--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বব্যাপী ত্ৰাসৰ কাৰণ হৈ পৰা ক’ভিডৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই। বৰং এটাৰ পাছত আনটো নতুন ভেৰিয়েণ্টে বৃদ্ধি কৰিছে জনসাধাৰণৰ উদ্বিগ্নতা। বহুতৰ বাবে নৱপৰিচিত কিছুমান ধাৰণা হৈ পৰিছিল চিৰদিনৰ বাবে চিনাকী। এইবোৰৰ ভিতৰত লকডাউন, কোৱাৰেণ্টাইন, কাৰ্ফিউ আদি অন্যতম। প্ৰথমে আচহুৱা যেন লাগিলেও ক্ৰমাগতভাৱে পৰিস্থিতিৰ সৈতে অভ্যস্ত হৈ পৰিছিল সকলো। মুখৰ মাস্ক, পকেটৰ ছেনিটাইজাৰ, দুগজ দূৰত্ব আদি অভ্যাসত পৰিণত হৈ পৰিছিল। ক’ভিড মহামাৰীৰ পৰা নিজকে নিলগাই ৰাখিবলৈ প্ৰত্যেকেই সন্ত্ৰস্ত আছিল। দীৰ্ঘদিনীয়া এই অভ্যাস এতিয়া স্বভাৱলৈ পৰিণত হ’ল।


ক’ভিডৰ পৰা নিজকে বচাই ৰাখিবলৈ জনসাধাৰণে পালন কৰা নীতি-নিয়মবোৰে সলাই পেলোৱা অভ্যাসত এতিয়া বিশেষজ্ঞসকলে বিচাৰি পাইছে এক নতুন লক্ষণ। মনোবিজ্ঞানীসকলে এই লক্ষণক নাম দিছে কেভ ছিন্ড্ৰম বুলি।


ক’ভিডসৃষ্ট পৰিস্থিতিৰ পাছৰে পৰা কিছু ব্যক্তিয়ে সততে বহু আশংকা মনত কঢ়িয়াই লৈ ফুৰা দেখা যায়। ইয়াৰ আগতে মুক্তমনে ঘৰৰ বাহিৰত ফুৰা-চকা কৰা বহু ব্যক্তি এতিয়া আগৰ দৰে চলা-ফুৰা কৰিবলৈ অসহজবোধ কৰে। তেওঁৰ আশে-পাশে থকা কোনো ব্যক্তি অসুস্থ যেন বোধ কৰিলেই তেওঁ ক’ভিডত আক্ৰান্ত নেকি বুলি শংকাত ভোগা মানসিকতাও এতিয়া গঢ় লৈ উঠিছে। কেৱল এয়াই নহয়, ৰাজহুৱা স্থানত গোট খোৱা ব্যক্তিয়ে ভেকচিন গ্ৰহণ কৰিছেনে, ছাত্ৰ-ছাত্ৰীক স্কুললৈ পঠোৱা বাহনখন বা শ্ৰেণী কোঠাটো ছেনিটাইজ কৰিছেনে আদি ক’ভিড সংক্ৰান্তীয় অনেক প্ৰশ্ন কঢ়িয়াই ফুৰা অনেক ব্যক্তি দেখা গৈছে।


ক’ভিড সংক্ৰান্তীয় এনে মনঃস্তত্বক অধ্যয়ন কৰি বিশেষজ্ঞসকলে এনে শংকাক কেভ ছিন্ড্ৰম বুলি নামকৰণ কৰিছে। যি সাধাৰণ লোকৰ ক’ভিড প্ৰতিৰোধী মানসিকতাৰ ফলত গঢ় লৈ উঠিছে। এই লক্ষণে এজন ব্যক্তিক সহজভাৱে তেওঁৰ প্ৰতিৱেশী, সহকৰ্মী তথা চৌপাশৰ ব্যক্তিসকলৰ সৈতে মুক্তভাৱে সম্পৰ্ক গঢ়াত বাধা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম