--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে জীৱন কালত বহুত হেঁপাহ, বহুত সপোন পুহি ৰাখে। তাৰে কিছুমান পূৰণ হয় আৰু কিছুমান নহয়। মৃত্যুৰ আগমূহুৰ্তলৈকে মানুহৰ আশা আৰু হেঁপাহৰ অন্ত নাথাকে। বহু মানুহে কোৱা আপুনি নিশ্চয় শুনিছে যে কুকুৰ হোৱা হ'লেই ভাল আছিল বা মানুহৰ জীৱনতকৈ কুকুৰৰ জীৱনেই ভাল।

 

এতিয়া আপোনাক যদি কওঁ এজন যুৱকে কুকুৰ হ'বৰ বাবে এক অসাাধ্য সাধন কৰিলে, আপুনি বাৰু বিশ্বাস কৰিবনে.. আপুনি বিশ্বাস কৰক বা নকৰক এজন যুৱকে সঁচাকৈয়ে ধাৰণ কৰিলে কুকুৰৰ ৰূপ। তাৰবাবে তেওঁ খৰচ কৰিলে ১২ লাখ টকা। যুৱকজনে কুকুৰ ইমানেই বেছি ভাল পাই যে খোৱা-বোৱা, শোৱা, আদি বহু কাম কুকুৰৰ দৰেই কৰে যুৱকগৰাকীয়ে।



মানুহৰ জীৱন পাই যেন তেওঁ সুখী নাছিল। মানৱ জীৱনৰ সলনি কুকুৰৰ দৰে এটা জীৱন পোৱাই ভাল আছিল বুলি তেওঁৰ মন অনবৰতে অশান্ত হৈ থাকে। কুকুৰৰ দৰে হ'বলৈ তেওঁ ভাবি উলিয়ালে বিশেষ উপায়। এই অদ্ভূত হেঁপাহ পুহি ৰখা যুৱকজন জাপানৰ বাসিন্দা। তেওঁৰ নাম টোকো-শ্বান।

 
টোকো-শ্বানে দেখাত কুকুৰৰ দৰে হ'বলৈ অৰ্ডাৰ কৰে এযোৰ বিশেষ সাজ। কোলী (Collie) নামৰ এটা কোম্পানীক এই বিশেষ সাজযোৰ বনোৱাৰ বাবে অৰ্ডাৰ দিয়ে টোকো-শ্বানে। কোম্পানীটোৱে প্ৰায় ১২ লাখ টকাত নিৰ্মাণ কৰি উলিয়ায় এই বিশেষ সাজ।

যিযোৰ সাজ দেখাত সাইলাখ কুকুৰৰ দৰে। সাজযোৰ নিৰ্মাণ কৰিবৰ বাবে সময় লাগে ৪০ দিন। অৱশেষত টোকো-শ্বানৰ হাতত পৰেহি সাজযোৰ। যি সাজ পৰিধান কৰি টোকো-শ্বান সাইলাখ এটা কুকুৰৰ দৰেই হৈ পৰে। 

সেই সাজেৰে সৈতে উঠা ফটো আৰু ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। টোকো-শ্বানৰ কুকুৰৰ দৰে আকৃতি দেখি সকলো আচৰিতো হৈ পৰিছে। বহুতেই আনকি বিশ্বাস কৰিব পৰা নাই যে সেয়া প্ৰকৃততে এটা কুকুৰ নহয় মানুহে। টোকো-শ্বানে কুকুৰৰ দৰে কৰা অংগী ভংগীবোৰ এতিয়া বিজুলী গতিত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।

চাওক ভিডিঅ'



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত