--°C
Loading...
Listen to Article
2 min read
80%
সাংবাদিকগৰাকীৰ নাম সিদ্ধাৰ্থ বৰদৰাজন। প্ৰায়ে চৰকাৰ তথা আৰক্ষীৰ ভুল বোৰ উদঙাই দি আৰক্ষী-প্ৰশাসনৰ চকুৰ কূটা দাঁতৰ শাল হৈ পৰা সাংবাদিকগৰাকীয়ে এইবাৰ পুনৰ ন্যায় পালে।

ন্যায়পালিকাই সাংবাদিকগৰাকীক উপযুক্ত ন্যায় প্ৰদান কৰাত  ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা থকা সকল স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে।
তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তকে ধৰি ৰাজধানী চহৰ দিল্লীত বছৰ জোৰা আন্দোলন চলোৱা কৃষকৰ দুখ-দুৰ্দশা তথা আৰক্ষীৰ নিৰ্যাতনৰ বাতৰি লিখি আৰক্ষীৰ ৰোষত পৰা 'দ্য ৱায়াৰ'ৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ বৰদৰাজন আৰু সাংবাদিক  ইছমত আৰাক অৱশেষত আদালতে সকাহ দিলে। বিগত বৰ্ষত গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীত আৰক্ষীৰ গুলীত নিহত কৃষকৰ বাতৰি লিখিছিল বৰদৰাজন আৰু ইছমত আৰাই। ইয়াৰ পিছতে বৰদৰাজন আৰু ইছমত আৰাই লিখা বাতৰিয়ে সমাজত অশান্তি বিয়পোৱাৰ আশংকা ব্যক্ত কৰি সাংবাদিক দুগৰাকীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছিল। কিন্তু সকলো দিশ চালি-জাৰি চাই 

এলাহাবাদ উচ্চ ন্যায়ালয়ে সিদ্ধাৰ্থ বৰদৰাজন আৰু প্ৰতিবেদক ইছমত আৰাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীৰ এজাহাৰ খন বাতিল কৰিছে।
এজাহাৰত উল্লেখ থকা অনুসৰি বৰদাৰজন আৰু আৰাক তেওঁলোকে লিখা বাতৰিৰ বাবে  ধাৰা ১৫৩ বিৰ অধীনত অভিযুক্ত কৰা হৈছিল।  উত্তৰ প্ৰদেশৰ ৰামপুৰত ভাৰতীয় দণ্ডবিধৰ ৫০৫(২)  ধাৰাত  তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।  ৰামপুৰ জিলাৰ বাসিন্দা এজন সঞ্জু তুৰাহাৰ অভিযোগৰ ভিত্তিত উক্ত গোচৰ ৰুজু কৰা হৈছিল।

ৰামপুৰ আৰক্ষীয়ে  এই বুলি অভিযোগ উত্থাপন কৰিছিল যে বৰদাৰজন আৰু আৰাৰ বাতৰিয়ে ৰাইজক বিপথে পৰিচালিত কৰিছিল আৰু জনসাধাৰণক প্ৰৰোচিত কৰাৰ লগতে সংঘৰ্ষ বিয়পাবলৈ উচটনি দিছিল।

আৰক্ষীৰ দাবীৰ বিপৰীতে ন্যায়াধীশ অশ্বিনী কুমাৰ মিশ্ৰ আৰু ৰজনীশ কুমাৰক লৈ গঠিত খণ্ড বিচাৰপীঠে এজাহাৰ খন সন্দৰ্ভত কয়  যে আবেদনকাৰীৰ প্ৰতিবেদনত গুলীৰ আঘাতত মৃত্যু হোৱা ভুক্তভোগীৰ পৰিয়ালৰ ভাষ্যহে উদ্ধৃত কৰা হৈছে।
প্ৰতিবেদনখন তথ্যপূৰ্ণ হোৱাৰ লগতে কৃষকসকলৰ আন্দোলন সন্দৰ্ভত কোনো নিজস্ব মন্তব্য নাছিল।
ফলত  প্ৰতিবেদন খনে কোনো লোকক হিংসাত জড়িত হ'বলৈ প্ৰৰোচিত কৰাৰ আশংকা নাছিল।

 উল্লেখ্য উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৩১  জানুৱাৰীতো এটা টুইট কৰাৰ বাবে বৰদৰাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
একেদৰে গণৰাজ্য দিৱসত আৰক্ষীৰ গুলীত নিহত  যুৱকজনৰ ককাদেউতাক হৰদীপ সিং দিবদিবাৰ  উদ্ধৃতিৰে তেওঁলোকে প্ৰতিবেদন খন প্ৰস্তুত কৰিছিল।  প্ৰায়ে চৰকাৰ তথা আৰক্ষীৰ ভুল বোৰ উদঙাই দি অহা বাবেই সম্পাদক সিদ্ধাৰ্থ বৰদৰাজন  আৰক্ষী-প্ৰশাসনৰ চকুৰ কূটা দাঁতৰ শাল হৈ আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে