--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে মহাকাশ যাত্রাত আকৌ ইতিহাস ৰচিবলৈ সাজু হৈছে। ভাৰতীয় বায়ু সেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই অহা মে' মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। এক্সিঅ'ম স্পে'চে আয়োজন কৰা তথা নাছাৰ দ্বাৰা অনুমোদিত ব্যক্তিগত খণ্ডৰ মহাকাশ যাত্রা এক্সিঅ'ম অভিযান-৪ত অংশগ্রহণ কৰিব শুক্লাই। 

ভাৰতৰ মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্রী ড° জিতেন্দ্ৰ সিঙে শুকুৰবাৰে এই কথা জনায়। ১৯৮৪ চনত ৰাকেশ শৰ্মাই ৰাছিয়াৰ ছয়ুজ যানেৰে মহাকাশ যাত্ৰা কৰাৰ চাৰি দশকৰ পাছত শুক্লা মহাকাশলৈ যোৱা দ্বিতীয় ভাৰতীয় হ'ব। মন্ত্রী ড° জিতেন্দ্র সিঙে এই অভিযানক ভাৰতৰ মহাকাশ যাত্রাত এক উল্লেখযোগ্য অধ্যায় আখ্যা দিয়ে। 

শুক্লাই যোৱা ৮ মাহ নাছা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী এক্সিঅ'ম স্পে'চত প্রশিক্ষণ গ্রহণ কৰি আছে। তেওঁক এই অভিযানৰ বাবে ভাৰতত বাছনি কৰিছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ')। মন্ত্ৰী সিঙে শুকুৰবাৰে আৰু কয় যে শুক্লাই হ'ব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমজন ভাৰতীয় তথা ব্যক্তিগত খণ্ডৰ অভিযানত যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ