--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানৰ হোকাইডোৰ ইৱামিজাৱা চহৰৰ এটা বিখ্যাত মন্দিৰ। অৱশ্যে কোনো দেৱ-দেৱীৰ বাবে এই মন্দিৰটো বিখ্যাত নহয়। মন্দিৰৰ ভিতৰত থকা এটা ‘ভূতৰ দৰে’ পুতলাক কেন্দ্ৰ কৰিয়েই মন্দিৰৰ পৰিচয় আৰু জনপ্ৰিয়তা বৰ্তি আছে।

পুতলাটোৰ নাম ‘অকিকু’। পুতলাটোক ‘হকাইডোৰ ভূতৰ পুতলা’ বুলিও কোৱা হয়। কিন্তু এই পুতলাটো কিয় ভূত? গতানুগতিক বিশ্বাস যে অকিকু পুতলাবোৰৰ সময়ৰ লগে লগে চুলি গজে, ঠিক মানুহৰ দৰেই। স্থানীয় ৰাইজে দাবী কৰে যে এই পুতলাৰ মালিকৰ আত্মা পুতলাৰ ভিতৰত আবদ্ধ হৈ আছে। সেইবাবেই পুতলাৰ চুলি মানুহৰ চুলিৰ দৰে বাঢ়ি যায়।

'অকিকু' পুতলাক লৈ বহু কাহিনী আছে। কিন্তু  আটাইতকৈ জনপ্ৰিয় কথাটো হ’ল এই পুতলাটোৰ মালিক আছিল এগৰাকী তিনি বছৰীয়া ছোৱালী। তাইৰ আত্মা সেই পুতলাটোৰ ভিতৰত আছে। কিংবদন্তি অনুসৰি ১৯১৮ চনত ইৱামিজাৱাৰ এজন ১৭ বছৰীয়া ল’ৰাই  ‘অকিকু’ পুতলাটো কিনিছিল।

যুৱকজনৰ নাম আছিল ইকিচি চুজুকি। জাপানৰ ছাপোৰো চহৰত ঘূৰি ফুৰোতে ইকিচিৰ চকু এটা দোকানৰ পুতলাটোৰ ওপৰত পৰিল। পুতলাটো দেখি তাৰ দুবছৰীয়া ভনীয়েক অকিকুৰ কথা মনত পৰিল। সি ঠিক কৰিলে যে সি পুতলাটো ভনীয়েকক দিব। পুতলাটো ক্ৰয় কৰাৰ সময়ত তাইৰ চুলিখিনি ডিঙিলৈকে কাটি পেলোৱা হৈছিল। জাপানত সেই ধৰণৰ চুলি কটাক ‘অকাপা’ (বব কাটৰ দৰে) নামেৰে জনা যায়। সেই সময়ত বেছিভাগ জাপানী পুতলাৰ চুলি সেই ধৰণৰ আছিল।

ইৱামিজাৱালৈ উভতি আহি ইকিচিয়ে পুতলাটো ভনীয়েকক দিলে। কোৱা হয় যে পুতলাটো দেখি অকিকুৱে আনন্দত আত্মহাৰা হৈ পৰিছিল। তেওঁ পুতলাটোৰ নামো নিজৰ নামেৰেই ৰাখিছিল ‘অকিকু’। তেতিয়াৰ পৰাই অকিকুৱে মৰমৰ পুতলাটোৰ লগতে সময় কটায়।

কিন্তু এবছৰ পাৰ হোৱাৰ পাছতেই অকিকু অসুস্থ হৈ পৰিল। তিনি বছৰৰ পাছত গুৰুতৰ ৰোগত আক্ৰান্ত হৈ অকিকুৰৰ মৃত্যু হয়। জনা যায় যে মৃত্যুৰ সময়তো অকিকুৱে পুতলাটো হাতত লৈ আছিল। চুজুকি পৰিয়ালে নিজৰ কন্যাৰ স্মৃতি হিচাপে ঘৰতে ৰাখিছিল অকিকুৰ পুতলাটো। ছোৱালীজনীৰ প্ৰিয় পুতলাটোৰ বাবেও ঘৰৰ ভিতৰত এটা বেদী তৈয়াৰ কৰা হয়।

কিছুদিনৰ পাছত চুজুকি পৰিয়ালত আৰম্ভ হ’ল ভৌতিক কাণ্ড। পৰিয়ালৰ লোকে লক্ষ্য কৰিলে ছোৱালীজনীৰ মৰমৰ পুতলাটোৰ চুলিবোৰ অস্বাভাৱিকভাৱে বাঢ়ি গৈছে। দুয়ো চিন্তিত হৈ পৰিল। ৰাতি পুতলাটো থকা কোঠাটোৰ পৰা অদ্ভুত শব্দ আহিবলৈ ধৰিলে। অকিকুৰ মাকে ছোৱালীজনীৰ মাত শুনিব পাৰিছিল।

দুবছৰমান এনেকৈয়ে পাৰ হৈ যায়। চুজুকি পৰিয়ালে লক্ষ্য কৰে যে তেওঁলোকৰ ছোৱালীজনীৰ জন্মদিন আৰু মৃত্যুৰ দিন ওচৰ চাপি আহিলে তেওঁলোকৰ ঘৰত আৰম্ভ হয় ভৌতিক কাণ্ড কাৰখানা। চুজুকি পৰিয়ালে স্থানীয় এজন পুৰোহিতৰ কাষ চাপিল। পুৰোহিতে ক’লে যে পুতলাটোত অকিকুৰ আত্মা বাস কৰে।

কিংবদন্তি অনুসৰি অকিকুৰ আত্মা থকা পুতলাটো ১৯৩৮ চনলৈকে চুজুকি পৰিয়ালৰ লগত আছিল। কিন্তু বিশেষ কাৰণত তেওঁলোকে চহৰ এৰিবলগীয়া হয়। অৱশ্যে ইৱামিজাৱা এৰি যোৱাৰ সময়ত চুজুকি পৰিয়ালে পুতলাটো লগত লৈ যোৱা নাছিল। জাপানৰ মন্দিৰত পবিত্ৰ আত্মাক সন্মান জনোৱা হৈছিল। গতিকে চুজুকি পৰিয়ালে এই পুতলাটো চহৰখনৰ এটা মেনেনজী মন্দিৰলৈ দান কৰে।

সেই মন্দিৰত আজিও পুতলাটো সংৰক্ষিত হৈ আছে। কিছুমানৰ মতে অকিকু পুতলাৰ চুলি এতিয়াও মানুহৰ চুলিৰ দৰে বাঢ়ি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ