--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতক পাকিস্তানে ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰে। ইয়াৰ বিপৰীতে ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ দিশত পাকিস্তানে আঘাত হানি আছে বুলি ভাৰতে মত পোষণ কৰি আহিছে। 

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে বিশ্বজুৰি থকা ভাবুকিসমূহৰ বিষয়ত বার্ষিক মূল্যায়ন কৰি প্ৰকাশ কৰা এখন প্রতিবেদনত কয় যে পাকিস্তানী সেনাই ইয়াৰ সামৰিক বাহিনীক আধুনিকীকৰণ কৰাৰ প্ৰচেষ্টা চলাই যাব। তদুপৰি যুদ্ধ ক্ষেত্ৰত পাৰমাণৱিক অস্ত্ৰ বিকাশৰ দিশতো পাকিস্তানে কার্যসূচী চলাই যাব। 

মার্কিন প্ৰতিৰক্ষাৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা অনুসৰি পাকিস্তানে ভাৰতক ইয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি আহিছে আৰু সেইবাবে ভাৰতৰ বিৰুদ্ধে সামৰিক বাহিনীক সষ্টম কৰাৰ বাবে সেনাক আধুনিকীকৰণৰ প্রচেষ্টা অব্যাহত ৰাখিছে। প্রতিবেদনখনত কোৱা হয় যে পাকিস্তানে ইয়াৰ পাৰমাণৱিক শক্তি আধুনিকীকৰণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ পাৰমাণৱিক সামগ্ৰী আৰু পাৰমাণৱিক শক্তিৰ নিয়ন্ত্ৰণত গুৰুত্ব বৃদ্ধি কৰিছে। সেইবাবে পাৰমাণৱিক শক্তি বিকাশৰ হেতু দেশখনে বিদেশৰ পৰা সা-সামগ্রী ক্ৰয় কৰাটো অব্যাহত ৰাখিছে। প্রতিবেদনখনত কোৱা হৈছে যে ভাৰতৰ সীমাৰ সিপাৰৰ পৰা দেশখনত আগ্রাসন হ'ব বুলি পাকিস্তানৰ শীর্ষ সামৰিক বিষয়াসকলে এই ক্ষেত্রত সদায় সষ্টম হৈ থাকে। তদুপৰি তেহৰিক-এ-তালিবানে পাকিস্তান আৰু বেলুচ উগ্রপন্থীসকলৰ সৈতে যুঁজ দিয়াৰ বাবেও পাকিস্তানে ব্যৱস্থা গ্রহণ কৰি আছে। 

মার্কিন প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থাটোৱে দাবী কৰে যে আর্থিকভাৱে জৰ্জৰিত দেশখনে চীনৰ পৰা সামৰিক সাহায্য অহৰহ লাভ কৰি আছে। তদুপৰি পাৰমাণৱিক শক্তি আধুনিকীকৰণৰ ক্ষেত্ৰতো চীনৰ পৰা যথেষ্ট সহায় লাভ কৰিছে। চীন হৈছে পাকিস্তানৰ বাবে অর্থনৈতিক আৰু সামৰিক সাহায্যৰ ক্ষেত্ৰত প্ৰধান দেশ। অপাৰেশ্যন সেন্দূৰৰ সময়তো বা পৰৱৰ্তী ভাৰত-পাক সংঘৰ্ষৰ সময়ত চীনে পাকিস্তানৰ সামৰিক বাহিনীক পার্যমানে সহায় আগবঢ়াইছিল। ইতিমধ্যে যোৱা বৰ্ষৰ নৱেম্বৰত দুয়োখন দেশে বিভিন্ন যুটীয়া সামৰিক অনুশীলন চলাইছিল।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ