--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
অৰ্থনৈতিক সংকটে বিধ্বস্ত কৰা শ্ৰীলংকাৰ পথেৰেই এতিয়া অগ্ৰসৰ হৈছে পাকিস্তান৷ চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা দেশ খনত এতিয়া ঔষধকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে৷ শেহতীয়াকৈ দেশখনৰ ফেডাৰেল কেবিনেটে ইন্ধনৰ দাম ৩০ শতাংশ কৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷পাকিস্তান চৰকাৰে বৃহস্পতিবাৰে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য প্ৰতি লিটাৰত ৩০ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ ফলত দেশ খনত মাজনিশাৰে পৰা পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷

এতিয়া দেশ খনত পেট্ৰ'লৰ মূল্য হ'ব ১৭৯.৮৫ টকা, ডিজেলৰ মূল্য ১৭৪.১৫ টকা, কেৰাচিনৰ মূল্য ১৫৫.৯৫ টকা আৰু পাতল ডিজেলৰ মূল্য হ'ব ১৪৮.৪১ টকা। দুমাহৰ পিছত এই নিষেধাজ্ঞা পুনৰীক্ষণ কৰা হ’ব বুলি পাক চৰকাৰে প্ৰকাশ কৰিছে।পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে টুইটাৰত লিখিছে, ‘বিলাসী সামগ্ৰী আমদানি নিষিদ্ধ কৰাৰ সিদ্ধান্তই দেশৰ মূল্যৱান বৈদেশিক মুদ্ৰা ৰক্ষা কৰিব। কঠোৰ অনুশীলনৰ জৰিয়তে আমি একেলগে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হ’ম।” পাক ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৰ মতে, আমদানি নিষিদ্ধ কৰাৰ বাবে মাহিলী আমদানিৰ ধনৰ পৰিমাণ ২৮ কোটি পৰা ৩০ কোটিলৈ হ্ৰাস পাব।

বিত্ত মন্ত্ৰী মিফতাহ ইছমাইলে কাটাৰত পাকিস্তান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আইএমএফ) মাজত হোৱা আলোচনাৰ এদিন পিছতে ইন্ধনৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰে।
মিফতাই কয় যে ইন্ধনৰ মূল্যৰ বোজা জনসাধাৰণে বহন কৰিবই লাগিব৷কাৰণ আইএমএফে ইন্ধনৰ ৰাজসাহায্যৰ ক্ষেত্ৰত কোনো সকাহ দিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখ কৰিব পাৰি যে পূৰ্বৰ  ইমৰান খান চৰকাৰে ফেব্ৰুৱাৰীত আইএমএফৰ সৈতে কৰা চুক্তি হোৱা মৰ্মে জুন লৈকে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য সীমাবদ্ধ ৰখা হ’ব বুলি কোৱা হৈছিল৷পাকিস্তানৰ দৰে 
শ্ৰীলংকাৰ প্ৰশাসনেও অলপতে পেট্ৰ'লৰ মূল্য ২৪.৩ শতাংশ বৃদ্ধি কৰিছে।দেশ খনত ডিজেলৰ মূল্য ৩৮.৪ শতাংশ বৃদ্ধি পাইছে।  শ্ৰীলংকাত পেট্ৰ'লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৪২০ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০০ টকা হৈছে। চিলন পেট্ৰ'লিয়াম কৰ্পোৰেচনে অৰ্থনৈতিক সংকটৰ বাবে বাধ্যত পৰি এনেদৰে তেলৰ দাম বৃদ্ধি কৰিবলগীয়া হৈছে বুলি প্ৰকাশ কৰিছে। একেদৰে বিগত কেইমাহমানৰ পৰা পাকিস্তানৰ অৰ্থনীতিও ক্ৰমাগতভাৱে বিধ্বস্ত হৈছে। দেশখনত  ডলাৰৰ বিপৰীতে দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে। 
পাক চৰকাৰে বিলাসী সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। আমদানি নিষিদ্ধ তালিকাত থকা উল্লেখযোগ্য সামগ্ৰীসমূহৰ ভিতৰত আছে গাড়ী, ম’বাইল, ব্যক্তিগত অস্ত্ৰ-শস্ত্ৰ, বিলাসী বিচনা আৰু শ্লীপিং বেগ, বিলাসী চামৰাৰ কাপোৰ আদি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement