--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ কলকাতাত মাজনিশা আকাশত বহুতো ড্র'নসদৃশ উৰণ সামগ্ৰী প্ৰত্যক্ষ কৰা হয়। ৰাজধানী মহানগৰখনৰ আকাশত জিলমিলাই থকা এই ড্র'নসদৃশ যন্ত্ৰবোৰ দেখাৰ পাছত ভাৰতীয় সেনা আৰু কলকাতা আৰক্ষী সষ্টম হৈ পৰে। 

ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডৰ কার্যালয়ে বুধবাৰে বিয়লি এটা বিবৃতিযোগে কয় যে মঙলবাৰে মাজনিশা কলকাতাৰ আকাশত কিছুমান সন্দেহজনক ড্র'ন উৰি থকাটো নিশ্চিত হৈছে। এই বিষয়ত ভাৰতীয় সেনাই অনুসন্ধান চলাই আছে। চোৰাংচোৱাগিৰি কৰিবলৈ কোনোবাই এই ড্র'নসমূহ উৰাইছে নেকি, সেই সন্দৰ্ভত জোৰদাৰ অনুসন্ধান চলাই আছে বুলি সেনাই প্রকাশ কৰিছে। 

ইয়াৰ মাজতে, এই সন্দৰ্ভত কল্পনাপ্রসূত বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে সেনাই। আনহাতে, কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মাজনিশা মহানগৰখনৰ কেইখনমান আৰক্ষী থানাৰ কৰ্তব্যৰত জোৱানে প্রথমে এই ৰহস্যজনক পোহৰৰ গতি-বিধি প্রত্যক্ষ কৰিছিল। 

প্রায় ১০-১৫ মিনিট সময়ত প্রধানকৈ মধ্য কলকাতাৰ আকাশত প্রত্যক্ষ কৰা এই ৰহস্যজনক পোহৰযুক্ত সামগ্ৰীবোৰ দক্ষিণ কলকাতাৰ বেহালা আৰু মহাশ্বেতাৰ পৰা আহিছিল। এই সন্দৰ্ভত কলকাতা আৰক্ষীয়েও অনুসন্ধান চলাই আছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত