--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি) অষ্টাদশ সংস্কৰণৰ আইপিএলত পঞ্চম জয় সাব্যস্ত কৰিছে। চলিত আইপিএলৰ দেওবাৰৰ এখন খেলত অ'পেনাৰ বিৰাট কোহলী আৰু দেৱদত্ত পাৰিকালৰ অর্ধশতৰানৰ সহায়ত পঞ্জাব কিংছক ৭ উইকেটত পৰাজিত কৰে আৰ চি বিয়ে। 

কোহলী আৰু পাৰিকালৰ মাজত সংগৃহীত ১০৩ ৰানৰ জৰিয়তে আৰচিবিয়ে ৭টা বল বাকী থকা অৱস্থাত ১৫৮ ৰানৰ লক্ষ্য অতিক্রম কৰে। 

কোহলীৰ ৫৪টা বলত ৭টা চাৰি আৰু এটা ছয় সম্বলিত অপৰাজিত ৭৩ আৰু পাৰিকালৰ ৩৫টা বলত ৫টা চাৰি আৰু ৪টা ছয় সম্বলিত ৬১ ৰানে দলৰ জয়ৰ ভেটি গঢ়ে। দলীয় স্ক'ৰ ৬ ৰানতে আনগৰাকী অ'পেনাৰ ফিল ছল্ট (১) আউট হ'লেও কোহলী আৰু পাৰিকালে অর্ধশতৰান গোটাই দললৈ সহজ জয় কঢ়িয়াই আনে। 

অধিনায়ক ৰজত পাটিডাৰে ১২ ৰানত আউট হ'লেও উইকেটকীপাৰ জিতেশ শর্মাই ১১ ৰানত বেট ধৰি থাকে। ইয়াৰ আগেয়ে প্ৰভছিমৰন সিঙৰ সৰ্বাধিক ৩৩, শশাংক সিঙৰ অপৰাজিত ৩১, জুছ ইংলিছৰ ২৯ আৰু মার্কো জেনছেনৰ অপৰাজিত ২৫ ৰানৰ সহায়ত পঞ্জাব কিংছে ৬ উইকেটত ১৫৭ ৰান কৰে। আৰ চি বিৰ ক্রুনাল পাণ্ডিয়া আৰু ছুয়াছ শর্মাই দুটাকৈ উইকেট দখল কৰে।



উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ