--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতৰ বাবে বিশ্বকাপৰ আৰম্ভণিতে খেলিব নোৱাৰিলে। ইয়াৰ পিছতো অষ্ট্ৰেলিয়াই ট্ৰেভিছ হেডক কিয় দলত ৰাখিছিল, সেই কথা তেওঁ খেলপথাৰলৈ উভতি অহাৰ সময়ত বুজাই দিছিল। শনিবাৰে পুৱা ধৰ্মশালা খেলপথাৰত হেড ষ্টাৰ্ট কৰে নিজৰ ইনিংছ। মাত্ৰ ২৫টা বলত ৫০ ৰান সংগ্ৰহ কৰে। এইবাৰ বিশ্বকাপৰ সৰ্বাধিক দ্ৰুততম পঞ্চাশ। হেডৰ ইনিংছ শেষ ১০৯ ৰাণত।

ট্ৰেভিছ হেড এই মুহূৰ্তত অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ অ’পেনাৰ। তেওঁৰ সৈতে ডেভিদ ৱাৰ্নাৰৰ অংশীদাৰিত্ব যিকোনো দলৰ বাবে অতি ভয়ংকৰ। শনিবাৰে বিশ্বকাপৰ প্ৰথমখন খেল খেলিছিল হেডে। তেওঁ আৰম্ভণিৰে পৰা খেলিবলৈ আৰম্ভ কৰিছিল। লেগৰ ফালে তেওঁ অধিক শক্তিশালী। পেচাৰ, স্পিনাৰ কাকো তেওঁ বাদ দিয়া নাছিল।

যদিও এইবাৰ বিশ্বকাপৰ সৰ্বাধিক দ্ৰুততম পঞ্চাশ, তথাপিও আন বিশ্বকাপৰ তুলনাত হেডৰ এই ইনিংছ বৰ বেছি নহয়। বিশ্বকাপত ব্ৰেণ্ডন মেককালামৰ সৰ্বাধিক দ্ৰুততম পঞ্চাশ। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ২০১৫ চনত ১৮ বলত পঞ্চাশ ৰান সংগ্ৰহ কৰিছিল। সেই অভিলেখ এতিয়াও কোনেও ভংগ কৰা নাই।

হেডে ৫৯টা বলত শতক অৰ্জন কৰে। এইবাৰ বিশ্বকাপত সৰ্বাধিক দ্ৰুততম শতকৰ তালিকাত তৃতীয় স্থানত আছে। গ্লেন মেক্সৱেলে ৪০ বলত শতক অৰ্জন কৰে। আইডেন মাৰ্ক্ৰামে ৪৯টা বলত শতক অৰ্জন কৰে। তেওঁলোকক উফৰাই পেলাব নোৱাৰিলেও এই দিনটোত হেডৰ ইনিংছ কম বিধ্বংসী নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ