--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অতি সম্প্ৰতি আমাৰ সন্মুখত যিখন ভাৰতৰ ছবি তুলি ধৰি হৈছে, সেই ভাৰতখন আমাৰ পৰিচিত ভাৰত হয়নে? আজিৰ ভাৰতখনেই মহাত্মা গান্ধীৰ সপোনৰ ভাৰত হয়নে? আঁঠুমূৰীয়া চুৰীয়া পিন্ধি পৃথিৱী ফুৰা এইগৰাকী মহামানৱে জানো কল্পনা কৰিছিল ধৰ্মক লৈ বিভাজিত এখন ভাৰতৰ! ৰামৰাজ্যৰ স্বপ্নদ্ৰষ্টা গান্ধীয়ে ভাবিবও পাৰিছিল নে এইখন ভাৰততেই এদিন মানুহৰ একান্ত ব্যক্তিগত বিষয় ধৰ্মৰ বাবেই তেজৰ ফাঁকু খেলিব মানুহে? আৰু, সেয়াই যেন এতিয়া ৰূঢ় বাস্তৱ!

পূৰ্বপুৰুষসকলৰ আদৰ্শ, দৰ্শনক সন্মান কৰিব নোৱৰা এখন ৰাষ্ট্ৰ অৱশেষত ধ্বংসৰ গৰাহলৈ ক্ৰমশঃ গতি কৰিছে৷ জানুৱাৰী মাহ চলি আছে। পুহমহীয়া শীত৷ এদিন সূৰ্য নোলালেই আয়াসত আমি উমাল কাপোৰৰ উম লওঁ৷ আৰু, এনেকুৱা এটা দিনতে লণ্ডনৰ ঠাণ্ডাত শৰীৰত এখন কাপোৰ মেৰিয়াই ঘূৰি ফুৰিছিল আমাৰ গান্ধী৷ ভাৰতত সাংবিধানিক সংস্কাৰৰ ওপৰত ভাৰতৰ দ্বিতীয় মেজমেলত অংশ ল’বলৈ গৈছিল মহাত্মা গান্ধী৷ খাদীৰ কাপোৰত মেৰিয়া এইগৰাকী খোজ কাঢ়ি কাঢ়ি গৈ আছিল, গৈ আছিল৷ কাৰ বাবে?


প্ৰতি ভাৰতীয় গৌৰৱান্বিত যে আমি এই মহাত্মাৰ দেশত জন্ম গ্ৰহণ কৰা ভাৰতীয়৷ যিগৰাকী মহাত্মাই জীৱনকালতেই কৈ গৈছিল মোৰ জীৱনেই হ’ব মোৰ বাণী৷ সততা আৰু অহিংসাৰ বীজমন্ত্ৰৰে উদ্বুদ্ধ কৰিছিল বিশ্ব নাগৰিকক৷ উইলষ্টন চাৰ্চিলে ১৯৩১ চনৰ দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীক অভিহিত কৰিছিল ‘ফকীৰ’ হিচাপে৷ আৰু, এদিন ফকীৰেই আনিছিল ন্যায়ৰ শুভবাৰ্তাৰ পোহৰ৷ পৃথিৱীক দেখুৱাই দিছিল সততা আৰু অহিংসাৰ শক্তি৷ যি ব্ৰিটিছে উপলুঙা কৰিছিল এদিন, সেই ব্ৰিটিছেই মান্যতা দিছিল গান্ধীৰ নীতিক৷


দিন যিমানেই গৈছে, সিমানেই বিশ্বব্যাপী মহাত্মা গান্ধীৰ প্ৰাসংগিকতা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ইখনৰ পাছত সিখন দেশত নিৰ্মাণ হ’বলৈ লৈছে গান্ধীৰ প্ৰতিমূৰ্তি৷ গান্ধীৰ আদৰ্শৰ সুৰ শুনা গৈছে ৰিণি ৰিণি বিশ্বৰ বুকুত৷ অথচ, ভাৰতত চলিছে মহাত্মা গান্ধীক অপ্ৰাসংগিক কৰিব খোজাৰ ব্যৰ্থ প্ৰয়াস৷ গান্ধীৰ সলনি গান্ধীৰ হত্যাকাৰী নাথুৰাম গডচেৰ পূজা চলিছে নতুন ভাৰতত৷ গান্ধীবাদক নস্যাৎ কৰি জাপি দিব খোজা হৈছে দেশপ্ৰেমৰ নতুন সংজ্ঞা৷ যিমানেই গান্ধীক নস্যাৎ কৰি ঢাকি ৰাখিব খোজা হৈছে, সিমানেই গান্ধী উদ্ভাসিত হৈছে নতুন ৰঙেৰে, নতুন ৰ’দেৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক