--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি)ৰ নেতা তেজ প্ৰতাপ যাদৱক ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। আৰ জে ডিৰ প্ৰতিষ্ঠাপক লালু যাদৱে তেওঁৰ জ্যেষ্ঠ পুত্ৰক বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ব্যক্তিগত জীৱনত 'নৈতিক মূল্যবোধক অৱজ্ঞা'ই সামাজিক ন্যায়ৰ বাবে সম্প্ৰদায়ৰ সংগ্ৰাম দুৰ্বল কৰে। 

লালু প্রসাদ যাদবে লগতে কয় যে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ কার্যকলাপ, দায়িত্বহীন আচৰণ তেওঁলোকৰ পৰিয়ালৰ মূল্যবোধৰ সৈতে একে নহয়। এতিয়াৰ পৰা দল আৰু পৰিয়ালত জ্যেষ্ঠ পুত্ৰৰ স্থান নাই বুলি লালু প্রসাদ যাদবে কয়। তেজ প্ৰতাপৰ কনিষ্ঠ ভাতৃ আৰু আৰ জে ডিৰ নেতা তেজস্বী যাদৱে কয় যে এনে কাৰ্য সহ্য কৰিব নোৱাৰি। ৰাজনৈতিক জীৱন আৰু ব্যক্তিগত জীৱনো পৃথক বুলি তেজস্বীয়ে কয়। লালু প্রসাদৰ কন্যা ৰোহিণী আচাৰ্যয়ো তেওঁৰ পিতৃৰ সিদ্ধান্তক আদৰণি জনাইছে । 

উল্লেখযোগ্য যে অলপতে তেজ প্রতাপ যাদৱে ছ'চিয়েল মিডিয়াত নিজৰ ব্যাক্তিগত জীৱনৰ বিষয়ে প্রকাশ কৰা তথ্যই বিতৰ্কৰ সূচনা কৰিছিল ৷


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ