--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্রেনৰ মাজত শান্তি আলোচনাৰ বাবে তুৰস্ক প্ৰস্তাৱিত স্থান হিচাপে পচন্দ কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কীয়ে। ইয়াৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কীয়ে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক তুৰস্ক ভ্ৰমণ কৰাৰ বাবে তেওঁক সুযোগ দিবলৈ আহ্বান জনাইছে। এটা ভিডিঅ' মেছেজযোগে ইউক্রেইনৰ ৰাষ্ট্ৰপতিজনে কয় যে শান্তি আলোচনাৰ বাবে তেওঁ তুৰস্ক ভ্ৰমণ কৰিবলৈ সাজু আছে।

আনহাতে, জেলেনস্কীয়ে অভিযোগ কৰে যে ৰাছিয়াৰ ইউক্রেইনত আক্রমণ এতিয়াও অব্যাহত আছে। ইয়াৰ পাছতো ইউক্রেইনে ৰাছিয়াৰ সৈতে কূটনৈতিক সম্বন্ধ স্থাপনত সমর্থন কৰে। জেলনস্কীয়ে আশা কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তুৰস্কৰ শান্তি আলোচনাৰ বাবে সন্মতি দিব আৰু তেওঁক তুৰস্ক ভ্ৰমণৰ বাবে সুযোগ দিব।

আনহাতে, তুৰস্কৰ ৰাষ্ট্ৰপতি এৰড'গানে ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনা দেশখনত আয়োজন কৰাৰ বাবে তেওঁৰ সম্পূৰ্ণ সন্মতি প্রকাশ কৰিছে। ইফালে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দেওবাৰে ইউক্রেইনৰে প্ৰত্যক্ষ আলোচনাৰ বাবে আহ্বান জনাইছিল আৰু আলোচনাৰ স্থান হিচাপে ইস্তানবুলক অগ্রাধিকাৰ দিছিল।

১৫ মে'ৰ পূৰ্বে পলম নকৰাকৈ এই শান্তি আলোচনাৰ পোষকতা কৰিছিল ৰাষ্ট্ৰপতি পুটিনে। পুটিনে কোনো 'পূৰ্বচৰ্ত' আৰোপ নকৰাকৈ আলোচনাৰ বাবে একপ্ৰকাৰ সন্মতি দিছিল।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ