--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য়েমেনত থকা ইৰান সমর্থিত হুথী বিদ্রোহীয়ে দেওবাৰে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে দেওবাৰে কয় যে য়েমেনৰ হুথী বিদ্রোহীয়ে ইজৰাইলৰ বেন গুৰিয়ন বিমান বন্দৰৰ সমীপত ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। 

ইজৰাইলৰ বৃহত্তম বিমান বন্দৰটোত হুথী বিদ্রোহীৰ এই আক্ৰমণৰ সাতগুণ শক্তিশালী প্ৰত্যুত্তৰ দিব বুলি দেশখনৰ প্ৰতিৰক্ষা বিভাগে প্রকাশ কৰিছে। টাইমছ অব্ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি, হুথীৰ ভয়ংকৰ আক্ৰমণত দেশখনৰ প্ৰধান বিমান বন্দৰটোৰ চৌহদৰ সমীপৰ পথত বিশাল গাঁতৰ সৃষ্টি হয়। ইজৰাইলী সেনাই কয় যে য়েমেনৰ পৰা অহা ক্ষেপণাস্ত্রসমূহ তেওঁলোকে প্রতিহত কৰি আছিল যদিও দুর্ভাগ্যবশতঃ বেন গুৰিয়ন বিমান বন্দৰৰ সমীপত হুথীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ তেওঁলোকে প্রতিহত কৰিব নোৱাৰিলে। হুথীৰ এই ভয়ংকৰ আক্ৰমণৰ ফলত ইজৰাইলী বায়ু সেনাৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাও বিকল হৈ পৰে। 

আনহাতে, এই ভয়ংকৰ আক্ৰমণত বিমান বন্দৰৰ পার্কিং স্থানত ক্ষেপণাস্ত্ৰ পৰাৰ পাছত কমেও ছয়জন লোক গুৰুতৰভাৱে আহত হয়। আক্ৰমণটোৰ পাছত বিমান বন্দৰটোৰ চাৰিওফালৰ আকাশী মাৰ্গ এঘণ্টা ধৰি বন্ধ ৰখা হয়। ইফালে, হুথী বিদ্রোহীৰ ইজৰাইলত আক্ৰমণৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী নেটান্যাহুৱে বিদ্রোহী গোটটোৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ সংকল্প লয়। নেটান্যাহুৱে কয় যে এই আক্রমণ য়েমেনৰ পৰা অহা নাই, এই আক্রমণ ইৰানেহে কৰিছে। হুথীৰ বিৰুদ্ধে অহা দিনবোৰত ভয়ংকৰ আক্রমণ চলাব বুলি নেটান্যাহুৱে হুংকাৰ দিয়ে।

উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement