--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজনকৈ পণবন্দীক ভুলবশতঃ হত্যা কৰাৰ পিছত এইবাৰ গাজাত এটা গীৰ্জাত ইজৰাইলী সেনাই হত্যা কৰিলে মাতৃ-কন্যাক। জেৰুজালেমৰ লেটিন পেট্ৰিয়াৰ্কেটে প্ৰকাশ কৰা মতে   গাজা চহৰৰ এটা কেথলিক গীৰ্জাৰ চৌহদত এজন ইজৰাইলী সৈন্যই এগৰাকী খ্ৰীষ্টান মাতৃ আৰু কন্যাক গুলীয়াই হত্যা কৰে।উল্লেখ্য  ইজৰাইল-হামাছৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা খ্ৰীষ্টান পৰিয়ালবোৰে সেই গীৰ্জাত আশ্ৰয় লৈ আছে ।  

নাহিদা আৰু তেওঁৰ কন্যা  ছমৰক চিষ্টাৰ কনভেন্টলৈ যোৱাৰ সময়তে  গুলীয়াই হত্যা কৰা হয় বুলি জানিব পৰা গৈছে। । গুলীচালনাৰ ফলত আৰু সাতজন লোক আহত হয়। ভেটিকান প্ৰেছ এজেঞ্চীয়ে জেৰুজালেমৰ পিয়েৰবাটিষ্টা পিজ্জাবাল্লাৰ উদ্ধৃতি দি কয় যে নিহতসকলৰ ভিতৰত  এগৰাকী  মহিলা আৰু তেওঁৰ কন্যা আছিল। এই ঘটনাৰ পিছতে  ইটালীৰ শীৰ্ষ কূটনীতিবিদ এণ্টোনিঅ তাজানিয়ে কয় "গাজাত খ্ৰীষ্টানসকলক সুৰক্ষা দিবলৈ ইজৰাইলৰ চৰকাৰ আৰু সেনাক আবেদন জনোৱা হৈছে। গীৰ্জাত  হামাছৰ সন্ত্ৰাসবাদী লুকাই থকা নাই," । গাজাত যুদ্ধ ত এতিয়ালৈকে  প্ৰায় ১,১৪০ জন লোক নিহত হৈছে। যিসকলৰ ভিতৰত  বেছিভাগেই সাধাৰণ লোক । 

ইপিনে হামার চৰকাৰৰ মতে ইজৰাইলে এতিয়ালৈকে কমেও ১৮,৮০০ জন লোকক হত্যা কৰিছে, যাৰ ভিতৰত বেছিভাগ মহিলা আৰু শিশু ।উল্লেখ্য হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই  উত্তৰ গাজাত চলাই আছে অবিৰত অভিযান৷ দক্ষিণ গাজাতো এতিয়া যুঁজ চলি আছে। ইফালে শনিবাৰে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে তিনিজন পণবন্দীক হত্যা কৰে। ইজৰাইল সেনা  বাহিনীয়ে দাবী কৰিছে  যে ঘটনাটো সম্পূৰ্ণ ভুলবশতঃ সংঘটিত হোৱা বুলি দিখ প্ৰকাশ কৰিছে৷ সেনাই দাবী কৰা অনুসৰি পণবন্দী কেইজনক হামাছৰ সদস্য বুলি  ভুল কৰি তেওঁলোকক হত্যা কৰা হৈছে৷ 

ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ঘটনাটো এক্স হেণ্ডেলত প্ৰকাশ কৰি ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছে৷ ইজৰাইলী সেনাই  কৈছে: "গাজাৰ শ্বেজায়াত যুঁজ চলি আছিল। সেই সময়তে  তিনিজন পণবন্দীক ভুলবশতঃ গুলীয়াই হত্যা কৰা হৈছিল। আমি ভাবিছিলো যে তেওঁলোক হামাছ  উগ্ৰপন্থী। তিনিওজনে প্ৰাণ হেৰুৱাইছে।’’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ঘটনাটোত শোক প্ৰকাশ কৰিছে।তেওঁ কয়  "এই দুখ অসহনীয়," ইফালে, পণবন্দীসকলৰ পৰিয়ালে ঘটনাটোক লৈ নেতান্যাহু চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ