--°C
Loading...
Listen to Article
2 min read
80%
হেমন্তদাই বোম্বাইলৈ গৈ মোলৈ এখন চিঠি লিখিছিল - ‘ভূপেন, তুমি আহিব পাৰাঁ৷ মই লতাক কৈছোঁ।’ মই গ’লোঁ৷ লতাৰ সাগৰৰ পাৰত ঘৰ৷ সাতটামান চাইনীজ কুকুৰ আছিল, লতাৰ বৰ মৰমৰ৷ সাধাৰণ সাজ-পাৰ পিন্ধি লতাই মাটিত বহি আছিল৷ হেমন্তদা ওখ-পাখ মানুহ৷ মই যোৱাৰ লগে লগে হেমন্তদাই গহীন হৈ ক’লে - ‘এয়া ভূপেন হাজৰিকা, তোমাক যে মই কৈছিলোঁ৷ বাংলা ছবি এখন কৰিছে৷ গান গাব লাগিব৷’ মাটিৰপৰা উঠিয়েই মোক ভৰিৰপৰা মূৰলৈ চাই লতাই কৈছিল - ‘আপুনি ভূপেন হাজৰিকা নেকি? আপোনাৰ নামতকৈ বয়সত সৰু৷ জানে, বলৰাজ ছাহানি, বিমলদা, হেমন্তদা, সলিলদা - সকলোৱে আপোনাৰ বিষয়ে খুব গল্প কৰে৷’ সেয়াই প্ৰথম আলাপ৷ কিমান সুন্দৰকৈ কথাকেইটা ক’লে তেওঁ৷ তেতিয়াই তেওঁৰ নাম সকলোতে বিয়পি পৰিছে৷ কোঠাটোত অন্য একো নাই, শিৱাজীৰ ছবি এখন আছিল৷ তেওঁৰ দেউতাক দীননাথ মংগেশকাৰৰ ছবিখনো আছিল। দেউতাকৰ যাত্ৰাপাৰ্টী আছিল, আমাৰ ব্ৰজ শৰ্মাৰ নিচিনা৷ কোঠাটোত মহালক্ষ্মী মন্দিৰৰ আৰ্হি এটাও আছিল৷ লতাক বৰ আধ্যাত্মিক ভাবৰ যেন লাগিল৷ মোৰ কিন্তু কোঠাটোত সোমাই নিজকে বৰ পাপী পাপী যেন লাগিছিল৷ মই চিগাৰেট খাই থাকোঁ৷ দিনটোত বহুত খাওঁ। এটাৰ পাছত আনটো জ্বলাই থাকোঁ৷ ছাই-টাই পৰিছে৷ মই ৰূমটোত একেবাৰে মিলা নাই৷ লতাক যেতিয়াই গানৰ কথা ক’লোঁ, তেওঁ মোক এখন হাৰমনিয়াম আনি দিলে৷ তেতিয়া লতাই ক’লে, ‘আপোনাক দাদা বুলিয়েই মাতিম৷’ মই গানটো শুনাইছিলোঁ৷ অনুমান হ’ল গানটো তেওঁৰ গানটো ভীষণ ভাল লাগিছিল৷ তেওঁ ক’লে, ‘ভাল হৈছে৷ গানটোৰ অৰ্থ মোক বুজাই দিয়ক৷’ মই বুজাই দিলোঁ৷ মই ক’লোঁ, আমি কিন্তু ৰিহাৰ্চেল কৰিব লাগিব৷ কাৰণ, গানটো নিখুঁত হ’ব লাগিব। আপোনাৰ সময় আছে নে নাই? মই আপুনি সম্বোধন কৰাত তেওঁ ‘তুমি’ বুলি ক’বলৈ ল’লে৷ মোৰো তেতিয়া বয়স কম৷ তাৰ পাছত গান হ’ল৷ লতাই গাড়ীখন লৈ আহি হেমন্ত কুমাৰৰ ঘৰৰপৰা মোক লৈ যায়৷ কোলহাপুৰ, পুণা - এইবোৰ দেখুৱাই লৈ আহে৷ লতা ই মোক এদিন কৈছিল, ‘আপুনি ইয়াত এটা ষ্টুডিঅ’ কৰক৷ মই আছোঁ৷’ মোৰ যেন কিবা গুণ আছে - মই যেন সাংঘাতিক কিবা এটা কৰিব পাৰিম - এনে ভাবত কথাবোৰ কৈছিল৷ বহুত আলোচনা হ’ল তাৰ পাছত৷ তুলনামূলক কথা৷ আমাৰ লাচিত বৰফুকন আছে৷ মহাৰাষ্ট্ৰত শিৱাজী আছে। ৰামদাস আছে তাত৷ আমাৰ আছে শংকৰদেৱ৷ ঊষাই কান্দে তেজপুৰত৷ সীতাই কান্দে মহাৰাষ্ট্ৰত৷ অসমৰ আছে আইনাম, বিহুনাম, বৰগীত৷ মহাৰাষ্ট্ৰত আছে ওভি, পোৱাড়া, তামাচা৷ লতা ই ক’লে, আৰু বহু কথাই মিলে৷ কিছু আৱেগ-গধুৰ হৈ ক’লে - ‘ভূপেনদা, আচৰিত হৈছোঁ যে ভাৰতৰ কোনো ঠাইতে ‘আই’ নোবোলে৷ অসমৰ দৰে আমিও মাৰাঠীতে আইহে কওঁ৷’ ( ভূপেন হাজৰিকাৰ লেখা)

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ