--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে মহাকাশ যাত্রাত আকৌ ইতিহাস ৰচিবলৈ সাজু হৈছে। ভাৰতীয় বায়ু সেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই অহা মে' মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিব। এক্সিঅ'ম স্পে'চে আয়োজন কৰা তথা নাছাৰ দ্বাৰা অনুমোদিত ব্যক্তিগত খণ্ডৰ মহাকাশ যাত্রা এক্সিঅ'ম অভিযান-৪ত অংশগ্রহণ কৰিব শুক্লাই। 

ভাৰতৰ মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্রী ড° জিতেন্দ্ৰ সিঙে শুকুৰবাৰে এই কথা জনায়। ১৯৮৪ চনত ৰাকেশ শৰ্মাই ৰাছিয়াৰ ছয়ুজ যানেৰে মহাকাশ যাত্ৰা কৰাৰ চাৰি দশকৰ পাছত শুক্লা মহাকাশলৈ যোৱা দ্বিতীয় ভাৰতীয় হ'ব। মন্ত্রী ড° জিতেন্দ্র সিঙে এই অভিযানক ভাৰতৰ মহাকাশ যাত্রাত এক উল্লেখযোগ্য অধ্যায় আখ্যা দিয়ে। 

শুক্লাই যোৱা ৮ মাহ নাছা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী এক্সিঅ'ম স্পে'চত প্রশিক্ষণ গ্রহণ কৰি আছে। তেওঁক এই অভিযানৰ বাবে ভাৰতত বাছনি কৰিছিল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ')। মন্ত্ৰী সিঙে শুকুৰবাৰে আৰু কয় যে শুক্লাই হ'ব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমজন ভাৰতীয় তথা ব্যক্তিগত খণ্ডৰ অভিযানত যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ