--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে সৰ্ব্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে স্বাধীনোত্তৰ কালৰ পৰা ভাৰতে বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্ব কালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি চৰকাৰৰ বিৰোধী তথা সমালোচকসকলক নিৰ্যাতন চলোৱাৰ বাদে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেনে কোনো বিশেষ ভাবুকি অহাৰ তথ্য নাই। কিন্তু ২০১৪ চনৰ পাছত ভাৰতৰ গণতান্ত্ৰিক চৰিত্ৰ সংকটাপন্ন হৈছে বুলি সততে অভিযোগ উঠি আহিছে। 

দেশৰ জনসাধাৰণৰ ব্যক্তি স্বতন্ত্ৰতাত কুঠাৰঘাত কৰি বিজেপি চৰকাৰে ভাৰতীয় গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰ সমালোচনা কৰা মানেই ৰাষ্ট্ৰদ্ৰোহীৰ অভিধা দি বিজেপিয়ে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনৰ অধীনত গোচৰ তৰা এক সহজলভ্য দৃশ্য হৈ পৰিছে। 

বিজেপিৰ শাসনকালত দেশত অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰি বিজেপি চৰকাৰৰ শাসনতন্ত্ৰক স্বৈৰাচ্ছাৰী আখ্যা দি দেশৰ কেইবাগৰাকীও প্ৰখ্যাত বুদ্ধিজীৱি, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীয়ে কাৰাবাস খাটিবলগীয়া হৈছে।

২০১৮ চনত এনেদৰেই ভীমা কোৰেগাঁও বা এলগাৰ পৰিষদ গোচৰত অভিযুক্ত কৰি বিজেপি চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল বহুকেইগৰাকী বুদ্ধিজীৱি, অধিবক্তা, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীক। ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে স্থানীয় দলিত লোকসকলে ভীমা কোৰেগাঁও যুঁদ্ধক ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতৰ বিজয়ৰ প্ৰতীক বুলি আখ্যা দিয়ে। 

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়। 

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে।

ইতিমধ্যে এই গোচৰত কাৰাবন্দী হৈ থকা সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে। আন এজন অভিযুক্ত কবি ভাৰভাৰা ৰাও যুঁজি আছে তীব্ৰ শাৰীৰিক অসুস্থতাৰ সৈতে। আন এগৰাকী অভিযুক্ত অধিবক্তা সুধা ভৰদ্বাজে অৱশ্যে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। এতিয়াও কাৰাবন্দী হৈ আছে এই গোচৰত অভিযুক্ত কেইবাগৰাকীও লোক। তেওঁলোকৰ অধিকাংশই কাৰাগাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ খবৰ প্ৰকাশ পাইছে।

এনে সময়তে উক্ত গোচৰত অভিযুক্ত সাগৰ তাতিয়াৰাম গোৰাখে মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিৰ্যাতন আৰু অমানৱীয় আচৰণৰ অভিযোগ উত্থাপন কৰি ২১ মে’ৰ পৰা অনিৰ্দিষ্টকালীন অনশনেৰে প্ৰতিবাদ গঢ়ি তুলিছে।

গোৰাখে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী দিলীপ ৱালছে পাটিললৈ লিখা এখন পত্ৰত উল্লেখ কৰিছে যে আৰম্ভণিৰ পৰাই কাৰাগাৰ প্ৰশাসনে ভীমা কোৰেগাঁও গোচৰৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰতি চৰম বৈষম্যমূলক আচৰণ কৰিছে। ইয়াৰ ফলস্বৰূপে কাৰাগাৰৰ আবেষ্টনী অভিযুক্ত লোকসলৰ বাবে এক অত্যাচাৰ শিবিৰত পৰিণত হৈছে বুলি তেওঁ অভিযোগ কৰে।

গোৰাখেৰ অভিযোগ অনুসৰি কাৰাগাৰ কৰ্তৃপক্ষই অভিযুক্ত ব্যক্তিসকলক ইচ্ছাকৃতভাৱে অৱহেলা কৰিছে। কেইবাগৰাকীও অভিযুক্ত শাৰীৰিক অসুস্থতাত ভুগি থকাৰ পিছতো কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ চিকিৎসাত ইচ্ছাকৃত অৱহেলা কৰিছে বুলি পাটিললৈ লিখা পত্ৰত তেওঁ উল্লেখ কৰিছে।

আনহাতে অভিযুক্ত লোকসকললৈ অহা প্ৰতিখন পত্ৰ বা কাকতৰ টোপোলা কাৰাগাৰ কৰ্তৃপক্ষই অবৈধভাৱে স্কেন বা পৰীক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে গোৰাখেই। স্কেন কৰা এই প্ৰতিলিপিসমূহ পিছত পোনপটীয়াকৈ অনুসন্ধান সংস্থালৈ প্ৰেৰণ কৰা হয় বুলিও অভিযোগ কৰিছে গোৰাখেই। 

কাৰাগাৰৰ ভিতৰত এজন অভিযুক্তই পাবলগীয়া নূন্যতম সা-সুবিধাৰ পৰাও তেওঁলোকক বঞ্চিত কৰা বুলি অভিযোগ কৰি গোৰাখেই কয়, “কাৰাগাৰ কৰ্তৃপক্ষই এক নিৰ্দিষ্ট বিজ্ঞপ্তি প্ৰকাশ কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ, ৰাজদ্ৰোহ, নক্সালবাদ ইত্যাদি অপৰাধত অভিযুক্তসকলক এনে সুবিধা প্ৰদান কৰা নহ'ব বুলি উল্লেখ কৰিছে। কিন্তু এজন অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত  অভিযোগ যেতিয়ালৈকে সঁচা প্ৰমাণিত নহয়, তেতিয়ালৈকে তেওঁক দোষী হিচাপে গণ্য কৰিব নোৱাৰে। এনে কৰিলে ই মৌলিক মানৱ অধিকাৰৰ উলংঘন কৰা বুজায়।”

“সেয়েহে, যেতিয়ালৈকে মোৰ বিৰুদ্ধে থকা সকলো অভিযোগ সঁচা বুলি প্ৰমাণিত নহয়, তেতিয়ালৈকে মোক বা আন কাকো অপৰাধমূলক আচৰণ কৰিব নোৱাৰে। সেয়েহে, কাৰাগাৰ কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা বিজ্ঞপ্তিখন ন্যায় বহিৰ্ভূত বুলি গণ্য কৰা উচিত।"— গোৰাখেই লগতে কয়।

কাৰাগাৰ প্ৰশাসনৰ দ্বাৰা কৰা দুৰ্ব্যৱহাৰৰ ফলতে যোৱা বছৰ ফাদাৰ ষ্টেন স্বামীৰ জিম্মাত মৃত্যু হৈছিল বুলি বিস্ফোৰক অভিযোগ কৰে গোৰাখেই। কাৰাগাৰত প্ৰতিদিনে অভিযুক্তসকলৰ মৌলিক মানৱ অধিকাৰ পদদলিত কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপেই তেওঁ অনশনত বহা বুলি গোৰাখেই সদৰি কৰে।

গোৰাখেৰ এই অভিযোগে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰাৰ সময়ত মহাৰাষ্ট্ৰত বিজেপি চৰকাৰ শাসনত আছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰণ কৰিয়ে ৰাজ্যিক বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এওঁলোকক গ্ৰেপ্তাৰ কৰা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ