--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক’ভিড মহামাৰীৰ সময়ছোৱাত ভাৰতীয় ব্ৰেণ্ড ডলো-৬৫০ দৰববিধে অধিক জনপ্ৰিয়তা লাভ কৰিছে কাৰণ বিগত দুটা বৰ্ষত এই দৰববিধে বিক্ৰীৰ অভিলেখ ৰচিবলৈ সক্ষম হৈছে। কৰ’না কালৰ আগৰ পৰাই এই দৰববিধ বজাৰত উপলব্ধ আছিল যদিও মহামাৰীৰ সময়ছোৱাতহে এই দৰববিধে অধিক সমাদৰ লাভ কৰিছে। সম্প্ৰতি ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰনে দেশত ত্ৰাসৰ সৃষ্টি কৰিছে। প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰাসকলেও পৰিত্ৰাণ পোৱা নাই এই ত্ৰাসৰ পৰা। এনে সময়তে ডলো-৬৫০ নামৰ ভাৰতীয় ব্ৰেণ্ডৰ দৰববিধৰ নাম চৰ্চালৈ আহিছে। বৰ্তমান সময়ত ক’ভিডৰে যুঁজিবলৈ ৰোগীসকলক ডলো-৬৫০ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে আৰু সমাদৰো লাভ কৰিছে। সাধাৰণতে এই টেবলেট খাদ্য খোৱাৰ পাছত খাব লাগে অন্যথা পেটৰ সমস্যাত ভুগিব পাৰে। কিন্তু এই টেবলেট অত্যধিক খোৱা অনুচিত। ডলো-৬৫০ৰ মহামাৰীৰ সময়ত আটাইতকৈ নিৰ্ভৰযোগ্য ঔষধ হিচাপে বিবেচিত হৈছে। যিয়ে মাৰ্চ ২০১৯-২০ত ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ পাছত ৩৫০ কোটিতকৈও অধিক টেবলেট বিক্ৰী হৈছিল অকল ভাৰততে। ডলো-৬৫০ দৰববিধৰ পাৰ্শ্বক্ৰিয়া কম কাৰণে  স্তনপান কৰোৱা মহিলাসকলো গ্ৰহণ কৰিব পাৰে। কিন্তু অন্য বেমাৰৰ ৰোগীসকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে সেৱন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা