--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজনকৈ পণবন্দীক ভুলবশতঃ হত্যা কৰাৰ পিছত এইবাৰ গাজাত এটা গীৰ্জাত ইজৰাইলী সেনাই হত্যা কৰিলে মাতৃ-কন্যাক। জেৰুজালেমৰ লেটিন পেট্ৰিয়াৰ্কেটে প্ৰকাশ কৰা মতে   গাজা চহৰৰ এটা কেথলিক গীৰ্জাৰ চৌহদত এজন ইজৰাইলী সৈন্যই এগৰাকী খ্ৰীষ্টান মাতৃ আৰু কন্যাক গুলীয়াই হত্যা কৰে।উল্লেখ্য  ইজৰাইল-হামাছৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা খ্ৰীষ্টান পৰিয়ালবোৰে সেই গীৰ্জাত আশ্ৰয় লৈ আছে ।  

নাহিদা আৰু তেওঁৰ কন্যা  ছমৰক চিষ্টাৰ কনভেন্টলৈ যোৱাৰ সময়তে  গুলীয়াই হত্যা কৰা হয় বুলি জানিব পৰা গৈছে। । গুলীচালনাৰ ফলত আৰু সাতজন লোক আহত হয়। ভেটিকান প্ৰেছ এজেঞ্চীয়ে জেৰুজালেমৰ পিয়েৰবাটিষ্টা পিজ্জাবাল্লাৰ উদ্ধৃতি দি কয় যে নিহতসকলৰ ভিতৰত  এগৰাকী  মহিলা আৰু তেওঁৰ কন্যা আছিল। এই ঘটনাৰ পিছতে  ইটালীৰ শীৰ্ষ কূটনীতিবিদ এণ্টোনিঅ তাজানিয়ে কয় "গাজাত খ্ৰীষ্টানসকলক সুৰক্ষা দিবলৈ ইজৰাইলৰ চৰকাৰ আৰু সেনাক আবেদন জনোৱা হৈছে। গীৰ্জাত  হামাছৰ সন্ত্ৰাসবাদী লুকাই থকা নাই," । গাজাত যুদ্ধ ত এতিয়ালৈকে  প্ৰায় ১,১৪০ জন লোক নিহত হৈছে। যিসকলৰ ভিতৰত  বেছিভাগেই সাধাৰণ লোক । 

ইপিনে হামার চৰকাৰৰ মতে ইজৰাইলে এতিয়ালৈকে কমেও ১৮,৮০০ জন লোকক হত্যা কৰিছে, যাৰ ভিতৰত বেছিভাগ মহিলা আৰু শিশু ।উল্লেখ্য হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই  উত্তৰ গাজাত চলাই আছে অবিৰত অভিযান৷ দক্ষিণ গাজাতো এতিয়া যুঁজ চলি আছে। ইফালে শনিবাৰে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তিনিজন পণবন্দীক হত্যা কৰে। ইজৰাইল সেনা  বাহিনীয়ে দাবী কৰিছে  যে ঘটনাটো সম্পূৰ্ণ ভুলবশতঃ সংঘটিত হোৱা বুলি দিখ প্ৰকাশ কৰিছে৷ সেনাই দাবী কৰা অনুসৰি পণবন্দী কেইজনক হামাছৰ সদস্য বুলি  ভুল কৰি তেওঁলোকক হত্যা কৰা হৈছে৷ 

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ঘটনাটো এক্স হেণ্ডেলত প্ৰকাশ কৰি ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে৷ ইজৰাইলী সেনাই  কৈছে: "গাজাৰ শ্বেজায়াত যুঁজ চলি আছিল। সেই সময়তে  তিনিজন পণবন্দীক ভুলবশতঃ গুলীয়াই হত্যা কৰা হৈছিল। আমি ভাবিছিলো যে তেওঁলোক হামাছ  উগ্ৰপন্থী। তিনিওজনে প্ৰাণ হেৰুৱাইছে।’’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘটনাটোত শোক প্ৰকাশ কৰিছে।তেওঁ কয়  "এই দুখ অসহনীয়," ইফালে, পণবন্দীসকলৰ পৰিয়ালে ঘটনাটোক লৈ নেতান্যাহু চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক