--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত প্ৰতিদিনে সংঘটিত হৈ আছে নানা জঘন্য ঘটনা। যিবোৰ শুনাও পাপ বুলি মানুহে কয়। মহাৰাষ্ট্ৰৰ যৱতমাল জিলাত এনে এক ঘটনা সংঘটিত হৈছে যি ঘটনাৰ কথা শুনিলে আপোনাৰ বুকু কঁপি উঠিব। এখন স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীয়ে নিজ স্বামীক বিহ খুৱাই হত্যা কৰে। স্বামীও আছিল একেখন স্কুলৰে শিক্ষক। 

এই হত্যাকাণ্ডত সহায় কৰে তিনি ছাত্ৰই। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে তিনি ছাত্ৰৰ সহায়ত মৃতদেহটো হাবিলৈ লৈ যায় আৰু তাতে জ্বলাই দিয়ে। হত্যাকাণ্ডৰ পিছৰে পৰা আৰক্ষীয়ে তদন্ত কৰি আছিল। আৰক্ষীয়ে প্ৰধান শিক্ষয়িত্ৰীগৰাকীক জিম্মাত লৈ জেৰা কৰাৰ লগে লগে হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহে।

ঘটনা অনুসৰি যোৱা ১৫ মে’ত যৱতমল চহৰৰ সমীপৰ চৌছালা বনাঞ্চলত এটা জ্বলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল। এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পাছত সমগ্ৰ জিলাখনতে আলোড়নৰ সৃষ্টি হয়। চৌশালা বনাঞ্চলত উদ্ধাৰ হোৱা জ্বলি যোৱা মৃতদেহটো দুদিন ধৰি সন্ধানহীন হৈ থকা শান্তনু দেশমুখৰ বুলি ধৰা পৰে। শান্তনু দেশমুখ ছানৰাইজ ইংলিছ মিডিয়াম স্কুলৰ শিক্ষক আৰু পত্নী নিধি দেশমুখো একেখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছিল। দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল আৰু এবছৰ আগতে প্ৰেম বিবাহ হৈছিল। 

আৰক্ষীয়ে তদন্ত কৰি পত্নীক জেৰা কৰে। এই জেৰাতে পত্নী নিধি দেশমুখে স্বামীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। বিয়াৰ পিছত তেওঁলোকে পিতৃ-মাতৃৰ পৰা পৃথকে থাকিবলৈ লৈছিল। দুয়োৰে মাজত অহৰহ কাজিয়া আৰম্ভ হৈছিল। শান্তনুৰ দ্বাৰা অহৰহ হাৰাশাস্তিৰ পিছত নিধিয়ে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰে। ইয়াৰ বাবে তেওঁ টিউচনৰ বাবে অহা তিনিজন ছাত্ৰৰ সহায় লৈছিল। ১৩ মে’ত নিধিয়ে শান্তনুক বিহ খুৱাই হত্যা কৰে। তেওঁৰ মৃতদেহটো ঘৰতে পৰি আছিল। ইয়াৰ পিছত নিধিয়ে তিনিজন ছাত্ৰক নিজৰ ঘৰলৈ মাতি মৃতদেহটো চৌশালা হাবিলৈ লৈ গৈ পেলাই দিয়ে।

কিন্তু পিছদিনা মৃতদেহটো চিনাক্ত হ’ব পাৰে বুলি তেওঁৰ ভয় লাগিবলৈ ধৰিলে, সেয়েহে তেওঁ পুনৰ ৰাতি হাবিলৈ গৈ মৃতদেহটোত পেট্ৰ’ল ঢালি জ্বলাই প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা কৰে। কিন্তু মৃতদেহত পোৱা চাৰ্ট আৰু বুটামৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি শান্তনুৰ বন্ধুসকলক আটক কৰি জেৰা কৰে। এইদৰেই মৃতদেহটো চিনাক্ত হয়।

আৰক্ষীয়ে নিধিক সোধা-পোছা কৰাৰ সময়ত প্ৰথমে তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰি থাকিল, কিন্তু ঘৰত পোৱা আণ্ডাৰৱেৰ আৰু মৃতদেহত পোৱা আণ্ডাৰৱেৰ একে কোম্পানীৰ হোৱাৰ বাবে আৰক্ষীৰ সন্দেহ আৰু বাঢ়ি আহে আৰু নিধিক কঠোৰভাৱে জেৰা কৰাত তেওঁ অপৰাধ স্বীকাৰ কৰিবলৈ বাধ্য হয়। এই স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নিধি আৰু তিনিগৰাকী নাবালক ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। নিধি দেশমুখৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০৯ আৰু ২৩৮ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ