হেমন্তদাই বোম্বাইলৈ গৈ মোলৈ এখন চিঠি লিখিছিল - ‘ভূপেন, তুমি আহিব পাৰাঁ৷ মই লতাক কৈছোঁ।’ মই গ’লোঁ৷ লতাৰ সাগৰৰ পাৰত ঘৰ৷ সাতটামান চাইনীজ কুকুৰ আছিল, লতাৰ বৰ মৰমৰ৷ সাধাৰণ সাজ-পাৰ পিন্ধি লতাই মাটিত বহি আছিল৷ হেমন্তদা ওখ-পাখ মানুহ৷ মই যোৱাৰ লগে লগে হেমন্তদাই গহীন হৈ ক’লে - ‘এয়া ভূপেন হাজৰিকা, তোমাক যে মই কৈছিলোঁ৷ বাংলা ছবি এখন কৰিছে৷ গান গাব লাগিব৷’
মাটিৰপৰা উঠিয়েই মোক ভৰিৰপৰা মূৰলৈ চাই লতাই কৈছিল - ‘আপুনি ভূপেন হাজৰিকা নেকি? আপোনাৰ নামতকৈ বয়সত সৰু৷ জানে, বলৰাজ ছাহানি, বিমলদা, হেমন্তদা, সলিলদা - সকলোৱে আপোনাৰ বিষয়ে খুব গল্প কৰে৷’ সেয়াই প্ৰথম আলাপ৷ কিমান সুন্দৰকৈ কথাকেইটা ক’লে তেওঁ৷ তেতিয়াই তেওঁৰ নাম সকলোতে বিয়পি পৰিছে৷
কোঠাটোত অন্য একো নাই, শিৱাজীৰ ছবি এখন আছিল৷ তেওঁৰ দেউতাক দীননাথ মংগেশকাৰৰ ছবিখনো আছিল। দেউতাকৰ যাত্ৰাপাৰ্টী আছিল, আমাৰ ব্ৰজ শৰ্মাৰ নিচিনা৷ কোঠাটোত মহালক্ষ্মী মন্দিৰৰ আৰ্হি এটাও আছিল৷ লতাক বৰ আধ্যাত্মিক ভাবৰ যেন লাগিল৷ মোৰ কিন্তু কোঠাটোত সোমাই নিজকে বৰ পাপী পাপী যেন লাগিছিল৷ মই চিগাৰেট খাই থাকোঁ৷ দিনটোত বহুত খাওঁ। এটাৰ পাছত আনটো জ্বলাই থাকোঁ৷ ছাই-টাই পৰিছে৷ মই ৰূমটোত একেবাৰে মিলা নাই৷
লতাক যেতিয়াই গানৰ কথা ক’লোঁ, তেওঁ মোক এখন হাৰমনিয়াম আনি দিলে৷ তেতিয়া লতাই ক’লে, ‘আপোনাক দাদা বুলিয়েই মাতিম৷’ মই গানটো শুনাইছিলোঁ৷ অনুমান হ’ল গানটো তেওঁৰ গানটো ভীষণ ভাল লাগিছিল৷ তেওঁ ক’লে, ‘ভাল হৈছে৷ গানটোৰ অৰ্থ মোক বুজাই দিয়ক৷’ মই বুজাই দিলোঁ৷ মই ক’লোঁ, আমি কিন্তু ৰিহাৰ্চেল কৰিব লাগিব৷ কাৰণ, গানটো নিখুঁত হ’ব লাগিব। আপোনাৰ সময় আছে নে নাই? মই আপুনি সম্বোধন কৰাত তেওঁ ‘তুমি’ বুলি ক’বলৈ ল’লে৷ মোৰো তেতিয়া বয়স কম৷ তাৰ পাছত গান হ’ল৷ লতাই গাড়ীখন লৈ আহি হেমন্ত কুমাৰৰ ঘৰৰপৰা মোক লৈ যায়৷ কোলহাপুৰ, পুণা - এইবোৰ দেখুৱাই লৈ আহে৷
লতা ই মোক এদিন কৈছিল, ‘আপুনি ইয়াত এটা ষ্টুডিঅ’ কৰক৷ মই আছোঁ৷’ মোৰ যেন কিবা গুণ আছে - মই যেন সাংঘাতিক কিবা এটা কৰিব পাৰিম - এনে ভাবত কথাবোৰ কৈছিল৷
বহুত আলোচনা হ’ল তাৰ পাছত৷ তুলনামূলক কথা৷ আমাৰ লাচিত বৰফুকন আছে৷ মহাৰাষ্ট্ৰত শিৱাজী আছে। ৰামদাস আছে তাত৷ আমাৰ আছে শংকৰদেৱ৷ ঊষাই কান্দে তেজপুৰত৷ সীতাই কান্দে মহাৰাষ্ট্ৰত৷ অসমৰ আছে আইনাম, বিহুনাম, বৰগীত৷ মহাৰাষ্ট্ৰত আছে ওভি, পোৱাড়া, তামাচা৷ লতা ই ক’লে, আৰু বহু কথাই মিলে৷ কিছু আৱেগ-গধুৰ হৈ ক’লে - ‘ভূপেনদা, আচৰিত হৈছোঁ যে ভাৰতৰ কোনো ঠাইতে ‘আই’ নোবোলে৷ অসমৰ দৰে আমিও মাৰাঠীতে আইহে কওঁ৷’
( ভূপেন হাজৰিকাৰ লেখা)