--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে জীৱন কালত বহুত হেঁপাহ, বহুত সপোন পুহি ৰাখে। তাৰে কিছুমান পূৰণ হয় আৰু কিছুমান নহয়। মৃত্যুৰ আগমূহুৰ্তলৈকে মানুহৰ আশা আৰু হেঁপাহৰ অন্ত নাথাকে। বহু মানুহে কোৱা আপুনি নিশ্চয় শুনিছে যে কুকুৰ হোৱা হ'লেই ভাল আছিল বা মানুহৰ জীৱনতকৈ কুকুৰৰ জীৱনেই ভাল।

 

এতিয়া আপোনাক যদি কওঁ এজন যুৱকে কুকুৰ হ'বৰ বাবে এক অসাাধ্য সাধন কৰিলে, আপুনি বাৰু বিশ্বাস কৰিবনে.. আপুনি বিশ্বাস কৰক বা নকৰক এজন যুৱকে সঁচাকৈয়ে ধাৰণ কৰিলে কুকুৰৰ ৰূপ। তাৰবাবে তেওঁ খৰচ কৰিলে ১২ লাখ টকা। যুৱকজনে কুকুৰ ইমানেই বেছি ভাল পাই যে খোৱা-বোৱা, শোৱা, আদি বহু কাম কুকুৰৰ দৰেই কৰে যুৱকগৰাকীয়ে।



মানুহৰ জীৱন পাই যেন তেওঁ সুখী নাছিল। মানৱ জীৱনৰ সলনি কুকুৰৰ দৰে এটা জীৱন পোৱাই ভাল আছিল বুলি তেওঁৰ মন অনবৰতে অশান্ত হৈ থাকে। কুকুৰৰ দৰে হ'বলৈ তেওঁ ভাবি উলিয়ালে বিশেষ উপায়। এই অদ্ভূত হেঁপাহ পুহি ৰখা যুৱকজন জাপানৰ বাসিন্দা। তেওঁৰ নাম টোকো-শ্বান।

 
টোকো-শ্বানে দেখাত কুকুৰৰ দৰে হ'বলৈ অৰ্ডাৰ কৰে এযোৰ বিশেষ সাজ। কোলী (Collie) নামৰ এটা কোম্পানীক এই বিশেষ সাজযোৰ বনোৱাৰ বাবে অৰ্ডাৰ দিয়ে টোকো-শ্বানে। কোম্পানীটোৱে প্ৰায় ১২ লাখ টকাত নিৰ্মাণ কৰি উলিয়ায় এই বিশেষ সাজ।

যিযোৰ সাজ দেখাত সাইলাখ কুকুৰৰ দৰে। সাজযোৰ নিৰ্মাণ কৰিবৰ বাবে সময় লাগে ৪০ দিন। অৱশেষত টোকো-শ্বানৰ হাতত পৰেহি সাজযোৰ। যি সাজ পৰিধান কৰি টোকো-শ্বান সাইলাখ এটা কুকুৰৰ দৰেই হৈ পৰে। 

সেই সাজেৰে সৈতে উঠা ফটো আৰু ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। টোকো-শ্বানৰ কুকুৰৰ দৰে আকৃতি দেখি সকলো আচৰিতো হৈ পৰিছে। বহুতেই আনকি বিশ্বাস কৰিব পৰা নাই যে সেয়া প্ৰকৃততে এটা কুকুৰ নহয় মানুহে। টোকো-শ্বানে কুকুৰৰ দৰে কৰা অংগী ভংগীবোৰ এতিয়া বিজুলী গতিত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।

চাওক ভিডিঅ'



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ