--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথম এই ELF অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত মুকলি কৰা সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

ডিজিটেল ডেস্ক : মৰাণ-ডিব্রুগড় সংযোগী নির্মীয়মাণ চাৰিলেনযুক্ত পথৰ অংশত মৰাণত নির্মাণ প্রায় সম্পূর্ণ হৈ উঠিছে এটা জৰুৰী অৱতৰণ সেৱা (Emergency Landing Facility, ELF)। যিকোনো জৰুৰী সময়ত সকলোধৰণৰ বিমান অৱতৰণ কৰিব পৰাকৈ চাৰিলেনযুক্ত এই পথত প্রায় ৪.২ কিল'মিটাৰ পথত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা হৈছে ৰান বে'।


দেওবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মৰাণৰ এই ELF নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথম এই ELF অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত মুকলি কৰা সম্ভৱ হৈ উঠিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুকলিৰ লগতে দেশৰ প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন যুদ্ধবিমান অৱতৰণেৰে এয়াৰ শ্ব' অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।


মৰাণৰ এই ELF সম্পূৰ্ণ হৈ উঠাৰ পাছতে বৰমা আৰু টিহুৰ মাজত আৰু হোজাইৰ শংকৰদেৱ নগৰত আন দুটা ELF নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্রদান কৰা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্রীয়ে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রীয়ে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে। মুখ্যমন্ত্রীক চাবলৈ অহা এগৰাকী বৃদ্ধলোকৰ পৰা তামোল লোৱাৰ উপৰি এগৰাকী কণমানিয়ে আঁকা মুখ্যমন্ত্ৰীৰ ছবি অর্পণ কৰে। ইফালে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে উজনিত ভয়ংকৰ বানপানী হ'লেও চিন্তাৰ কাৰণ নাই। ৰাষ্ট্ৰীয় ঘাইপথতে অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰে। এই সন্দৰ্ভত ইতিমধ্যেই NHIDCL আৰু বায়ু সেনাৰ সৈতে কথা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত যেতিয়া ভয়ংকৰ বানপানী হয়, ক'তো হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰে। এতিয়া তেনে সময়তো উজনিৰ চাৰিলেনযুক্ত পথতে অৱতৰণ কৰিব পাৰিব হেলিকপ্টাৰ। ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওখ ওখ অংশ চাই প্রতি ৫০ কিল'মিটাৰ আঁতৰে আঁতৰে নিৰ্মাণ কৰা হ'ব হেলিপেড। মৰাণত দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেবিনেট মন্ত্রী বিমল বড়া, মন্ত্ৰী ৰণোজ পেণ্ড, বিধায়ক ক্ৰমে চক্ৰধৰ গগৈ, তৰংগ গগৈ আৰু জ্যেষ্ঠ বিজেপি কর্মীসকলে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ