--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ যুগত, প্ৰায় সকলো ঘৰতে স্মাৰ্টফোন থকাটো এক সাধাৰণ হৈ পৰিছে। স্মাৰ্টফোন ঘৰৰ জ্যেষ্ঠসকলৰ তুলনাত বৰ্তমান ঘৰৰ সৰু ল'ৰা ছোৱালীবোৰে বেছিকৈ ব্যৱহাৰ কৰে। ভিন্ন কাৰণত শিশুসকলৰ মাজত ম'বাইল ফোনৰ ব্যৱহাৰ দেখা যায়। কেতিয়াবা অনলাইন ক্লাছৰ বাবে, কেতিয়াবা অনলাইন গেমৰ বাবে। অৱশ্যে, 'বাইল ফোন ব্যৱহাৰ কৰোঁতে, কেতিয়াবা শিশুৱে এনে কাণ্ড সংঘটিত কৰে, সেই কাণ্ডই মানুহৰ চকু কপালত তোলে। শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ পৰা এটা বাতৰি ওলাইছে। কিংছৱেল চহৰৰ বাসিন্দা বেৰেট নামৰ এটি শিশুৱে ম'বাইলত মেকডনাল্ডৰ পৰা মুঠ ৩১ টা বাৰ্গাৰ অৰ্ডাৰ দিছিল, যাৰ মূল্য আছিল ৭০০০ টকা।

 

 

২ বছৰীয়া শিশুটোৱে বাৰ্গাৰৰ অৰ্ডাৰ দিয়াৰ অলপ পাছতে, মেকডনাল্ডৰ ডেলিভাৰী বয়জনে কিংছৱেল চহৰৰ শিশুটোৰ ঘৰত বাৰ্গাৰ ডেলিভাৰী কৰিবলৈ উপস্থিত হৈছিল। সন্তানটোৰ মাতৃয়ে মেকডনাল্ডৰ ৩১ টা বাৰ্গাৰৰ লৈ অহা ডেলিভাৰী বয়জন দেখি আচৰিত হৈছিল। তেওঁ ডেলিভাৰী বয়জনক দেখি এক প্ৰকাৰৰ হতভম্ব হৈছিল আৰু তেওঁলোকে এনে কোনো অৰ্ডাৰ কৰা নাই বুলি তেওঁক পঠিয়াই দিব খুজিছিল, তেতিয়াই ডেলিভাৰী বয়জনে অৰ্ডাৰৰ প্ৰকৃত তথ্য দেখুৱাই দিয়াত তেওঁলোকৰ ভুল ভাগে আৰু তেওঁলোকৰ সন্তানে যে সেই কাৰ্য কৰিছিল নিশ্চিত হয়।

 

 

শিশুটোৱে আনকি অৰ্ডাৰৰ সময়ত ডেলিভাৰী বয়জনক ১২০০ টকাৰ টিপো দিছিল। শিশুটোৱে  তেওঁৰ মাকৰ ফোন ব্যৱহাৰ কৰি মেকডনাল্ডৰ পৰা প্ৰায় ৭০০০ হাজাৰ টকাৰ ৩১ টা  বাৰ্গাৰ অৰ্ডাৰ কৰিছিল। বেৰেটৰ মাতৃয়ে কৈছিল যে তেওঁ ফোনটো লক কৰিছিল কিন্তু ফোনটো সঠিকভাৱে লক কৰা হোৱা নাছিল, যাৰ সুবিধা লৈ তেওঁৰ কণমানি পুত্ৰই ফোনটো লৈ বাৰ্গাৰৰ অৰ্ডাৰ দিছিল। বেৰেটৰ মাতৃয়ে কয় যে বেছিভাগ সময়তে তেওঁৰ পুত্ৰ ফোনত ব্যস্ত থাকে, গেম খেলে বা চেলফী লয়। কিন্তু এতিয়া তেওঁ অনলাইনতো খাদ্য অৰ্ডাৰ কৰিবলৈও শিকিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ