--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'টাইটানিক'(Titanic) চিনেমাখনৰ সেই আইকনিক প’জটো নিশ্চয় আপোনাৰ মনত আছে য’ত জেক আৰু ৰ'জ নামৰ প্ৰেমিক-প্ৰেমিকাহালে দুয়োখন হাত মেলি জাহাজখনৰ এটা মূৰত থিয় হৈ ৰোমাণ্টিক মুডত ডুব গৈছিল। এই প’জটো ইমানেই জনপ্ৰিয় যে বহু প্ৰেমিক-প্ৰেমিকাই এই প’জত ফটো তুলে আৰু আৰু বহু প্ৰেমিক-প্ৰেমিকাই সেই আইকনিক প’জটোত ফটো উঠাৰ সপোন পুহি ৰাখে। সাগৰত যেতিয়াই মানুহে জাহাজত উঠে তেতিয়া ফটোৰ বাবে এই প’জ দিবলৈ নাপাহৰে। তুৰস্কত এহাল প্ৰেমিক-প্ৰেমিকাই এনেধৰণৰ কাম কৰিবলৈ গৈ বৰ বেয়াকৈ এক দুৰ্ঘটনাত পতিত হ'ল। 

তুৰস্কৰ উত্তৰ-পশ্চিম প্ৰদেশ কোকায়েলিত ‘টাইটানিক প’জ’ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা প্ৰেমিক-প্ৰেমিকাহালে ভাৰসাম্য হেৰুৱাই সাগৰত পৰিছিল। এই ঘটনাত প্ৰেমিকে হেৰুৱালে প্ৰাণ আৰু প্ৰেমিকা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ১৬ মে’ত মেৰিনা বন্দৰত মাছ ধৰি আছিল ২৩ বছৰীয়া ফুৰকান ইফ্টচি আৰু তেওঁৰ প্ৰেমিকা মাইন দিনাৰে। কিছু সময়ৰ পিছতে সাগৰৰ পাৰত টাইটানিক প’জ দিয়াৰ মন মেলে প্ৰেমিকযুগলে। কিন্তু ভবা মতে সেই ৰোমাণ্টিক প’জ দিব নোৱাৰিলে তেওঁলোকে। ভৰিৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি দুয়ো সাগৰত পৰি যায়। 

প্ৰত্যক্ষদৰ্শীয়ে এই দৃশ্য দেখা পাই যুৱতীগৰাকীক মাছ ধৰা ৰ'ডেৰে টানি উদ্ধাৰ কৰে। যুৱতীগৰাকীক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। ডেৰ ঘণ্টা ধৰি অনুসন্ধান চলোৱাৰ অন্তত নিৰাপত্তাৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে প্ৰেমিক ফুৰকান ইফ্টচিৰ মৃতদেহ। যুৱতীগৰাকীয়ে আৰক্ষীক ঘটনাটোৰ সন্দৰ্ভত জনায় যে ''সেই সময়ত আমি মদ খাইছিলো আৰু তাৰ পিছতেই আমাৰ টাইটানিকৰ প’জ দিবলৈ ইচ্ছা জাগিছিল। সেই প’জ দিবলৈ গৈয়ে আমি ভাৰসাম্য হেৰুৱাই সাগৰত পৰিলোঁ। ভাগ্যক্ৰমে মই বাচিলো কিন্তু মোৰ প্ৰেমিকক চিৰদিনলৈ হেৰুৱালো।'' এই দুৰ্ভাগ্যজনক ঘটনাত সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ