--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংকলনটিত সন্নিৱিষ্ট হৈছে ভূপেনদাই সম্পাদনা কৰা অসমৰ প্ৰথমখন মাইক্রোমিনি (জুইশলা বাহ এটাতকৈ অলপহে ডাঙৰ) আলোচনী 'বিন্দু'ৰ প্ৰথমটো সংখ্যাৰ পুনৰ মুদ্রণ। বহু বিচিত্ৰ তথ্যৰ সমাৱেশে সংকলনটিক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে

ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন তথা সৃষ্টি আৰু কৰ্মৰাজিক তথ্যকোষৰ ৰূপত সন্নিৱিষ্ট কৰি প্রকাশ হৈছে এখন অগতানুগতিক গ্রন্থ 'তথ্যকোষত ভূপেন হাজৰিকা সাধনা, সিদ্ধি আৰু সৃষ্টি'ৰ সংশোধিত আৰু পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ।


মূল দুটা অধ্যায়ত বিভক্ত সংকলনটিৰ প্ৰথম অধ্যায়ত আছে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি ভূপেন হাজৰিকাৰ কিছু গীত, চলচ্চিত্র, সম্পাদিত আলোচনী, গ্রন্থ, সান্নিধ্য লাভ কৰা কিছু ব্যক্তি আৰু অন্যান্য তথ্যৰ পৰিচয়জ্ঞাপক টোকা।


দ্বিতীয় অধ্যায়ত আছে ভূপেন হাজৰিকাৰ গীতসমূহৰ প্ৰথম শাৰী, পৰিচালিত/সংগীত পৰিচালিত ছবি, বঁটা-সন্মান, উপাধি-বিশেষণ, গ্ৰন্থাৱলীৰ তালিকা, ই-জগতত ভূপেনদা, কুইজৰ পৃথিৱীত ভূপেনদা, ভূপেনদাৰ অভিভাষণ, ভূপেনদাই লিখা এটা গল্প, ভূপেনদা জীৱনতকৈ বিশাল যাৰ সৃষ্টি, কর্ম আৰু জনপ্রিয়তা, ভূপেনদাৰ জীৱনৰ সৰু-বৰ খবৰ আদি। লগতে আছে, সুধাকণ্ঠৰ জীৱনৰ বিভিন্ন সময়ৰ তথা আন প্রাসংগিক প্রায় ২০০ আলোকচিত্র।


সংকলনটিত সন্নিৱিষ্ট হৈছে ভূপেনদাই সম্পাদনা কৰা অসমৰ প্ৰথমখন মাইক্রোমিনি (জুইশলা বাহ এটাতকৈ অলপহে ডাঙৰ) আলোচনী 'বিন্দু'ৰ প্ৰথমটো সংখ্যাৰ পুনৰ মুদ্রণ। বহু বিচিত্ৰ তথ্যৰ সমাৱেশে সংকলনটিক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে। প্রকাশকৰ পৰা জানিব পৰা মতে, সংকলনটিত ভূপেন হাজৰিকাৰ সৃষ্টি, কর্ম, জীৱনৰ কোনো বিশ্লেষণ বা আলোচনা নাই। কিন্তু ইয়াত আছে এনে বহু তথ্য, যিবোৰে আধুনিক অসমীয়া সংগীতৰ মহানায়কজনাক পঢ়ুৱৈৰ সন্মুখত এটা সুকীয়া ৰূপত উন্মোচন কৰিব।


উল্লেখযোগ্য যে 'তথ্যকোষত ভূপেন হাজৰিকা: সাধনা, সিদ্ধি আৰু সৃষ্টি'ৰ প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। সুদীর্ঘ প্রায় ১৫ বছৰৰ মূৰত গ্ৰন্থখনিৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হোৱাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অনুৰাগী সমাজে সন্তুষ্টি প্রকাশ কৰিছে। এই নতুন সংস্কৰণত সন্নিৱিষ্ট হৈছে প্রায় কুৰিটা নতুন প্রৱিষ্টি। অগ্রণী প্রকাশন প্রতিষ্ঠান জ্যোতি প্রকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনিৰ সংকলন আৰু সম্পাদনা জ্যেষ্ঠ সাংবাদিক শান্তনু কৌশিক বৰুৱাৰ। ২৪০ পৃষ্ঠাৰ আৰু ৩৫০ টকা দামৰ গ্ৰন্থখন ইতিমধ্যে অসমৰ বিভিন্ন গ্রন্থ বিপণীত উপলব্ধ হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে