--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাজয়ৰ পাছত কেৱল দল হিচাপেই নহয়, দলৰ অধিনায়ক ৰোহিত শৰ্মাই আইপিএলত ব্যক্তিগতভাবে লজ্জাজনক অভিলেখ গঢ়িছে। চেন্নাইৰ বিৰুদ্ধে শূন্য ৰানতে পেভেলিয়নমুখী হয় হিটমেন ৰোহিত। ইয়াৰ লগে লগে আইপিএলত সৰ্বাধিক বাৰ শূন্য ৰানত আউট হোৱাৰো অভিলেখ গঢ়িছে ৰোহিত শৰ্মাই।

আইপিএলত সৰ্বাধিক ১৪ বাৰ শূন্য ৰানত আউট হৈছে ৰোহিত শৰ্মাই। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল হৰভজন সিং, পাৰ্থিৱ পেটেল, মনদীপ সিং আৰু পীয়ুষ চাওলাৰ নামত। চাৰিওজন বেটছমেনে আইপিএলত ১৩ বাৰ শূন্য ৰানত আউট হৈছিল। চলিত বৰ্ষতো আইপিএলত ৰোহিতৰ বেটত নাই ৰান। প্ৰথম সাতখন খেলত তেওঁ ক্ৰমান্বয়ে ৪১, ১০, ৩, ৩৬, ২৮, ৬ আৰু ০ ৰান সংগ্ৰহ কৰিছে। মুঠ ৰান মাত্ৰ ১১৪। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কজনৰ গঢ় ৰানৰেট ১৬.২৮।

মন কৰিবলগীয়া যে, বাওঁহতীয়া বলাৰসকলৰ সন্মুখত ৰোহিতৰ দুৰ্বলতা আকৌ এবাৰ দেখিবলৈ পোৱা গ’ল ধোনী বাহিনীৰ বিৰুদ্ধে। স্বাভাৱিকতে ৰোহিতৰ ক্ৰমাগত বিফলতাই উদ্বিগ্ন কৰি তুলিছে দলীয় সতীৰ্থক। দলটোৰ পৰাজয়ে এতিয়া আইপিএলৰ প্লে’অফত খেলাৰো যোগ্যতা হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত