি অভিযোগ উঠাৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ