--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয় ভ্ৰমণ কৰিবলৈ আহি সন্ধানহীন ইন্দোৰৰ এহাল পতি-পত্নী৷ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে তেওঁলোক৷ দুয়োজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান চলাইছে। দুয়োজনে দেওবাৰে ঘূৰি ফুৰিবলৈ দুচকীয়া বাহন ভাড়া কৰিছিল। 

ইয়াৰ পিছত তেওঁলোকে সোহৰাৰ উপত্যকা পৰিদৰ্শন কৰিবলৈ যায়। পৰিয়ালৰ লোকে দুয়োকে বাৰে বাৰে ফোন কৰি নোপোৱাত চিন্তিত হৈ পৰে৷  বহু দেৰিলৈকে তেওঁলোকৰ সৈতে ফোনৰ সংযোগ নোহোৱাত ইন্দোৰত বাস কৰা পৰিয়ালৰ লোকে শ্বিলং আৰক্ষীক খবৰ দিয়ে।

শ্বিলঙত নিৰুদ্দেশ হৈছে ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী (২৯) আৰু তেওঁৰ পত্নী সোণম। তেওঁলোকে দুৰ্ঘটনাত পতিত হোৱা বা কোনো অপৰাধৰ বলি হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে ফোন চুইচ অফ হৈ থকাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোক অতি চিন্তিত হৈ পৰিছে। ৰাজা আৰু তেওঁৰ সোণমৰ সন্ধানত ইতিমধ্যে পৰিয়ালৰ লোকে শ্বিলঙত উপস্থিত হৈছে।

শ্বিলং আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে এখন দুচকীয়া বাহন ভাড়া কৰি সোহৰা অঞ্চল অভিমুখে ৰাওনা হৈছিল। এই অঞ্চলত পাহাৰ আৰু খাদ আছে। আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান আৰম্ভ কৰে। সোহৰাৰ পৰা ১৫ কিলোমিটাৰ দূৰত উদ্ধাৰ হয় ভাড়াতীয়া বাইকখন। দুয়োৰে নিৰুদ্দেশৰ কাৰণ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত