--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সংকলনটিত সন্নিৱিষ্ট হৈছে ভূপেনদাই সম্পাদনা কৰা অসমৰ প্ৰথমখন মাইক্রোমিনি (জুইশলা বাহ এটাতকৈ অলপহে ডাঙৰ) আলোচনী 'বিন্দু'ৰ প্ৰথমটো সংখ্যাৰ পুনৰ মুদ্রণ। বহু বিচিত্ৰ তথ্যৰ সমাৱেশে সংকলনটিক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে

ডিজিটেল ডেস্ক : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন তথা সৃষ্টি আৰু কৰ্মৰাজিক তথ্যকোষৰ ৰূপত সন্নিৱিষ্ট কৰি প্রকাশ হৈছে এখন অগতানুগতিক গ্রন্থ 'তথ্যকোষত ভূপেন হাজৰিকা সাধনা, সিদ্ধি আৰু সৃষ্টি'ৰ সংশোধিত আৰু পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ।


মূল দুটা অধ্যায়ত বিভক্ত সংকলনটিৰ প্ৰথম অধ্যায়ত আছে অসমীয়া বৰ্ণমালাৰ ক্ৰম অনুসৰি ভূপেন হাজৰিকাৰ কিছু গীত, চলচ্চিত্র, সম্পাদিত আলোচনী, গ্রন্থ, সান্নিধ্য লাভ কৰা কিছু ব্যক্তি আৰু অন্যান্য তথ্যৰ পৰিচয়জ্ঞাপক টোকা।


দ্বিতীয় অধ্যায়ত আছে ভূপেন হাজৰিকাৰ গীতসমূহৰ প্ৰথম শাৰী, পৰিচালিত/সংগীত পৰিচালিত ছবি, বঁটা-সন্মান, উপাধি-বিশেষণ, গ্ৰন্থাৱলীৰ তালিকা, ই-জগতত ভূপেনদা, কুইজৰ পৃথিৱীত ভূপেনদা, ভূপেনদাৰ অভিভাষণ, ভূপেনদাই লিখা এটা গল্প, ভূপেনদা জীৱনতকৈ বিশাল যাৰ সৃষ্টি, কর্ম আৰু জনপ্রিয়তা, ভূপেনদাৰ জীৱনৰ সৰু-বৰ খবৰ আদি। লগতে আছে, সুধাকণ্ঠৰ জীৱনৰ বিভিন্ন সময়ৰ তথা আন প্রাসংগিক প্রায় ২০০ আলোকচিত্র।


সংকলনটিত সন্নিৱিষ্ট হৈছে ভূপেনদাই সম্পাদনা কৰা অসমৰ প্ৰথমখন মাইক্রোমিনি (জুইশলা বাহ এটাতকৈ অলপহে ডাঙৰ) আলোচনী 'বিন্দু'ৰ প্ৰথমটো সংখ্যাৰ পুনৰ মুদ্রণ। বহু বিচিত্ৰ তথ্যৰ সমাৱেশে সংকলনটিক এটা সুকীয়া মাত্ৰা প্ৰদান কৰিছে। প্রকাশকৰ পৰা জানিব পৰা মতে, সংকলনটিত ভূপেন হাজৰিকাৰ সৃষ্টি, কর্ম, জীৱনৰ কোনো বিশ্লেষণ বা আলোচনা নাই। কিন্তু ইয়াত আছে এনে বহু তথ্য, যিবোৰে আধুনিক অসমীয়া সংগীতৰ মহানায়কজনাক পঢ়ুৱৈৰ সন্মুখত এটা সুকীয়া ৰূপত উন্মোচন কৰিব।


উল্লেখযোগ্য যে 'তথ্যকোষত ভূপেন হাজৰিকা: সাধনা, সিদ্ধি আৰু সৃষ্টি'ৰ প্ৰথম প্ৰকাশ হৈছিল ২০১১ চনত। সুদীর্ঘ প্রায় ১৫ বছৰৰ মূৰত গ্ৰন্থখনিৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ হোৱাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অনুৰাগী সমাজে সন্তুষ্টি প্রকাশ কৰিছে। এই নতুন সংস্কৰণত সন্নিৱিষ্ট হৈছে প্রায় কুৰিটা নতুন প্রৱিষ্টি। অগ্রণী প্রকাশন প্রতিষ্ঠান জ্যোতি প্রকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনিৰ সংকলন আৰু সম্পাদনা জ্যেষ্ঠ সাংবাদিক শান্তনু কৌশিক বৰুৱাৰ। ২৪০ পৃষ্ঠাৰ আৰু ৩৫০ টকা দামৰ গ্ৰন্থখন ইতিমধ্যে অসমৰ বিভিন্ন গ্রন্থ বিপণীত উপলব্ধ হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ