--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্রেনৰ মাজত শান্তি আলোচনাৰ বাবে তুৰস্ক প্ৰস্তাৱিত স্থান হিচাপে পচন্দ কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কীয়ে। ইয়াৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কীয়ে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক তুৰস্ক ভ্ৰমণ কৰাৰ বাবে তেওঁক সুযোগ দিবলৈ আহ্বান জনাইছে। এটা ভিডিঅ' মেছেজযোগে ইউক্রেইনৰ ৰাষ্ট্ৰপতিজনে কয় যে শান্তি আলোচনাৰ বাবে তেওঁ তুৰস্ক ভ্ৰমণ কৰিবলৈ সাজু আছে।

আনহাতে, জেলেনস্কীয়ে অভিযোগ কৰে যে ৰাছিয়াৰ ইউক্রেইনত আক্রমণ এতিয়াও অব্যাহত আছে। ইয়াৰ পাছতো ইউক্রেইনে ৰাছিয়াৰ সৈতে কূটনৈতিক সম্বন্ধ স্থাপনত সমর্থন কৰে। জেলনস্কীয়ে আশা কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তুৰস্কৰ শান্তি আলোচনাৰ বাবে সন্মতি দিব আৰু তেওঁক তুৰস্ক ভ্ৰমণৰ বাবে সুযোগ দিব।

আনহাতে, তুৰস্কৰ ৰাষ্ট্ৰপতি এৰড'গানে ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনা দেশখনত আয়োজন কৰাৰ বাবে তেওঁৰ সম্পূৰ্ণ সন্মতি প্রকাশ কৰিছে। ইফালে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দেওবাৰে ইউক্রেইনৰে প্ৰত্যক্ষ আলোচনাৰ বাবে আহ্বান জনাইছিল আৰু আলোচনাৰ স্থান হিচাপে ইস্তানবুলক অগ্রাধিকাৰ দিছিল।

১৫ মে'ৰ পূৰ্বে পলম নকৰাকৈ এই শান্তি আলোচনাৰ পোষকতা কৰিছিল ৰাষ্ট্ৰপতি পুটিনে। পুটিনে কোনো 'পূৰ্বচৰ্ত' আৰোপ নকৰাকৈ আলোচনাৰ বাবে একপ্ৰকাৰ সন্মতি দিছিল।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত