--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পৰিৱেশ বিজ্ঞানী তথা প্রখ্যাত অধ্যাপক এছ পি সতীয়ে মন্তব্য কৰিছে এই বিশাল পৰিৱেশতন্ত্র, হিমালয়ৰ পৰিৱেশ দিনক দিনে অৱনতি ঘটিছে।

ডিজিটেল ডেস্ক: বিশ্বৰ 'তৃতীয় মেৰু' হিচাপে পৰিচিত হিমালয় পৰ্বতমালাৰ প্ৰতি গভীৰ ভাবুকি নামি আহিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে বর্ধিত উষ্ণতা, অনিয়মিত তুষাৰপাত, হিমবাহ সংকোচন আৰু মানৱসৃষ্ট বায়ু প্রদূষণে এছিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্রটোলৈ সংকট কঢ়িয়াই আনিছে। 


পৰিৱেশ বিজ্ঞানী তথা প্রখ্যাত অধ্যাপক এছ পি সতীয়ে মন্তব্য কৰিছে এই বিশাল পৰিৱেশতন্ত্র, হিমালয়ৰ পৰিৱেশ দিনক দিনে অৱনতি ঘটিছে। জলবায়ু পৰিৱৰ্তন, সঘনাই সলনি হৈ থকা বতৰৰ ৰূপ আৰু প্ৰবল প্ৰদূষণৰ ফলত হিমালয় পর্বতমালাৰ অৱক্ষয় ঘটিছে। অধ্যাপক সতীয়ে কয়, 'আজিৰ তাৰিখত হিমালয় পর্বতমালা গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জলবায়ু পৰিৱৰ্তন, বতৰৰ অভূতপূর্ব পৰিবৰ্তন আৰু প্লাষ্টিকৰ আৱৰ্জনাই প্রত্যক্ষভাৱে হিমালয়ৰ হিমবাহবোৰত বিৰূপ প্রভাৱ পেলাইছে।' 


দেশৰ জলবায়ু বিজ্ঞানীসকলে সতর্ক কৰি দিছে যে কেবল হিমালয় পর্বতমালাতেই এই সংকট সীমাবদ্ধ হৈ থকা নাই। হিমালয়ৰ হিমবাহৰ পৰা এছিয়াৰ বহু নদী সৃষ্টি হৈছে আৰু হিমবাহবোৰ হৈছে নদীসমূহৰ জলধাৰাৰ উৎস। হিমালয়ৰ নামনি অংশৰ কোটি কোটি জনতা এই নদীসমূহৰ ওপৰত নিৰ্ভৰশীল। হিমালয় পর্বতমালাৰ হিমবাহবোৰ সংকুচিত হোৱাৰ ফলত নামনি অঞ্চলত ব্যাপক জল সংকটৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে বিজ্ঞানীসকলে। হিমালয়ৰ নামনি অংশৰ অঞ্চলবোৰত জল, কৃষি সংকট, বতৰৰ প্ৰকৃতি আৰু প্রাকৃতিক দুৰ্যোগৰ আশংকা কৰা হৈছে। ইতিমধ্যে হিমালয় পর্বতমালাত থকা অঞ্চলবোৰত ভয়ানক প্রাকৃতিক দুর্যোগৰ ঘটনা প্রায়ে সংঘটিত হৈ আছে। 


'বাডিয়া ইনষ্টিটিউট অব হিমালয়ান ইক 'লজি'ৰ জ্যেষ্ঠ বিজ্ঞানী তথা ভূতত্ত্ববিদ ড° মনীষ মেহতাই কয় যে হিমালয়ান বেল্টত পৰ্যটকৰ বিশাল পৰিমাণত আগমনে অঞ্চলবোৰলৈ ভাবুকি আনিছে। বিশেষকৈ উত্তাৰাখণ্ড, হিমাচল প্রদেশ আৰু লাডাখত প্রতি বছৰে বৃহৎসংখ্যক পর্যটকৰ আগমনে হিমালয়ান বেল্টৰ ৰাজ্যকেইখনত পৱৰ্তমালাটোৰ প্ৰতি গভীৰ সংকট কঢ়িয়াই আনিছে। ড° মেহতাই কয় যে পৰ্যটকৰ বোজা কঢ়িয়াব নোৱাৰা হৈছে হিমালয় পর্বতমালাই। বিশেষজ্ঞৰ মতে, হিমালয়ান অঞ্চলত প্রায় ১২ হাজাৰ সৰু-বৰ হিমবাহ আছে। কিন্তু অধিকাংশ হিমবাহৰ অস্তিত্বৰ প্ৰতি সংকট নামি আহিছে। অধ্যয়নত প্রকাশ পোৱা মতে, প্রতি বছৰে ১-২০ মিটাৰ পর্যন্ত হিমবাহবোৰ সংকুচিত হৈ আহিছে। 


ড° মেহতাই কয় যে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈকে হিমবাহবোৰ সংকুচিত হ'বলৈ ধৰিছে। সকলোতকৈ উদ্বেগজনক বিষয়টো হৈছে তুষাৰপাতৰ ধৰণ সলনি হোৱাটো। পূৰ্বতে হিমবাহবোৰ একত্ৰিত হৈ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত হিমালয়ান অঞ্চলত প্রবল তুষাৰপাত হয়। কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে বর্তমান সময়ত মার্চ, এপ্রিল আৰু মে' মাহতহে তুষাৰপাত হ'বলৈ ধৰিছে। বর্ধিত তাপমাত্রা, হিমবাহৰ সংকোচন আৰু মানৱসৃষ্ট প্রদূষণে হিমালয় পৰ্বতমালাৰ অস্তিত্ব বিপন্ন কৰাৰ উপক্রম হৈছে । উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ