--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেঘালয় ভ্ৰমণ কৰিবলৈ আহি সন্ধানহীন ইন্দোৰৰ এহাল পতি-পত্নী৷ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে তেওঁলোক৷ দুয়োজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে অভিযান চলাইছে। দুয়োজনে দেওবাৰে ঘূৰি ফুৰিবলৈ দুচকীয়া বাহন ভাড়া কৰিছিল। 

ইয়াৰ পিছত তেওঁলোকে সোহৰাৰ উপত্যকা পৰিদৰ্শন কৰিবলৈ যায়। পৰিয়ালৰ লোকে দুয়োকে বাৰে বাৰে ফোন কৰি নোপোৱাত চিন্তিত হৈ পৰে৷  বহু দেৰিলৈকে তেওঁলোকৰ সৈতে ফোনৰ সংযোগ নোহোৱাত ইন্দোৰত বাস কৰা পৰিয়ালৰ লোকে শ্বিলং আৰক্ষীক খবৰ দিয়ে।

শ্বিলঙত নিৰুদ্দেশ হৈছে ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশী (২৯) আৰু তেওঁৰ পত্নী সোণম। তেওঁলোকে দুৰ্ঘটনাত পতিত হোৱা বা কোনো অপৰাধৰ বলি হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে ফোন চুইচ অফ হৈ থকাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ লোক অতি চিন্তিত হৈ পৰিছে। ৰাজা আৰু তেওঁৰ সোণমৰ সন্ধানত ইতিমধ্যে পৰিয়ালৰ লোকে শ্বিলঙত উপস্থিত হৈছে।

শ্বিলং আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে এখন দুচকীয়া বাহন ভাড়া কৰি সোহৰা অঞ্চল অভিমুখে ৰাওনা হৈছিল। এই অঞ্চলত পাহাৰ আৰু খাদ আছে। আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান আৰম্ভ কৰে। সোহৰাৰ পৰা ১৫ কিলোমিটাৰ দূৰত উদ্ধাৰ হয় ভাড়াতীয়া বাইকখন। দুয়োৰে নিৰুদ্দেশৰ কাৰণ জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ