--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষকৰ বিদ্ৰোহত অগ্নিগৰ্ভা দেশৰ ৰাজধানী দিল্লী৷ গণতন্ত্ৰ দিৱসৰ দিনটোতে লালকিল্লাত কৃষকৰ প্ৰতিবাদে ল’লে ভয়ংকৰ ৰূপ৷ আৰক্ষীৰ বাধা নেওচি অগ্ৰসৰ হোৱা কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ প্ৰতিবাদকাৰীয়ে ভাঙিলে প্ৰায় ৩০০টা বেৰিকেড৷ আৰক্ষী-সেনাৰ ওপৰত চলোৱা হিংসাত্মক আক্ৰমণক লৈ উত্থাপিত হৈছে বহুকেইটা অভিযোগ৷ এই হিংসাত্মক পাঞ্জাবী গায়ক-অভিনেতা দ্বীপ সিদ্ধুৱে উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক লৈ কি আহ্বান কমলা হেৰিছৰ?

দিল্লীৰ লালকিল্লাত নিচান চাহিবৰ পতাকা উৰুওৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছ মুহূৰ্তৰ পৰাই পলাতক অৱস্থাত আছে দীপ সিদ্ধু। ইতিমধ্যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই দীপ সিদ্ধুক বিচাৰি চমন জাৰি কৰিছে বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : কৃষকৰ হিংসাত্মক প্ৰতিবাদত ৩শতাধিক আৰক্ষীৰ জোৱান আহত, গোচৰ ৰুজু

অৱশ্যে, ফেচবুকযোগে দীপ সিদ্ধুৱে এটা পোষ্ট কৰি কয়, ‘আমি প্ৰতিবাদৰ সময়ত সম্পূৰ্ণ গণতান্ত্ৰিক অধিকাৰৰ অধীনত নিচান চাহিবৰ পতাকা লালকিল্লাত উত্তোলন কৰিছোঁ কিন্তু ভাৰতীয় পতাকা আঁতৰোৱা নাছিলোঁ।’ সিদ্ধুৱে এই প্ৰতিবাদত হিংসাত্মক কাৰ্যত অৰিহণা যোগোৱা বুলি অভিযোগ উঠাৰ পৰা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ