--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰত-চীনৰ লাডাখ সীমান্তৰ পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা সৈন্য সমাৱেশ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। এটা সূত্ৰই এই কথা আজি প্ৰকাশ কৰিছে। দুয়োখন দেশে বিবাদমান স্থানৰ পৰা সৈন্যক আঁতৰাই নি সীমান্তৰ দুয়োপাৰে নো পেট্ৰ’ল জ’ন হিচাপে ঘোষণা কৰা সিদ্ধান্ত লৈছিল আৰু বিগত কিছুদিন ধৰি পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা দুয়ো দেশৰ সৈন্যক আঁতৰ কৰা কাম আৰম্ভ কৰিছিল।

আৰু পঢ়িব পাৰিব : গালোৱান সংঘৰ্ষ : প্ৰথমবাৰলৈ নিজৰ ক্ষতিৰ কথা স্বীকাৰ চীনৰ

ডেপছাং, হট স্প্ৰীং আৰু গোগৰাৰ পৰা সৈন্য আঁতৰোৱাৰ বিষয়ে শনিবাৰে দশম লানি ছিনিয়ৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত আলোচনা কৰিব। পেংগো হ্ৰদৰ দক্ষিণ পাৰৰ চুচুলৰ মোলডোত এই বৈঠক অনুষ্ঠিত হ’ব। দুয়ো দেশে পেংগোঙৰ দুয়োপাৰৰ পৰা সৈন্য, টেংক আৰু অন্য সমৰাস্ত্ৰ আঁতৰাই নি দীৰ্ঘদিনে চলি থকা সংঘৰ্ষপ্ৰৱণ অৱস্থাৰ অৱসান ঘটোৱাৰ দিশে খোজ দিছে।

আৰু পঢ়িব পাৰিব : পোষ্টেল বেলট : কেন্দ্ৰ, নিৰ্বাচন আয়োগলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

শেহতীয়াকৈ প্ৰকাশ পোৱা উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, জানুৱাৰী মাহত চীনা সৈন্যৰ যিবোৰ শিবিৰ সীমান্তত দেখা গৈছিল সেইবোৰ আঁতৰাই নিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ