--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে উপযোগী। বিলাহীও স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়েহে আমাৰ দৈনিক খাদ্য তালিকাত বিলাহী অন্তৰ্ভুক্ত হয়। বিলাহী ছালৰ লগতে সৌন্দৰ্য্যৰ চৰ্চাটো ব্যৱহাৰ কৰা হয়। বহুতো ঘৰুৱা ঔষধত ইয়াক ব্যৱহাৰ কৰা হয়, কেৱল এয়াই নহয়, বহুতো সৌন্দৰ্য্য সামগ্ৰীটো বিলাহী ব্যৱহাৰ কৰা হয়। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’, লাইকোপিন, ভিটামিন-কে, পটাছিয়াম আদি থাকে। বিলাহী খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস হোৱাৰ লগতে ওজন হ্ৰাস কৰাটো বিলাহীৰ আছে যথেষ্ট গুৰুত্ব। কিন্তু পুৱা খালী পেটত বিলাহী খালে ১০টা ডাঙৰ আচৰিত লাভ পোৱা যায়।

 বিলাহী খোৱাৰ উপকাৰিতা-

১. পকা বিলাহী যদি পানী নোখোৱাকৈ পুৱা খালী পেটত খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

২. যিসকল শিশুৱে অপুষ্টিহীনতাত ভুগি আছে, তেওঁলোকক প্ৰতিদিনে এগিলাচ বিলাহীৰ ৰস দিলে তেওঁলোকৰ লাভ হ’ব।

৩. বিলাহী খালে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায়ক হয়।

৪. ওজন কমাবলৈ আপুনি বিলাহী খাব পাৰে। চালাড বা ১-২ গিলাচ বিলাহীৰ ৰস খাব পাৰে।

৫. যিসকলে বাত বিষত অসুবিধা পায়, তেওঁলোকে বিলাহীৰ সেৱন কৰিব লাগে।

৬. যদি আপুনি গৰ্ভৱতী তেন্তে বিলাহী খাব লাগে। ইয়াৰ ফলত শৰীৰে ভিটামিন-‘চি’ লাভ কৰে যিটো উপকাৰী।

৭. পেটত কৃমিৰ সমস্যা হ'লে খালী পেটত ক'লা জালুক মিহলাই বিলাহী খোৱা উচিত।

৮. যদি আপুনি দৈনিক এটা কেঁচা বিলাহী খায় তেন্তে ই মুখৰ উজ্জ্বলতা আনে।

৯. বিলাহী খোৱাৰ উপৰি ইয়াক লগালে মুখৰ ছাল জিলিকি উঠে। ইয়াৰ বাবে বিলাহীৰ পাল্প মুখত ঘঁহিলে উজ্জ্বলতা পাব।

১০. ডায়েবেটিছত বিলাহী খোৱাটো উপকাৰী আৰু বিলাহীয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত