--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালৰূপী কৰ’নাৰ ভীতি এতিয়াও মাৰ যোৱা নাই। বিগত দুটা বছৰে এটাৰ পাছত আনটো কৰ’নাৰ প্ৰকাৰে মানৱ সমাজক ভীতি-সন্ত্ৰস্ত কৰি তোলা দেখা গৈছে। ক্ৰমাত্‍ স্তব্ধ হৈ পৰিছিল স্বাভাৱিক জীৱনযাত্ৰা। কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰাথমিক সাৱধানতা হিচাপে বিবেচিত হৈছিল মাস্ক আৰু ছেনিটাইজাৰ। যিটো সময়ত কৰ’না মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল বিশেষজ্ঞ মহলে, সেই একেটা মসয়তে কিন্তু ই আত্মহত্যাৰ কাৰণ হিচাপেও আতংকৰ সৃষ্টি কৰা দেখা গৈছিল। ঘটনাটো সংঘটিত হৈছিল হায়দৰাবাদত। 


ছেনিটাইজাৰ সেৱনেৰে প্ৰায় ৮০ গৰাকী ব্যক্তিয়ে আত্মহত্যাৰ চেষ্টা চলোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল। ছেনিটাইজাৰৰ পাছত এইবাৰ মাস্ক হৈ পৰিছে খবৰৰ শিৰোনাম। ক’ভিডাক্ৰমণৰ পৰা হাত সাৰিবলৈ মাক্স পৰিধান কৰাটো একপ্ৰকাৰ বাধ্যতামূলক বুলি ঘোষণা কৰিছিল বিজ্ঞানী-গৱেষকসকলে। কিন্তু বিগত কেইমাহমানৰ পৰা কৰ’নাৰ সংক্ৰমণ কিছুপৰিমাণে হ্ৰাস পাবলৈ লওতেই এতিয়া মাস্ক হৈ পৰিছে ছেকেণ্ডাৰী বিষয়! পাছে, দুবছৰ ধৰি মাস্ক পৰিধান কৰাৰ পাছত কৰ’নাৰ সংক্ৰমণ কিঞ্চিত হ্ৰাস পোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে দুয়োখন কাণ কাটি পেলালে ব্ৰাজিলৰ এগৰাকী ব্যক্তিয়ে।

ব্ৰাজিলৰ এইগৰাকী ব্যক্তিৰ নাম মাইকেল ফাৰো। অস্বাভাৱিক শাৰীৰিক গঠনৰ বাবে  'হিউমেন চয়তান' নামেৰেই অধিক জনপ্ৰিয় মাইকেল ফাৰো। মূৰ, মুখ আৰু শৰীৰৰ বিভিন্ন অংশৰ অস্ত্ৰোপচাৰ কৰোৱাই এক ভয়ংকৰ শৰীৰী ৰূপৰ গঢ় দিছে তেওঁ। ফাৰোৰ এই অদ্ভূত শাৰীৰিক গঠনৰ বাবে ‘চয়তান’ৰ সৈতে তুলনা কৰিছে সাধাৰণ নাগৰিকে।

মাইকেল ফাৰোৰ শৰীৰৰ নতুন সংযোজন হৈছে কাণ। মাস্কৰ সমস্যাৰ বাবে অস্ত্ৰোপচাৰৰ দ্বাৰা দুয়োখন কাণেই আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয় মাইকেল ফাৰোৱে। ইনষ্টাগ্ৰামত অস্ত্ৰোপচাৰৰ পাছত এখন ফটো শ্বেয়াৰ কৰিছিল মাইকেল ফাৰোৱে।

মন কৰিবলগীয়া যে, ফাৰো ব্ৰাজিলৰ প্ৰায়া গ্ৰেণ্ডৰ বাসিন্দা। নিজৰ শৰীৰৰ সৈতে নানা তৰহৰ পৰীক্ষা-নিৰীক্ষা কৰিয়েই আনন্দ লাভ কৰে তেওঁ। সেইবাবে টাটুৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন অংশত অস্ত্ৰোপচাৰ কৰাইছিল ফাৰোৱে। নিজকে 'দৈত্য'ৰ দৰে গঢ়ি তোলাৰ নিৰন্তৰ চেষ্টাত ব্ৰতী ফাৰোৱে এতিয়ালৈকে ষাঠি বাৰৰো অধিক অস্ত্ৰোপচাৰ কৰাইছে। শৰীৰৰ ৮৫ শতাংশই টাটুৰে ভৰা। নিজৰ শৰীৰৰ সৌন্দৰ্য সলাই থকাতো তেওঁৰ নিচা। এই নিচাৰ বাবে ফাৰোৱে অস্ত্ৰোপচাৰৰ সহায়ত সঘনাই সলনি কৰি আহিছে শৰীৰৰ ৰূপ।  মূৰত শিং, আধাকটা নাক, হিংস্ৰ জন্তুৰ দৰে দাঁত - একোকে বাদ দিয়া নাই ফাৰোৱে। এইবাৰ আৰু এখোজ আগুৱাই কাণ দুখনে কাটি পেলালে ফাৰোৱে।তাকো মাস্ক পৰিধানৰ পৰা পৰিত্ৰাণ পাবলৈ! এই সন্দৰ্ভত ফাৰোৰ স্পষ্টমত, ‘মই আগেয়ে কৈছিলো যিদিনাৰ পৰা মাক্স পৰিধান কৰাটো বাধ্যতামূলক নহ’ব, তেতিয়াই কাণ কাটি সেই দিনটো উদযাপন কৰিম। আৰু তাকে কৰিলোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ