--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয়তো প্ৰতিজন যুৱকৰে তেওঁৰ জীৱনত এখন প্ৰচণ্ড বাইক কিনিবলৈ হাবিয়াস থাকে। কোনোবাই এই সপোন পূৰণ কৰিবলৈ হাড় ভঙা কষ্ট কৰি হলেও সামথ্য হয়। তামিলনাডুৰ চালেম জিলাৰ এজন যুৱকে যি কৰিলে সেই কামে এতিয়া সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। বুবাথি নামৰ যুৱকজনৰ ইচ্ছা আছিল এখন বাইক কিনা। যিটো তেওঁৰ বাবে সাধাৰণ নাছিল। তেওঁৰ পছন্দৰ বাইকখন কিনাৰ বাবে তেওঁৰ সামৰ্থও নাছিল। কিন্তু যুৱকজন হাৰ মনা নাছিল। তেওঁৰ প্ৰচণ্ড বাইকখন কিনিবলৈ যোৱা তিনি বছৰ ধৰি সঞ্চয় কৰিছিল ২,৬০,০০০ টকা। সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হল সেই সকলোবোৰ টকা খুচুৰা আছিল। স্পষ্টকৈ ক'বলৈ গ'লে, এই সকলোবোৰ এটকাৰ মুদ্ৰা আছিল। অৰ্থাৎ সেই সকলোবোৰ টকা তেওঁ এটকা এটকাকৈ সঞ্চয় কৰিছিল। বুবাথি কম্পিউটাৰ এপ্লিকেশ্বনত স্নাতক। চাৰি বছৰ পূৰ্বে ইউটিউবাৰ হিচাপেও কাম কৰিছিল। বৰ্তমান তেওঁ এটা ব্যক্তিগত কোম্পানীত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰে। বুবাথিয়ে তেওঁৰ সপোনৰ বাইকখন কিনি বাইকৰ শ্ব'ৰুমত দিয়া বৃহৎ সংখ্যক খুচুৰা মুদ্ৰা দেখি হতবাক হৈ পৰিছে শ্ব'ৰুম কৰ্তৃপক্ষ । যদিও তেওঁলোক প্ৰথমে আচহুৱা প্ৰকাশ কৰিছিল, তথাপিও কিন্তু তেওঁলোক বুবাথিৰ কষ্টোপাৰ্জিত ধনখিনি দেখি সন্মান জনাইছিল। শ্ব'ৰুমটোৰ মেনেজাৰ মহাবিক্ৰান্তে কয়, "বুবাথিৰ তিনি বছৰৰ সঞ্চয়ৰ পইছা গণনা কৰিবলৈ শ্ব'ৰুমৰ কৰ্মচাৰীসকলক ১০ ঘণ্টা সময় লাগিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত