--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে জন্মদিনৰ খানাৰ বাবে অনা চিলিণ্ডাৰ বিস্ফোৰিত হৈ শেষ হ'ল দেৱব্ৰত চৌধুৰী, পম্পী চৌধুৰীৰ জীৱন।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কন্যাৰ জন্মদিনৰ দিনাই কৰুণ মৃত্যুক সাবটিলে এক দম্পতীয়ে। কন্যাৰ জন্মদিন পালন কৰিবলৈ সাজু হৈছিল পিতৃ-মাতৃ কিন্তু হঠাতে পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা। ঘৰখনত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সেই অগ্নিকাণ্ডতে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে।


জীৱন্তে অগ্নিদগ্ধ হৈ দেৱব্ৰত চৌধুৰী, পম্পী চৌধুৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।


পতি-পত্নীয়ে কন্যাৰ জন্মদিন উদযাপনৰ বাবে কৰিছিল প্ৰস্তুতি। প্ৰায় ১০০ শতাংশ অগ্নিদগ্ধ হয় স্বামী-স্ত্ৰী।ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত সূত্ৰপাত হয় জুইৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহন।বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ। অগ্নিকাণ্ড দুজনকৈ লোক আহত হোৱা বুলি জনাইছে অগ্নি নিৰ্বাহক বাহিনীৰ লোকে।


ঘৰটোত কেইবাবছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল চৌধুৰী দম্পতী।


জানিব পৰা মতে জন্মদিনৰ খানাৰ বাবে অনা চিলিণ্ডাৰ বিস্ফোৰিত হৈ শেষ হ'ল দেৱব্ৰত চৌধুৰী, পম্পী চৌধুৰীৰ জীৱন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ