--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)ৰ নেতা তেজ প্ৰতাপ যাদৱক ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। আৰ জে ডিৰ প্ৰতিষ্ঠাপক লালু যাদৱে তেওঁৰ জ্যেষ্ঠ পুত্ৰক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ব্যক্তিগত জীৱনত 'নৈতিক মূল্যবোধক অৱজ্ঞা'ই সামাজিক ন্যায়ৰ বাবে সম্প্ৰদায়ৰ সংগ্ৰাম দুৰ্বল কৰে। 

লালু প্রসাদ যাদবে লগতে কয় যে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ কার্যকলাপ, দায়িত্বহীন আচৰণ তেওঁলোকৰ পৰিয়ালৰ মূল্যবোধৰ সৈতে একে নহয়। এতিয়াৰ পৰা দল আৰু পৰিয়ালত জ্যেষ্ঠ পুত্ৰৰ স্থান নাই বুলি লালু প্রসাদ যাদবে কয়। তেজ প্ৰতাপৰ কনিষ্ঠ ভাতৃ আৰু আৰ জে ডিৰ নেতা তেজস্বী যাদৱে কয় যে এনে কাৰ্য সহ্য কৰিব নোৱাৰি। ৰাজনৈতিক জীৱন আৰু ব্যক্তিগত জীৱনো পৃথক বুলি তেজস্বীয়ে কয়। লালু প্রসাদৰ কন্যা ৰোহিণী আচাৰ্যয়ো তেওঁৰ পিতৃৰ সিদ্ধান্তক আদৰণি জনাইছে । 

উল্লেখযোগ্য যে অলপতে তেজ প্রতাপ যাদৱে ছ'চিয়েল মিডিয়াত নিজৰ ব্যাক্তিগত জীৱনৰ বিষয়ে প্রকাশ কৰা তথ্যই বিতৰ্কৰ সূচনা কৰিছিল ৷


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত