--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অতি সম্প্ৰতি আমাৰ সন্মুখত যিখন ভাৰতৰ ছবি তুলি ধৰি হৈছে, সেই ভাৰতখন আমাৰ পৰিচিত ভাৰত হয়নে? আজিৰ ভাৰতখনেই মহাত্মা গান্ধীৰ সপোনৰ ভাৰত হয়নে? আঁঠুমূৰীয়া চুৰীয়া পিন্ধি পৃথিৱী ফুৰা এইগৰাকী মহামানৱে জানো কল্পনা কৰিছিল ধৰ্মক লৈ বিভাজিত এখন ভাৰতৰ! ৰামৰাজ্যৰ স্বপ্নদ্ৰষ্টা গান্ধীয়ে ভাবিবও পাৰিছিল নে এইখন ভাৰততেই এদিন মানুহৰ একান্ত ব্যক্তিগত বিষয় ধৰ্মৰ বাবেই তেজৰ ফাঁকু খেলিব মানুহে? আৰু, সেয়াই যেন এতিয়া ৰূঢ় বাস্তৱ!

পূৰ্বপুৰুষসকলৰ আদৰ্শ, দৰ্শনক সন্মান কৰিব নোৱৰা এখন ৰাষ্ট্ৰ অৱশেষত ধ্বংসৰ গৰাহলৈ ক্ৰমশঃ গতি কৰিছে৷ জানুৱাৰী মাহ চলি আছে। পুহমহীয়া শীত৷ এদিন সূৰ্য নোলালেই আয়াসত আমি উমাল কাপোৰৰ উম লওঁ৷ আৰু, এনেকুৱা এটা দিনতে লণ্ডনৰ ঠাণ্ডাত শৰীৰত এখন কাপোৰ মেৰিয়াই ঘূৰি ফুৰিছিল আমাৰ গান্ধী৷ ভাৰতত সাংবিধানিক সংস্কাৰৰ ওপৰত ভাৰতৰ দ্বিতীয় মেজমেলত অংশ ল’বলৈ গৈছিল মহাত্মা গান্ধী৷ খাদীৰ কাপোৰত মেৰিয়া এইগৰাকী খোজ কাঢ়ি কাঢ়ি গৈ আছিল, গৈ আছিল৷ কাৰ বাবে?


প্ৰতি ভাৰতীয় গৌৰৱান্বিত যে আমি এই মহাত্মাৰ দেশত জন্ম গ্ৰহণ কৰা ভাৰতীয়৷ যিগৰাকী মহাত্মাই জীৱনকালতেই কৈ গৈছিল মোৰ জীৱনেই হ’ব মোৰ বাণী৷ সততা আৰু অহিংসাৰ বীজমন্ত্ৰৰে উদ্বুদ্ধ কৰিছিল বিশ্ব নাগৰিকক৷ উইলষ্টন চাৰ্চিলে ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীক অভিহিত কৰিছিল ‘ফকীৰ’ হিচাপে৷ আৰু, এদিন ফকীৰেই আনিছিল ন্যায়ৰ শুভবাৰ্তাৰ পোহৰ৷ পৃথিৱীক দেখুৱাই দিছিল সততা আৰু অহিংসাৰ শক্তি৷ যি ব্ৰিটিছে উপলুঙা কৰিছিল এদিন, সেই ব্ৰিটিছেই মান্যতা দিছিল গান্ধীৰ নীতিক৷


দিন যিমানেই গৈছে, সিমানেই বিশ্বব্যাপী মহাত্মা গান্ধীৰ প্ৰাসংগিকতা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ইখনৰ পাছত সিখন দেশত নিৰ্মাণ হ’বলৈ লৈছে গান্ধীৰ প্ৰতিমূৰ্তি৷ গান্ধীৰ আদৰ্শৰ সুৰ শুনা গৈছে ৰিণি ৰিণি বিশ্বৰ বুকুত৷ অথচ, ভাৰতত চলিছে মহাত্মা গান্ধীক অপ্ৰাসংগিক কৰিব খোজাৰ ব্যৰ্থ প্ৰয়াস৷ গান্ধীৰ সলনি গান্ধীৰ হত্যাকাৰী নাথুৰাম গডচেৰ পূজা চলিছে নতুন ভাৰতত৷ গান্ধীবাদক নস্যাৎ কৰি জাপি দিব খোজা হৈছে দেশপ্ৰেমৰ নতুন সংজ্ঞা৷ যিমানেই গান্ধীক নস্যাৎ কৰি ঢাকি ৰাখিব খোজা হৈছে, সিমানেই গান্ধী উদ্ভাসিত হৈছে নতুন ৰঙেৰে, নতুন ৰ’দেৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম