--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথম এই ELF অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত মুকলি কৰা সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

ডিজিটেল ডেস্ক : মৰাণ-ডিব্রুগড় সংযোগী নির্মীয়মাণ চাৰিলেনযুক্ত পথৰ অংশত মৰাণত নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে এটা জৰুৰী অৱতৰণ সেৱা (Emergency Landing Facility, ELF)। যিকোনো জৰুৰী সময়ত সকলোধৰণৰ বিমান অৱতৰণ কৰিব পৰাকৈ চাৰিলেনযুক্ত এই পথত প্রায় ৪.২ কিল'মিটাৰ পথত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা হৈছে ৰান বে'।


দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মৰাণৰ এই ELF নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথম এই ELF অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত মুকলি কৰা সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুকলিৰ লগতে দেশৰ প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন যুদ্ধবিমান অৱতৰণেৰে এয়াৰ শ্ব' অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।


মৰাণৰ এই ELF সম্পূৰ্ণ হৈ উঠাৰ পাছতে বৰমা আৰু টিহুৰ মাজত আৰু হোজাইৰ শংকৰদেৱ নগৰত আন দুটা ELF নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্রদান কৰা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্রীয়ে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রীয়ে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে। মুখ্যমন্ত্রীক চাবলৈ অহা এগৰাকী বৃদ্ধলোকৰ পৰা তামোল লোৱাৰ উপৰি এগৰাকী কণমানিয়ে আঁকা মুখ্যমন্ত্ৰীৰ ছবি অর্পণ কৰে। ইফালে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে উজনিত ভয়ংকৰ বানপানী হ'লেও চিন্তাৰ কাৰণ নাই। ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰে। এই সন্দৰ্ভত ইতিমধ্যেই NHIDCL আৰু বায়ু সেনাৰ সৈতে কথা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত যেতিয়া ভয়ংকৰ বানপানী হয়, ক'তো হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰে। এতিয়া তেনে সময়তো উজনিৰ চাৰিলেনযুক্ত পথতে অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওখ ওখ অংশ চাই প্রতি ৫০ কিল'মিটাৰ আঁতৰে আঁতৰে নিৰ্মাণ কৰা হ'ব হেলিপেড। মৰাণত দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেবিনেট মন্ত্রী বিমল বড়া, মন্ত্ৰী ৰণোজ পেণ্ড, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, তৰংগ গগৈ আৰু জ্যেষ্ঠ বিজেপি কর্মীসকলে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে