--°C
Loading...
Listen to Article
2 min read
80%
সাংবাদিকগৰাকীৰ নাম সিদ্ধাৰ্থ বৰদৰাজন। প্ৰায়ে চৰকাৰ তথা আৰক্ষীৰ ভুল বোৰ উদঙাই দি আৰক্ষী-প্ৰশাসনৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰা সাংবাদিকগৰাকীয়ে এইবাৰ পুনৰ ন্যায় পালে।

ন্যায়পালিকাই সাংবাদিকগৰাকীক উপযুক্ত ন্যায় প্ৰদান কৰাত  ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা থকা সকল স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে।
তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তকে ধৰি ৰাজধানী চহৰ দিল্লীত বছৰ জোৰা আন্দোলন চলোৱা কৃষকৰ দুখ-দুৰ্দশা তথা আৰক্ষীৰ নিৰ্যাতনৰ বাতৰি লিখি আৰক্ষীৰ ৰোষত পৰা 'দ্য ৱায়াৰ'ৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ বৰদৰাজন আৰু সাংবাদিক  ইছমত আৰাক অৱশেষত আদালতে সকাহ দিলে। বিগত বৰ্ষত গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত আৰক্ষীৰ গুলীত নিহত কৃষকৰ বাতৰি লিখিছিল বৰদৰাজন আৰু ইছমত আৰাই। ইয়াৰ পিছতে বৰদৰাজন আৰু ইছমত আৰাই লিখা বাতৰিয়ে সমাজত অশান্তি বিয়পোৱাৰ আশংকা ব্যক্ত কৰি সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু সকলো দিশ চালি-জাৰি চাই 

এলাহাবাদ উচ্চ ন্যায়ালয়ে সিদ্ধাৰ্থ বৰদৰাজন আৰু প্ৰতিবেদক ইছমত আৰাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীৰ এজাহাৰ খন বাতিল কৰিছে।
এজাহাৰত উল্লেখ থকা অনুসৰি বৰদাৰজন আৰু আৰাক তেওঁলোকে লিখা বাতৰিৰ বাবে  ধাৰা ১৫৩ বিৰ অধীনত অভিযুক্ত কৰা হৈছিল।  উত্তৰ প্ৰদেশৰ ৰামপুৰত ভাৰতীয় দণ্ডবিধৰ ৫০৫(২)  ধাৰাত  তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।  ৰামপুৰ জিলাৰ বাসিন্দা এজন সঞ্জু তুৰাহাৰ অভিযোগৰ ভিত্তিত উক্ত গোচৰ ৰুজু কৰা হৈছিল।

ৰামপুৰ আৰক্ষীয়ে  এই বুলি অভিযোগ উত্থাপন কৰিছিল যে বৰদাৰজন আৰু আৰাৰ বাতৰিয়ে ৰাইজক বিপথে পৰিচালিত কৰিছিল আৰু জনসাধাৰণক প্ৰৰোচিত কৰাৰ লগতে সংঘৰ্ষ বিয়পাবলৈ উচটনি দিছিল।

আৰক্ষীৰ দাবীৰ বিপৰীতে ন্যায়াধীশ অশ্বিনী কুমাৰ মিশ্ৰ আৰু ৰজনীশ কুমাৰক লৈ গঠিত খণ্ড বিচাৰপীঠে এজাহাৰ খন সন্দৰ্ভত কয়  যে আবেদনকাৰীৰ প্ৰতিবেদনত গুলীৰ আঘাতত মৃত্যু হোৱা ভুক্তভোগীৰ পৰিয়ালৰ ভাষ্যহে উদ্ধৃত কৰা হৈছে।
প্ৰতিবেদনখন তথ্যপূৰ্ণ হোৱাৰ লগতে কৃষকসকলৰ আন্দোলন সন্দৰ্ভত কোনো নিজস্ব মন্তব্য নাছিল।
ফলত  প্ৰতিবেদন খনে কোনো লোকক হিংসাত জড়িত হ'বলৈ প্ৰৰোচিত কৰাৰ আশংকা নাছিল।

 উল্লেখ্য উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৩১  জানুৱাৰীতো এটা টুইট কৰাৰ বাবে বৰদৰাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
একেদৰে গণৰাজ্য দিৱসত আৰক্ষীৰ গুলীত নিহত  যুৱকজনৰ ককাদেউতাক হৰদীপ সিং দিবদিবাৰ  উদ্ধৃতিৰে তেওঁলোকে প্ৰতিবেদন খন প্ৰস্তুত কৰিছিল।  প্ৰায়ে চৰকাৰ তথা আৰক্ষীৰ ভুল বোৰ উদঙাই দি অহা বাবেই সম্পাদক সিদ্ধাৰ্থ বৰদৰাজন  আৰক্ষী-প্ৰশাসনৰ চকুৰ কূটা দাঁতৰ শাল হৈ আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি