--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিড মহামাৰীৰ সময়ছোৱাত ভাৰতীয় ব্ৰেণ্ড ডলো-৬৫০ দৰববিধে অধিক জনপ্ৰিয়তা লাভ কৰিছে কাৰণ বিগত দুটা বৰ্ষত এই দৰববিধে বিক্ৰীৰ অভিলেখ ৰচিবলৈ সক্ষম হৈছে। কৰ’না কালৰ আগৰ পৰাই এই দৰববিধ বজাৰত উপলব্ধ আছিল যদিও মহামাৰীৰ সময়ছোৱাতহে এই দৰববিধে অধিক সমাদৰ লাভ কৰিছে। সম্প্ৰতি ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰনে দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাসকলেও পৰিত্ৰাণ পোৱা নাই এই ত্ৰাসৰ পৰা। এনে সময়তে ডলো-৬৫০ নামৰ ভাৰতীয় ব্ৰেণ্ডৰ দৰববিধৰ নাম চৰ্চালৈ আহিছে। বৰ্তমান সময়ত ক’ভিডৰে যুঁজিবলৈ ৰোগীসকলক ডলো-৬৫০ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে আৰু সমাদৰো লাভ কৰিছে। সাধাৰণতে এই টেবলেট খাদ্য খোৱাৰ পাছত খাব লাগে অন্যথা পেটৰ সমস্যাত ভুগিব পাৰে। কিন্তু এই টেবলেট অত্যধিক খোৱা অনুচিত। ডলো-৬৫০ৰ মহামাৰীৰ সময়ত আটাইতকৈ নিৰ্ভৰযোগ্য ঔষধ হিচাপে বিবেচিত হৈছে। যিয়ে মাৰ্চ ২০১৯-২০ত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ পাছত ৩৫০ কোটিতকৈও অধিক টেবলেট বিক্ৰী হৈছিল অকল ভাৰততে। ডলো-৬৫০ দৰববিধৰ পাৰ্শ্বক্ৰিয়া কম কাৰণে  স্তনপান কৰোৱা মহিলাসকলো গ্ৰহণ কৰিব পাৰে। কিন্তু অন্য বেমাৰৰ ৰোগীসকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে সেৱন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post