--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে এছিয়াৰ ভিতৰতে 'হাইটেক' কাৰাগাৰ হিচাবে পৰিচিত তিহাৰ কাৰাগাৰৰ প্ৰসংগ। মুছেৱালাক  হত্যাৰ ষড়যন্ত্ৰ   তিহাৰ কাৰাগাৰৰ ভিতৰতে  ৰচনা কৰা হৈছিল বুলি চৰ্চা চলিছে।
আদৰ্শ কাৰাগাৰ বুলি জানাজাত তিহাৰ কাৰাগাৰৰ ভিতৰত  চিচিটিভি কেমেৰা , এটা কম্পিউটাৰাইজড বন্দী ব্যৱস্থাপনা প্ৰণালী (পিএমএছ), ম'বাইল জেমাৰ, এক্স-ৰে স্কেনাৰ, মেটাল ডিটেক্টৰ আদি সকলো আছে। ইমানৰ পিছতো এই কাৰাগাৰতেই বহু হত্যাৰ ষড়যন্তৰ ৰচনা হৈছিল। কাৰাগাৰত বন্দী বহু কুখ্যাত অপৰাধীয়ে মুকলিমূৰীয়াক মোবাইল ফোন ব্যৱহাৰ কৰি হত্যাৰ ষড়যন্ত্ৰক বাস্তৱায়িত কৰিছিল। এনে বহু কথাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। কিন্তু প্ৰশ্ন হয় ইমান 'হাইটেক'কাৰাগাৰ খনৰ ভিতৰত বন্দী অপৰাধীয়ে মোবাইল ফোন পায় কিদৰে?

পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ ষড়যন্ত্ৰ তিহাৰ কাৰাগাৰৰ ভিতৰত কৰা হৈছিল বুলি জানিব পৰা গৈছে৷ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণোৰ দল আৰু গোল্ডি ব্ৰাৰে সিদ্ধু মুছেৱালাক হত্যাৰ কৰাৰ পূৰ্ণ সম্ভৱনা থকাৰ কথা আনকি আৰক্ষীয়েও প্ৰকাশ কৰিছে৷ দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰা লৰেন্স বিষ্ণোই বৰ্তমান আছে তিহাৰ কাৰাগাৰ ৮ নং কুঠৰীত।

কানাডাস্থিত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতে কাৰাগাৰৰ পৰা সংযোগ স্থাপনৰ বাবে মেচেজিং এপ ব্যৱহাৰ কৰাৰ অভিযোগত শ্বাহৰুখ নামৰ এজন সন্দেহজনক ব্যক্তিক কিছুদিন পূৰ্বে দিল্লী আৰক্ষীয়ে আটক কৰিছে৷ মুছেৱালাৰ হত্যাৰ বিষয়টোকলৈ দিল্লী আৰক্ষীৰ বিশেষ চেলে গোচৰটোত গেংষ্টাৰ বিষ্ণোই আৰু তেওঁৰ সহযোগী কালা জাথেদী আৰু কালা ৰাণাক সোধা-পোছা কৰি আছে। ২০২২ চনৰ মাৰ্চ মাহত কাৰাগাৰত থকা গেংষ্টাৰ সুনীল ওৰফে টিলু তাজপুৰিয়াৰ সহযোগী শেখৰ ৰাণা ওৰফে সন্নাতাক  গেংষ্টাৰ জীতেন্দ্ৰ গোগীৰ দলৰ সদস্যই গুলীয়াই হত্যা কৰিছিল। আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিছিল যে শেখৰ ৰাণাৰ হত্যাৰ ষড়যন্ত্ৰ তিহাৰ কাৰাগাৰৰ ভিতৰতে ৰচনা হৈছিল।

গেংষ্টাৰ জিতেন্দ্ৰৰ প্ৰাক্তন সহযোগী  ৰোহিতে সেই কথা পিছত স্বীকাৰো কৰিছিল আটাইতকৈ ডাঙৰ কথাটো হ'ল তিহাৰ কাৰাগাৰত বন্দী অপৰাধীসকলে কেনেকৈ  একোটা অপৰাধৰ পৰিকল্পনা কৰিবলৈ সক্ষম হয়। কাৰাগাৰৰ চৌহদত স্থাপন কৰা জেমাৰ আৰু ইলেক্ট্ৰনিক প্ৰণালীৰ কাৰ্যকৰীতাৰ ওপৰতো সেয়ে প্ৰশ্নবোধক চিহ্ন আহি পৰিছে।

কাৰাগাৰৰ  একাংশ বিষয়াৰ জৰিয়তেই যে বন্দী অপৰাধীয়ে মোবাইল ফোন লাভ কৰি আহিছে সেয়া একপ্ৰকাৰ নিশ্চিত। ২০২১ চনৰ আগষ্ট মাহত উদ্যোগপতি মুকেশ আম্বানীৰ মুম্বাইস্থিত ঘৰৰ বাহিৰত বোমাৰ ৰখাৰ বিষয়টো তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এন আই এ) দলে তিহাৰ কাৰাগাৰত বন্দী ইণ্ডিয়ান মুজাহিদীনৰ মুৰব্বী তেহচিন আখটাৰৰ পৰা দুটা চেল ফোন উদ্ধাৰ কৰিছিল।

সেই ফোনকেইটা আখটাৰে ২০২০ চনৰ অক্টোবৰ মাহৰ  পৰাই ব্যৱহাৰ কৰি আহিছিল। তিহাৰ কাৰাগাৰত বন্দীৰ হাতত মোবাইল ফোন থকাৰ কথাটোৱে নিৰাপত্তা সম্পৰ্কীয় একাধিক প্ৰশ্নৰ অৱতাৰণা  কৰিছে। তিহাৰ কাৰাগাৰ হৈছে উচ্চ-সুৰক্ষাযুক্ত কাৰাগাৰ। চৌহদৰ ভিতৰখন ফোন জেমাৰেৰে সজ্জিত।
দিল্লী চৰকাৰে ২০২২ চনৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ক জনাইছিল যে তিহাৰ কাৰাগাৰত মোবাইল চিগনেল জেমাৰ আৰু এক্স-ৰে বডী স্কেনাৰ স্থাপনৰ প্ৰক্ৰিয়া চলি আছে। আদালতে তিহাৰত নিৰাপত্তা ব্যৱস্থা  উন্নীতকৰণৰ বাবে এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

এক প্ৰতিবেদন অনুসৰি, তিহাৰ কাৰাগাৰৰ বিষয়াসকলে ২০২১ চনৰ নৱেম্বৰত ঘোষণা কৰিছিল যে চৌহদত তিনিটা মোবাইল ফোন জেমাৰ লগোৱা হৈছে৷ কাৰাগাৰৰ বিষয়াসকলৰ মতে, জেমাৰবোৰ উচ্চ-প্ৰযুক্তিৰ আৰু এইবোৰে যিকোনো মোবাইল ফোনৰ সংকেত প্ৰতিহত কৰিব পাৰে।

২০২২ চনৰ মে মাহতে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই তিহাৰ কাৰাগাৰৰ সহকাৰী অধীক্ষক প্ৰকাশ চান্দক গ্ৰেপ্তাৰ কৰে। কাৰাবন্দী প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰক অপৰাধ সংঘটিত কৰাত সহায় কৰাৰ অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২২ চনৰে ফেব্ৰুৱাৰী  মাহত কাৰাগাৰ খনৰ তিনিজন কৰ্মচাৰীক একে অভিযোগতে বদলি কৰা হৈছিল।

দিল্লী আৰক্ষীয়ে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষলৈ  লিখিছিল যে ৰোহিণী কাৰাগাৰৰ ৮২ জন কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ প্ৰয়োজন আছে। ২০২১ চনৰ নৱেম্বৰত, উচ্চতম ন্যায়ালয়ে তিহাৰ কাৰাগাৰৰ শেহতীয়া বিশৃংখল পৰিস্থিতিকলৈ উদ্বেগ প্ৰকাশ কৰিছিল।

আদালতে গৃহ মন্ত্ৰালয়ক তিহাৰ কাৰাগাৰৰ পৰিবেশ উন্নত তথা সুৰক্ষিত কৰাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছিল । ইমানৰ পিছতো এছিয়াৰ   ভিতৰতে 'হাইটেক' কাৰাগাৰ হিচাবে জনাজাত দিল্লীৰ তিহাৰ কাৰাগাৰ এতিয়াও হৈ আছে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ উপযুক্ত স্থান!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান