--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ যুগত, প্ৰায় সকলো ঘৰতে স্মাৰ্টফোন থকাটো এক সাধাৰণ হৈ পৰিছে। স্মাৰ্টফোন ঘৰৰ জ্যেষ্ঠসকলৰ তুলনাত বৰ্তমান ঘৰৰ সৰু ল'ৰা ছোৱালীবোৰে বেছিকৈ ব্যৱহাৰ কৰে। ভিন্ন কাৰণত শিশুসকলৰ মাজত ম'বাইল ফোনৰ ব্যৱহাৰ দেখা যায়। কেতিয়াবা অনলাইন ক্লাছৰ বাবে, কেতিয়াবা অনলাইন গেমৰ বাবে। অৱশ্যে, ম'বাইল ফোন ব্যৱহাৰ কৰোঁতে, কেতিয়াবা শিশুৱে এনে কাণ্ড সংঘটিত কৰে, সেই কাণ্ডই মানুহৰ চকু কপালত তোলে। শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ পৰা এটা বাতৰি ওলাইছে। কিংছৱেল চহৰৰ বাসিন্দা বেৰেট নামৰ এটি শিশুৱে ম'বাইলত মেকড’নাল্ডৰ পৰা মুঠ ৩১ টা বাৰ্গাৰ অৰ্ডাৰ দিছিল, যাৰ মূল্য আছিল ৭০০০ টকা।

২ বছৰীয়া শিশুটোৱে বাৰ্গাৰৰ অৰ্ডাৰ দিয়াৰ অলপ পাছতে, মেকডনাল্ডৰ ডেলিভাৰী বয়জনে কিংছৱেল চহৰৰ শিশুটোৰ ঘৰত বাৰ্গাৰ ডেলিভাৰী কৰিবলৈ উপস্থিত হৈছিল। সন্তানটোৰ মাতৃয়ে মেকডনাল্ডৰ ৩১ টা বাৰ্গাৰৰ লৈ অহা ডেলিভাৰী বয়জন দেখি আচৰিত হৈছিল। তেওঁ ডেলিভাৰী বয়জনক দেখি এক প্ৰকাৰৰ হতভম্ব হৈছিল আৰু তেওঁলোকে এনে কোনো অৰ্ডাৰ কৰা নাই বুলি তেওঁক পঠিয়াই দিব খুজিছিল, তেতিয়াই ডেলিভাৰী বয়জনে অৰ্ডাৰৰ প্ৰকৃত তথ্য দেখুৱাই দিয়াত তেওঁলোকৰ ভুল ভাগে আৰু তেওঁলোকৰ সন্তানে যে সেই কাৰ্য কৰিছিল নিশ্চিত হয়।

শিশুটোৱে আনকি অৰ্ডাৰৰ সময়ত ডেলিভাৰী বয়জনক ১২০০ টকাৰ টিপো দিছিল। শিশুটোৱে  তেওঁৰ মাকৰ ফোন ব্যৱহাৰ কৰি মেকড’নাল্ডৰ পৰা প্ৰায় ৭০০০ হাজাৰ টকাৰ ৩১ টা  বাৰ্গাৰ অৰ্ডাৰ কৰিছিল। বেৰেটৰ মাতৃয়ে কৈছিল যে তেওঁ ফোনটো লক কৰিছিল কিন্তু ফোনটো সঠিকভাৱে লক কৰা হোৱা নাছিল, যাৰ সুবিধা লৈ তেওঁৰ কণমানি পুত্ৰই ফোনটো লৈ বাৰ্গাৰৰ অৰ্ডাৰ দিছিল। বেৰেটৰ মাতৃয়ে কয় যে বেছিভাগ সময়তে তেওঁৰ পুত্ৰ ফোনত ব্যস্ত থাকে, গেম খেলে বা চেলফী লয়। কিন্তু এতিয়া তেওঁ অনলাইনতো খাদ্য অৰ্ডাৰ কৰিবলৈও শিকিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ