--°C
Loading...
Listen to Article
2 min read
80%

বেইজিং : ভাৰত-চীনৰ লাডাখ সীমান্তৰ গালোৱান উপত্যকাত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত চীনৰো পাঁচজন সৈনিকৰ মৃত্যু হৈছিল। এই সংঘাতৰ কেইবামাহো অতিক্ৰম কৰাৰ পাছত চীনে প্ৰথমবাৰৰ বাবে এইকথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। চীনে সংঘৰ্ষত নিহত সৈনিক আৰু সামৰিক বিষয়াসকলৰ নাম প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : পোষ্টেল বেলট : কেন্দ্ৰ, নিৰ্বাচন আয়োগলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পিএলএ ডেইলীত প্ৰকাশ পোৱা মতে, আহত হোৱা এগৰাকী বিষয়াসহ পাঁচজন সৈনিকক শ্ৰদ্ধা জনাইছে চীনৰ প্ৰশাসনে। শুকুৰবাৰে চীনৰ সামৰিক বাহিনীৰ বাতৰি কাকতখনত এই বিষয়ে প্ৰকাশ পাইছে। পিএলএৰ জিনজিয়াং মিলিটেৰী কমাণ্ডৰ ৰেজিমেণ্টেল কমাণ্ডাৰ কুই ফাবাও-ও নিহতসকলৰ ভিতৰত আছে। যোৱা বছৰৰ ১৫জুনত সংঘটিত হোৱা এই সংঘাতত ভাৰতৰ ২০গৰাকীকৈ সৈনিকৰ শ্বহীদ হৈছিল।

আৰু পঢ়িব পাৰিব : অধিবক্তাৰ হাতত ঝাড়ু : ৮বছৰে চাফা কৰি আহিছে পথ

চীনে কিন্তু তেওঁলোকৰ ফালৰ ক্ষয়-ক্ষতিৰ বিষয়ে আনুষ্ঠানিকভাৱে একো প্ৰকাশ কৰা নাছিল। বিগত ১০ ফেব্ৰুৱাৰীত ৰাছিয়ান নিউজ এজেন্সি টিএএছএছ-এ এই সংঘাতত ৪৫জন চীনা সৈনিক নিহত হোৱা বুলি বাতৰি প্ৰকাশ কৰিছিল আৰু ভাৰতীয় সেনাই এই তথ্যক উদ্ধৃত কৰিছিল। তাৰ পাছতে চীনে পাঁচগৰাকী সৈনিকৰ প্ৰাণহানিৰ কথা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ