--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিয়’পোলৰ ওপৰত নিজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাছিয়া। পঞ্চাশ দিন ধৰি চলি থকা  যুদ্ধৰ ভয়াৱহতা আজিও হ্ৰাস হোৱা নাই। এনে পৰিস্থিতিৰ মাজতে, পুটিনৰ দেশে মঙলবাৰে ইউক্ৰেইনক কঠোৰভাৱে সকীয়াই দিয়ে। ইউক্ৰেইনৰ সেনাক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি তাৎক্ষণিকভাৱে আত্মসমৰ্পণৰ বাবে সকীয়াই দিছে ৰাছিয়াই। কেৱল সেয়াই নহয়, ৰাছিয়াই বন্দৰ চহৰ মাৰিয়’পোলত প্ৰতিৰোধ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈও সকীয়নি প্ৰেৰণ কৰিছে।

এক বিবৃতিত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, ‘আমি আকৌ এবাৰ কিয়েভ কৰ্তৃপক্ষক তেওঁলোকৰ সৈন্যসকলক প্ৰতিৰোধৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিবলৈ সকীয়াই দিছোঁ।’ ৰাছিয়াই এমাহৰো অধিক সময় ধৰি পূৱ ইউক্ৰেইনৰ মাৰিয়’পোল সম্পূৰ্ণৰূপে দখলৰ চেষ্টা কৰি আছে। ভৌগলিক কাৰণতে এই বন্দৰ চহৰখন ৰাছিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ইফালে, যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কীয়ে কিছু উদ্বিগ্ন আৰু শংকিত হৈ পৰাৰ ইংগিত পোৱা গৈছে। তেওঁ শেহতীয়াকৈ উদ্বেগেৰে কয় যে ৰাছিয়াই পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে। ‘কেৱল ময়েই নহয়, সমগ্ৰ বিশ্ব ইয়াক লৈ চিন্তিত হোৱা উচিত।’ এই মন্তব্য জেলেনস্কীৰ।

আনহাতে, ইউক্ৰেনে কেইদিনমান আগতে ৰাছিয়াক এটা বৃহৎ আঘাত দিছিল। জেলেনস্কীৰ দেশৰ মিছাইল আক্ৰমণত ৰাছিয়াৰ বৃহত্তম যুদ্ধ জাহাজখন কৃষ্ণ সাগৰত ডুব গৈছে। অৱশ্যে, পুটিনৰ দেশে ইউক্ৰেইনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত যুদ্ধজাহাজখন ডুবি যোৱাৰ কথা প্ৰায় অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে দুৰ্ঘটনাগ্ৰস্ত হৈহে ডুব গৈছে জাহাজখন। আনহাতে ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ দাবী খাৰিজ কৰিছে। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে মস্ক’ভা নামৰ ৰাছিয়াৰ যুদ্ধজাহাজখন ধ্বংস কৰিছে। জাহাজখন নেপচুন নামৰ মিছাইলৰ দ্বাৰা ধ্বংস কৰা হৈছিল। ইয়াৰ ফলত ৰুছ সৈন্য অধিক ক্ষিপ্ত হৈ উঠাৰ আশংকা কৰা হৈছে। ইউক্ৰেইনৰ প্ৰায়বোৰ চহৰতে তীব্ৰতৰ মিছাইল আক্ৰমণ কৰিছে ৰাছিয়াই। এনে পৰিপ্ৰেক্ষিতত যুদ্ধই এতিয়া অধিক ক্ষয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে। 
জেলেনস্কীৰ সৈন্যই আত্মসমৰ্পন কৰিবলৈ অস্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত যুদ্ধ অধিক তীব্ৰ হোৱাৰ লগতে অধিক জনহানিৰ আশংকা এতিয়া গাঢ় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ