--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বব্যাপী ত্ৰাসৰ কাৰণ হৈ পৰা ক’ভিডৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই। বৰং এটাৰ পাছত আনটো নতুন ভেৰিয়েণ্টে বৃদ্ধি কৰিছে জনসাধাৰণৰ উদ্বিগ্নতা। বহুতৰ বাবে নৱপৰিচিত কিছুমান ধাৰণা হৈ পৰিছিল চিৰদিনৰ বাবে চিনাকী। এইবোৰৰ ভিতৰত লকডাউন, কোৱাৰেণ্টাইন, কাৰ্ফিউ আদি অন্যতম। প্ৰথমে আচহুৱা যেন লাগিলেও ক্ৰমাগতভাৱে পৰিস্থিতিৰ সৈতে অভ্যস্ত হৈ পৰিছিল সকলো। মুখৰ মাস্ক, পকেটৰ ছেনিটাইজাৰ, দুগজ দূৰত্ব আদি অভ্যাসত পৰিণত হৈ পৰিছিল। ক’ভিড মহামাৰীৰ পৰা নিজকে নিলগাই ৰাখিবলৈ প্ৰত্যেকেই সন্ত্ৰস্ত আছিল। দীৰ্ঘদিনীয়া এই অভ্যাস এতিয়া স্বভাৱলৈ পৰিণত হ’ল।


ক’ভিডৰ পৰা নিজকে বচাই ৰাখিবলৈ জনসাধাৰণে পালন কৰা নীতি-নিয়মবোৰে সলাই পেলোৱা অভ্যাসত এতিয়া বিশেষজ্ঞসকলে বিচাৰি পাইছে এক নতুন লক্ষণ। মনোবিজ্ঞানীসকলে এই লক্ষণক নাম দিছে কেভ ছিন্ড্ৰম বুলি।


ক’ভিডসৃষ্ট পৰিস্থিতিৰ পাছৰে পৰা কিছু ব্যক্তিয়ে সততে বহু আশংকা মনত কঢ়িয়াই লৈ ফুৰা দেখা যায়। ইয়াৰ আগতে মুক্তমনে ঘৰৰ বাহিৰত ফুৰা-চকা কৰা বহু ব্যক্তি এতিয়া আগৰ দৰে চলা-ফুৰা কৰিবলৈ অসহজবোধ কৰে। তেওঁৰ আশে-পাশে থকা কোনো ব্যক্তি অসুস্থ যেন বোধ কৰিলেই তেওঁ ক’ভিডত আক্ৰান্ত নেকি বুলি শংকাত ভোগা মানসিকতাও এতিয়া গঢ় লৈ উঠিছে। কেৱল এয়াই নহয়, ৰাজহুৱা স্থানত গোট খোৱা ব্যক্তিয়ে ভেকচিন গ্ৰহণ কৰিছেনে, ছাত্ৰ-ছাত্ৰীক স্কুললৈ পঠোৱা বাহনখন বা শ্ৰেণী কোঠাটো ছেনিটাইজ কৰিছেনে আদি ক’ভিড সংক্ৰান্তীয় অনেক প্ৰশ্ন কঢ়িয়াই ফুৰা অনেক ব্যক্তি দেখা গৈছে।


ক’ভিড সংক্ৰান্তীয় এনে মনঃস্তত্বক অধ্যয়ন কৰি বিশেষজ্ঞসকলে এনে শংকাক কেভ ছিন্ড্ৰম বুলি নামকৰণ কৰিছে। যি সাধাৰণ লোকৰ ক’ভিড প্ৰতিৰোধী মানসিকতাৰ ফলত গঢ় লৈ উঠিছে। এই লক্ষণে এজন ব্যক্তিক সহজভাৱে তেওঁৰ প্ৰতিৱেশী, সহকৰ্মী তথা চৌপাশৰ ব্যক্তিসকলৰ সৈতে মুক্তভাৱে সম্পৰ্ক গঢ়াত বাধা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক