--°C
Loading...
Listen to Article
2 min read
80%

বেইজিং : ভাৰত-চীনৰ লাডাখ সীমান্তৰ গালোৱান উপত্যকাত হোৱা ৰক্তক্ষয়ী সংঘৰ্ষত চীনৰো পাঁচজন সৈনিকৰ মৃত্যু হৈছিল। এই সংঘাতৰ কেইবামাহো অতিক্ৰম কৰাৰ পাছত চীনে প্ৰথমবাৰৰ বাবে এইকথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। চীনে সংঘৰ্ষত নিহত সৈনিক আৰু সামৰিক বিষয়াসকলৰ নাম প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব : পোষ্টেল বেলট : কেন্দ্ৰ, নিৰ্বাচন আয়োগলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পিএলএ ডেইলীত প্ৰকাশ পোৱা মতে, আহত হোৱা এগৰাকী বিষয়াসহ পাঁচজন সৈনিকক শ্ৰদ্ধা জনাইছে চীনৰ প্ৰশাসনে। শুকুৰবাৰে চীনৰ সামৰিক বাহিনীৰ বাতৰি কাকতখনত এই বিষয়ে প্ৰকাশ পাইছে। পিএলএৰ জিনজিয়াং মিলিটেৰী কমাণ্ডৰ ৰেজিমেণ্টেল কমাণ্ডাৰ কুই ফাবাও-ও নিহতসকলৰ ভিতৰত আছে। যোৱা বছৰৰ ১৫জুনত সংঘটিত হোৱা এই সংঘাতত ভাৰতৰ ২০গৰাকীকৈ সৈনিকৰ শ্বহীদ হৈছিল।

আৰু পঢ়িব পাৰিব : অধিবক্তাৰ হাতত ঝাড়ু : ৮বছৰে চাফা কৰি আহিছে পথ

চীনে কিন্তু তেওঁলোকৰ ফালৰ ক্ষয়-ক্ষতিৰ বিষয়ে আনুষ্ঠানিকভাৱে একো প্ৰকাশ কৰা নাছিল। বিগত ১০ ফেব্ৰুৱাৰীত ৰাছিয়ান নিউজ এজেন্সি টিএএছএছ-এ এই সংঘাতত ৪৫জন চীনা সৈনিক নিহত হোৱা বুলি বাতৰি প্ৰকাশ কৰিছিল আৰু ভাৰতীয় সেনাই এই তথ্যক উদ্ধৃত কৰিছিল। তাৰ পাছতে চীনে পাঁচগৰাকী সৈনিকৰ প্ৰাণহানিৰ কথা প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ