--°C
Loading...
Listen to Article
2 min read
80%
অৰ্থনৈতিক সংকটে বিধ্বস্ত কৰা শ্ৰীলংকাৰ পথেৰেই এতিয়া অগ্ৰসৰ হৈছে পাকিস্তান৷ চৰম ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা দেশ খনত এতিয়া ঔষধকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে৷ শেহতীয়াকৈ দেশখনৰ ফেডাৰেল কেবিনেটে ইন্ধনৰ দাম ৩০ শতাংশ কৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷পাকিস্তান চৰকাৰে বৃহস্পতিবাৰে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য প্ৰতি লিটাৰত ৩০ টকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ ফলত দেশ খনত মাজনিশাৰে পৰা পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷

এতিয়া দেশ খনত পেট্ৰ'লৰ মূল্য হ'ব ১৭৯.৮৫ টকা, ডিজেলৰ মূল্য ১৭৪.১৫ টকা, কেৰাচিনৰ মূল্য ১৫৫.৯৫ টকা আৰু পাতল ডিজেলৰ মূল্য হ'ব ১৪৮.৪১ টকা। দুমাহৰ পিছত এই নিষেধাজ্ঞা পুনৰীক্ষণ কৰা হ’ব বুলি পাক চৰকাৰে প্ৰকাশ কৰিছে।পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে টুইটাৰত লিখিছে, ‘বিলাসী সামগ্ৰী আমদানি নিষিদ্ধ কৰাৰ সিদ্ধান্তই দেশৰ মূল্যৱান বৈদেশিক মুদ্ৰা ৰক্ষা কৰিব। কঠোৰ অনুশীলনৰ জৰিয়তে আমি একেলগে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হ’ম।” পাক ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৰ মতে, আমদানি নিষিদ্ধ কৰাৰ বাবে মাহিলী আমদানিৰ ধনৰ পৰিমাণ ২৮ কোটি পৰা ৩০ কোটিলৈ হ্ৰাস পাব।

বিত্ত মন্ত্ৰী মিফতাহ ইছমাইলে কাটাৰত পাকিস্তান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আইএমএফ) মাজত হোৱা আলোচনাৰ এদিন পিছতে ইন্ধনৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰে।
মিফতাই কয় যে ইন্ধনৰ মূল্যৰ বোজা জনসাধাৰণে বহন কৰিবই লাগিব৷কাৰণ আইএমএফে ইন্ধনৰ ৰাজসাহায্যৰ ক্ষেত্ৰত কোনো সকাহ দিবলৈ অস্বীকাৰ কৰিছে।

উল্লেখ কৰিব পাৰি যে পূৰ্বৰ  ইমৰান খান চৰকাৰে ফেব্ৰুৱাৰীত আইএমএফৰ সৈতে কৰা চুক্তি হোৱা মৰ্মে জুন লৈকে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য সীমাবদ্ধ ৰখা হ’ব বুলি কোৱা হৈছিল৷পাকিস্তানৰ দৰে 
শ্ৰীলংকাৰ প্ৰশাসনেও অলপতে পেট্ৰ'লৰ মূল্য ২৪.৩ শতাংশ বৃদ্ধি কৰিছে।দেশ খনত ডিজেলৰ মূল্য ৩৮.৪ শতাংশ বৃদ্ধি পাইছে।  শ্ৰীলংকাত পেট্ৰ'লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৪২০ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০০ টকা হৈছে। চিলন পেট্ৰ'লিয়াম কৰ্পোৰেচনে অৰ্থনৈতিক সংকটৰ বাবে বাধ্যত পৰি এনেদৰে তেলৰ দাম বৃদ্ধি কৰিবলগীয়া হৈছে বুলি প্ৰকাশ কৰিছে। একেদৰে বিগত কেইমাহমানৰ পৰা পাকিস্তানৰ অৰ্থনীতিও ক্ৰমাগতভাৱে বিধ্বস্ত হৈছে। দেশখনত  ডলাৰৰ বিপৰীতে দেশৰ মুদ্ৰাৰ মূল্য হ্ৰাস পাইছে। 
পাক চৰকাৰে বিলাসী সামগ্ৰী আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। আমদানি নিষিদ্ধ তালিকাত থকা উল্লেখযোগ্য সামগ্ৰীসমূহৰ ভিতৰত আছে গাড়ী, ম’বাইল, ব্যক্তিগত অস্ত্ৰ-শস্ত্ৰ, বিলাসী বিচনা আৰু শ্লীপিং বেগ, বিলাসী চামৰাৰ কাপোৰ আদি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন