--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ বাবে ভাল খবৰ। ২০২৮-ত লছ এঞ্জেলছ অলিম্পিকত অভিষেক ঘটিব কম্পাউণ্ড আৰ্চাৰীৰ। বিশ্বৰ সৰ্ববৃহৎ ক্রীড়া প্রতিযোগিতাখনত ভাৰতে তেনেদৰেই আৰ্চাৰী ইভেন্টত পদক জয়ৰ অসম্পূর্ণ সপোন বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰিব। 

কম্পাউণ্ড আৰ্চাৰী অলিম্পিকত অন্তর্ভুক্ত হোৱাৰ বাবে ভাৰতৰ পদকৰ সম্ভাৱনা বৃদ্ধি পাব। কাৰণ ৰিকাৰ্ড আৰ্চাৰীত দক্ষিণ কোৰিয়াৰ আধিপত্যৰ বিৰুদ্ধে ভাৰতে কেতিয়াও যোগ্য প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হোৱা নাই। 

পিছে শেহতীয়া তিনি বছৰ ধৰি ভাৰতীয় কম্পাউণ্ড আৰ্চাৰে ভাল প্রদর্শন আগবঢ়াইছে। নিয়মীয়াকৈ বিশ্ব কাপ আৰু বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰি আহিছে। ইফালে, ১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ উভতি আহিছে ক্রিকেট। আন্তর্জাতিক অলিম্পিক কমিটীয়ে বুধবাৰে ছখন দেশে ক্রিকেটত স্বর্ণ পদকৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে। ১৯০০ চনৰ অলিম্পিকত আছিল ক্রিকেট। সেইবাৰ মাথোঁ এখন প্রদর্শনী ক্রিকেট মেচহে অনুষ্ঠিত হৈছিল। 

ইয়াৰ পাছৰে পৰাই অলিম্পিকলৈ ক্রিকেট পুনৰ ঘূৰাই আনিবলৈ চেষ্টা চলাই আহিছিল আই চি চিয়ে। দীর্ঘ প্রতীক্ষাৰ অন্তত সফল হ'ল আই চি চি। ছটা দলে খেলিব টি-২০ ফৰমেটত। পুৰুষ-মহিলা উভয় শাখাতে থাকিব ছটাকৈ দল। প্রতিটো দলত থাকিব পাৰে সৰ্বাধিক ১৫গৰাকী খেলুৱৈ। 

অৱশ্যে যোগ্যতা অর্জন কেনেদৰে হ'ব সেয়া জানিব পৰা হোৱা নাই। আই চি চিৰ অধীনত পূর্ণকালীন সদস্য হিচাপে আছে ১২খন দেশ। ইয়াৰ উপৰি ৯০খনৰো অধিক দেশ সহযোগী সদস্য হিচাপে আছে। সেই দেশসমূহে কেৱল টি-২০ ক্রিকেটহে খেলে। আয়োজক হিচাপে যোগ্যতা অর্জন কৰিব পাৰে আমেৰিকাই। বাকী দেশসমূহে যোগ্যতা অর্জন কৰিব লাগিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ