--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক ৭৫ কেজি শাখাত হয়তো আৰু দেখিবলৈ পোৱা নাযাব। কাৰণ আন্তর্জাতিক অলিম্পিক কমিটীয়ে (আই অ' চি) ২০২৮ চনৰ লছ এঞ্জেলছ গে'মছৰ বাবে লাভলীনাৰ বৰ্তর্তমান ৭৫ কেজি ওজন শাখা বাতিল কৰিলে। 

ইয়াৰ ফলত অসম কন্যা লাভলীনাক নতুন ওজন শাখা নিৰ্বাচন কৰিবলৈ বাধ্য কৰোৱা হৈছে। বুধবাৰে আই অ' চিয়ে লছ এঞ্জেলছ গে'মছৰ বাবে ইভেন্ট প্রগ্ৰেম আৰু এথলীট কোটা ঘোষণা কৰে। 

আই অ' চিৰ এই পৰিৱৰ্তনৰ বাবে লাভলীনাই হয় ৭০ কেজিত নামিব লাগিব অন্যথাই ৮০ কেজি ঊর্ধ্বলৈ যাব লাগিব। 'এয়া মোৰ বাবে একেবাৰেই নতুন তথ্য। এই সিদ্ধান্তই মোক হতবাক কৰিছে। কাৰণ মই এতিয়া ওজন শাখা সলনি কৰিব লাগিব। মই ভাবিছোঁ ৭০ কেজিত নামিব লাগিব। কাৰণ মোৰ বাবে ৮০ ঊর্ধ্বৰ শাখাত খেলা কঠিন হ'ব।' কয় লাভলীনাই। 

আনহাতে তাৰকা বক্সাৰ লাভলীনাৰ ব্যক্তিগত প্রশিক্ষক প্রণামিকা বৰাই আই অ' চিৰ এই সিদ্ধান্তক লৈ, আশ্চর্য প্রকাশ কৰিছে। প্রশিক্ষক প্রণামিকাই কয় যে ফিটনেছ আৰু চিকিৎসা মূল্যায়নৰ পাছতেই চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 

প্রণামিকাই কয়, 'এই বাতৰি পাই সঁচাকৈয়ে আচৰিত হৈছোঁ। সদ্যহতে যিকোনো সিদ্ধান্ত ল'ব নোৱাৰি। অৱশ্যে, তেওঁ দুয়োটা ওজন শাখাতে যুঁজ দিব পাৰিব। কাৰণ লাভলীনাৰ উচ্চতাই সেই ক্ষেত্রত সহায়ক হৈ উঠিব। ইয়াৰ আগেয়ে আমি কেতবোৰ পৰীক্ষা কৰিব লাগিব। তেওঁৰ শৰীৰৰ ওজন হ্রাস অথবা বৃদ্ধিৰ বাবে উপযোগী ব্যৱস্থা লোৱাৰ দৰকাৰ হ'ব। ইয়াৰ পাছতহে আমি সিদ্ধান্ত ল'ম।' বৰ্তমান লাভলীনাৰ স্বাভাবিক ওজন হ'ল ৭৪ কেজি। লাভলীনাৰ প্রশিক্ষক প্রণামিকাই জোৰ দি কয় যে অতিৰিক্ত ওজন হ্রাস কৰাৰ ফলত শক্তি হ্রাস পাব পাৰে। উল্লেখযোগ্য যে যোৱা মাহতহে লছ এঞ্জেলছ অলিম্পিকত বক্সিং অন্তর্ভুক্ত কৰা হ'ব বুলি নিশ্চিত কৰা হৈছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ