--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ কলকাতাত মাজনিশা আকাশত বহুতো ড্র'নসদৃশ উৰণ সামগ্ৰী প্ৰত্যক্ষ কৰা হয়। ৰাজধানী মহানগৰখনৰ আকাশত জিলমিলাই থকা এই ড্র'নসদৃশ যন্ত্ৰবোৰ দেখাৰ পাছত ভাৰতীয় সেনা আৰু কলকাতা আৰক্ষী সষ্টম হৈ পৰে। 

ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডৰ কার্যালয়ে বুধবাৰে বিয়লি এটা বিবৃতিযোগে কয় যে মঙলবাৰে মাজনিশা কলকাতাৰ আকাশত কিছুমান সন্দেহজনক ড্র'ন উৰি থকাটো নিশ্চিত হৈছে। এই বিষয়ত ভাৰতীয় সেনাই অনুসন্ধান চলাই আছে। চোৰাংচোৱাগিৰি কৰিবলৈ কোনোবাই এই ড্র'নসমূহ উৰাইছে নেকি, সেই সন্দৰ্ভত জোৰদাৰ অনুসন্ধান চলাই আছে বুলি সেনাই প্রকাশ কৰিছে। 

ইয়াৰ মাজতে, এই সন্দৰ্ভত কল্পনাপ্রসূত বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে সেনাই। আনহাতে, কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মাজনিশা মহানগৰখনৰ কেইখনমান আৰক্ষী থানাৰ কৰ্তব্যৰত জোৱানে প্রথমে এই ৰহস্যজনক পোহৰৰ গতি-বিধি প্রত্যক্ষ কৰিছিল। 

প্রায় ১০-১৫ মিনিট সময়ত প্রধানকৈ মধ্য কলকাতাৰ আকাশত প্রত্যক্ষ কৰা এই ৰহস্যজনক পোহৰযুক্ত সামগ্ৰীবোৰ দক্ষিণ কলকাতাৰ বেহালা আৰু মহাশ্বেতাৰ পৰা আহিছিল। এই সন্দৰ্ভত কলকাতা আৰক্ষীয়েও অনুসন্ধান চলাই আছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ