--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটি যুগৰ অৱসান! নাইটেংগল অব ইণ্ডিয়াৰ বিয়োগত শোকস্তব্ধ দেশ। ৰাজ্যিক সন্মানেৰে মুম্বাইৰ শিৱাজী পাৰ্কত শেষকৃত্য সম্পন্ন হ’ল সুৰসম্ৰাজ্ঞী লতা মংগেশকাৰৰ। দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে৷ অশ্ৰুসিক্ত নয়নেৰে চিৰবিদায় দিলে দেশবাসীয়ে৷ অভিনেতা নীল নীতিন মুকেশে ইনষ্টাগ্ৰামত তেওঁৰ পৰিয়ালৰ সৈতে কিংবদন্তি গায়িকাগৰাকীৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা মনত পেলায় এটি পোষ্ট কৰিছিল। লতা মংগেশকাৰৰ পিতৃ আৰু ককাকৰ সৈতে ফটো শ্বেয়াৰ কৰি নীলে লিখিছিল, “এই মুহূৰ্তত মোৰ পৰিয়ালে কি অনুভৱ কৰে সেয়া আপোনাক ক’বলৈও আৰম্ভ কৰিব নোৱাৰি। আমি বিধ্বস্ত হৈ পৰিছো। মোৰ দেউতাৰ বাবে, সংগীত তেওঁৰ সৈতে আৰম্ভ হৈছিল আৰু তেওঁতেই সৈতে সমাপ্ত। লতা দিদি আমাৰ বাবে সাইলাখ দেৱী আছিল; তেওঁক মোৰ দেউতা আৰু আমি সকলোৱে উপাসনা কৰিছিলোঁ।” তেওঁ এইটোও প্ৰকাশ কৰিছিল যে লতা মংগেশকাৰেহে তেওঁক নীল নাম দিছিল। ‘সাক্ষাৎ সৰস্বতী। মুকেশ পৰিয়ালৰ ৪ টা প্ৰজন্মই তেওঁক অত্যন্ত আদৰ কৰিছিল।’ আনকি নীলে লগতে ব্যক্ত কৰিছিল যে, তেওঁলোক পৰিয়ালৰ ৩জন সদস্যই লতা দিদিৰ সৈতে কাম কৰাই নহয়৷ তেওঁলোকক পৰিচয় বনোৱাতো সহায় কৰিছিল৷ যাৰ বাবে সুৰৰ সম্ৰাজ্ঞীৰ ওচৰত নীলৰ পৰিয়াল চিৰঋণী৷ আনকি নীলে এনেদৰেও কয় যে, লতাৰ বাবেহে আজি তেওঁ নীল৷ ‘ঈশ্বৰৰ সৈতে এক লতা দিদি। আমি তোমাক চিৰদিনৰ বাবে উপসনা কৰিম!’ বুলি নীলে লগতে কয়। ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰ ১৯৪২ চনত ১৩ বছৰ বয়সত কৰ্মজীৱন আৰম্ভ কৰিছিল। সাত দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত, মেল’ডী কুইনে এক হাজাৰৰো অধিক হিন্দী চলচ্চিত্ৰৰ বাবে গান ৰেকৰ্ড কৰিছিল। তেওঁৰ গানবোৰ ৩৬ টাতকৈও অধিক আঞ্চলিক ভাৰতীয় আৰু বিদেশী ভাষাত ৰেকৰ্ড কৰিছিল। তেওঁক ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা হৈছিল। তেওঁ এম.এছ. সুব্বুলক্ষ্মীৰ পাছত ভাৰতৰত্ন লাভ কৰা কেৱল দ্বিতীয়গৰাকী কণ্ঠশিল্পী আছিল। তেওঁ আন বহুতো সন্মানৰ ভিতৰত তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক আছিল। ‘অ মেৰে ভাটন কে লোগন’, ‘বাবুল পিয়াৰে’, লাগ জা গেল চে ফিৰ’ আনবোৰৰ ভিতৰত তেওঁৰ কেইটামান আইকনিক গান। মংগেশকাৰৰ চাৰিজন সৰু ভাই-ভনী আছে- আশা ভোছলে, হৃদয়নাথ মংগেশকাৰ, ঊষা মংগেশকাৰ আৰু মীনা মংগেশকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু