--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয়তো প্ৰতিজন যুৱকৰে তেওঁৰ জীৱনত এখন প্ৰচণ্ড বাইক কিনিবলৈ হাবিয়াস থাকে। কোনোবাই এই সপোন পূৰণ কৰিবলৈ হাড় ভঙা কষ্ট কৰি হলেও সামথ্য হয়। তামিলনাডুৰ চালেম জিলাৰ এজন যুৱকে যি কৰিলে সেই কামে এতিয়া সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। বুবাথি নামৰ যুৱকজনৰ ইচ্ছা আছিল এখন বাইক কিনা। যিটো তেওঁৰ বাবে সাধাৰণ নাছিল। তেওঁৰ পছন্দৰ বাইকখন কিনাৰ বাবে তেওঁৰ সামৰ্থও নাছিল। কিন্তু যুৱকজন হাৰ মনা নাছিল। তেওঁৰ প্ৰচণ্ড বাইকখন কিনিবলৈ যোৱা তিনি বছৰ ধৰি সঞ্চয় কৰিছিল ২,৬০,০০০ টকা। সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো হল সেই সকলোবোৰ টকা খুচুৰা আছিল। স্পষ্টকৈ ক'বলৈ গ'লে, এই সকলোবোৰ এটকাৰ মুদ্ৰা আছিল। অৰ্থাৎ সেই সকলোবোৰ টকা তেওঁ এটকা এটকাকৈ সঞ্চয় কৰিছিল। বুবাথি কম্পিউটাৰ এপ্লিকেশ্বনত স্নাতক। চাৰি বছৰ পূৰ্বে ইউটিউবাৰ হিচাপেও কাম কৰিছিল। বৰ্তমান তেওঁ এটা ব্যক্তিগত কোম্পানীত কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰে। বুবাথিয়ে তেওঁৰ সপোনৰ বাইকখন কিনি বাইকৰ শ্ব'ৰুমত দিয়া বৃহৎ সংখ্যক খুচুৰা মুদ্ৰা দেখি হতবাক হৈ পৰিছে শ্ব'ৰুম কৰ্তৃপক্ষ । যদিও তেওঁলোক প্ৰথমে আচহুৱা প্ৰকাশ কৰিছিল, তথাপিও কিন্তু তেওঁলোক বুবাথিৰ কষ্টোপাৰ্জিত ধনখিনি দেখি সন্মান জনাইছিল। শ্ব'ৰুমটোৰ মেনেজাৰ মহাবিক্ৰান্তে কয়, "বুবাথিৰ তিনি বছৰৰ সঞ্চয়ৰ পইছা গণনা কৰিবলৈ শ্ব'ৰুমৰ কৰ্মচাৰীসকলক ১০ ঘণ্টা সময় লাগিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ