--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে উপযোগী। বিলাহীও স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়েহে আমাৰ দৈনিক খাদ্য তালিকাত বিলাহী অন্তৰ্ভুক্ত হয়। বিলাহী ছালৰ লগতে সৌন্দৰ্য্যৰ চৰ্চাটো ব্যৱহাৰ কৰা হয়। বহুতো ঘৰুৱা ঔষধত ইয়াক ব্যৱহাৰ কৰা হয়, কেৱল এয়াই নহয়, বহুতো সৌন্দৰ্য্য সামগ্ৰীটো বিলাহী ব্যৱহাৰ কৰা হয়। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’, লাইকোপিন, ভিটামিন-কে, পটাছিয়াম আদি থাকে। বিলাহী খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস হোৱাৰ লগতে ওজন হ্ৰাস কৰাটো বিলাহীৰ আছে যথেষ্ট গুৰুত্ব। কিন্তু পুৱা খালী পেটত বিলাহী খালে ১০টা ডাঙৰ আচৰিত লাভ পোৱা যায়।

 বিলাহী খোৱাৰ উপকাৰিতা-

১. পকা বিলাহী যদি পানী নোখোৱাকৈ পুৱা খালী পেটত খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

২. যিসকল শিশুৱে অপুষ্টিহীনতাত ভুগি আছে, তেওঁলোকক প্ৰতিদিনে এগিলাচ বিলাহীৰ ৰস দিলে তেওঁলোকৰ লাভ হব।

৩. বিলাহী খালে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায়ক হয়।

৪. ওজন কমাবলৈ আপুনি বিলাহী খাব পাৰে। চালাড বা ১-২ গিলাচ বিলাহীৰ ৰস খাব পাৰে।

৫. যিসকলে বাত বিষত অসুবিধা পায়, তেওঁলোকে বিলাহীৰ সেৱন কৰিব লাগে।

৬. যদি আপুনি গৰ্ভৱতী তেন্তে বিলাহী খাব লাগে। ইয়াৰ ফলত শৰীৰে ভিটামিন-‘চি’ লাভ কৰে যিটো উপকাৰী।

৭. পেটত কৃমিৰ সমস্যা হ'লে খালী পেটত ক'লা জালুক মিহলাই বিলাহী খোৱা উচিত।

৮. যদি আপুনি দৈনিক এটা কেঁচা বিলাহী খায় তেন্তে ই মুখৰ উজ্জ্বলতা আনে।

৯. বিলাহী খোৱাৰ উপৰি ইয়াক লগালে মুখৰ ছাল জিলিকি উঠে। ইয়াৰ বাবে বিলাহীৰ পাল্প মুখত ঘঁহিলে উজ্জ্বলতা পাব।

১০. ডায়েবেটিছত বিলাহী খোৱাটো উপকাৰী আৰু বিলাহীয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ