ডিজিটেল ডেস্ক: বিশ্বৰ 'তৃতীয় মেৰু' হিচাপে পৰিচিত হিমালয় পৰ্বতমালাৰ প্ৰতি গভীৰ ভাবুকি নামি আহিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে বর্ধিত উষ্ণতা, অনিয়মিত তুষাৰপাত, হিমবাহ সংকোচন আৰু মানৱসৃষ্ট বায়ু প্রদূষণে এছিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্রটোলৈ সংকট কঢ়িয়াই আনিছে।
পৰিৱেশ বিজ্ঞানী তথা প্রখ্যাত অধ্যাপক এছ পি সতীয়ে মন্তব্য কৰিছে এই বিশাল পৰিৱেশতন্ত্র, হিমালয়ৰ পৰিৱেশ দিনক দিনে অৱনতি ঘটিছে। জলবায়ু পৰিৱৰ্তন, সঘনাই সলনি হৈ থকা বতৰৰ ৰূপ আৰু প্ৰবল প্ৰদূষণৰ ফলত হিমালয় পর্বতমালাৰ অৱক্ষয় ঘটিছে। অধ্যাপক সতীয়ে কয়, 'আজিৰ তাৰিখত হিমালয় পর্বতমালা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জলবায়ু পৰিৱৰ্তন, বতৰৰ অভূতপূর্ব পৰিবৰ্তন আৰু প্লাষ্টিকৰ আৱৰ্জনাই প্রত্যক্ষভাৱে হিমালয়ৰ হিমবাহবোৰত বিৰূপ প্রভাৱ পেলাইছে।'
দেশৰ জলবায়ু বিজ্ঞানীসকলে সতর্ক কৰি দিছে যে কেবল হিমালয় পর্বতমালাতেই এই সংকট সীমাবদ্ধ হৈ থকা নাই। হিমালয়ৰ হিমবাহৰ পৰা এছিয়াৰ বহু নদী সৃষ্টি হৈছে আৰু হিমবাহবোৰ হৈছে নদীসমূহৰ জলধাৰাৰ উৎস। হিমালয়ৰ নামনি অংশৰ কোটি কোটি জনতা এই নদীসমূহৰ ওপৰত নিৰ্ভৰশীল। হিমালয় পর্বতমালাৰ হিমবাহবোৰ সংকুচিত হোৱাৰ ফলত নামনি অঞ্চলত ব্যাপক জল সংকটৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে। হিমালয়ৰ নামনি অংশৰ অঞ্চলবোৰত জল, কৃষি সংকট, বতৰৰ প্ৰকৃতি আৰু প্রাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। ইতিমধ্যে হিমালয় পর্বতমালাত থকা অঞ্চলবোৰত ভয়ানক প্রাকৃতিক দুর্যোগৰ ঘটনা প্রায়ে সংঘটিত হৈ আছে।
'বাডিয়া ইনষ্টিটিউট অব হিমালয়ান ইক 'লজি'ৰ জ্যেষ্ঠ বিজ্ঞানী তথা ভূতত্ত্ববিদ ড° মনীষ মেহতাই কয় যে হিমালয়ান বেল্টত পৰ্যটকৰ বিশাল পৰিমাণত আগমনে অঞ্চলবোৰলৈ ভাবুকি আনিছে। বিশেষকৈ উত্তাৰাখণ্ড, হিমাচল প্রদেশ আৰু লাডাখত প্রতি বছৰে বৃহৎসংখ্যক পর্যটকৰ আগমনে হিমালয়ান বেল্টৰ ৰাজ্যকেইখনত পৱৰ্তমালাটোৰ প্ৰতি গভীৰ সংকট কঢ়িয়াই আনিছে। ড° মেহতাই কয় যে পৰ্যটকৰ বোজা কঢ়িয়াব নোৱাৰা হৈছে হিমালয় পর্বতমালাই। বিশেষজ্ঞৰ মতে, হিমালয়ান অঞ্চলত প্রায় ১২ হাজাৰ সৰু-বৰ হিমবাহ আছে। কিন্তু অধিকাংশ হিমবাহৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে। অধ্যয়নত প্রকাশ পোৱা মতে, প্রতি বছৰে ১-২০ মিটাৰ পর্যন্ত হিমবাহবোৰ সংকুচিত হৈ আহিছে।
ড° মেহতাই কয় যে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈকে হিমবাহবোৰ সংকুচিত হ'বলৈ ধৰিছে। সকলোতকৈ উদ্বেগজনক বিষয়টো হৈছে তুষাৰপাতৰ ধৰণ সলনি হোৱাটো। পূৰ্বতে হিমবাহবোৰ একত্ৰিত হৈ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত হিমালয়ান অঞ্চলত প্রবল তুষাৰপাত হয়। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে বর্তমান সময়ত মার্চ, এপ্রিল আৰু মে' মাহতহে তুষাৰপাত হ'বলৈ ধৰিছে। বর্ধিত তাপমাত্রা, হিমবাহৰ সংকোচন আৰু মানৱসৃষ্ট প্রদূষণে হিমালয় পৰ্বতমালাৰ অস্তিত্ব বিপন্ন কৰাৰ উপক্রম হৈছে । উৎস: দৈনিক জনমভূমি